Breaking News

আজি বোকাখাত নাট্য মন্দিৰত কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাতৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ কাজিৰঙা বঁটা প্ৰদান



অজন্তা তালুকদাৰ, বোকাখাতঃ আজি বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক 'ৰাইজৰ খবৰ'ৰ সপ্তদশ বৰ্ষপূৰ্তি উপলক্ষে সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, লগতে কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাত চমুকৈ কে এন এন বোকাখাতৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি 'কাজিৰঙা বঁটা প্ৰদান ২০২২' অনুষ্ঠিত হৈ যায়। এই উদ্দেশ্যে পুৱা শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱেশ শইকীয়াই আৰু স্মৃতি তৰ্পণ কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বাবুলাল মোৰ আৰু বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়াই। অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট ধাৰাভাষ্যকাৰ ৰূপজ্যোতি ভড়ালী আৰু কবি-সাংবাদিক অজন্তা তালুকদাৰে। স্মৃতি তৰ্পণ কাৰ্যসূচীত অনুষ্ঠানত প্ৰদান কৰিব লগীয়া বঁটা সমূহৰ দাতা পৰিয়ালৰ ইয়াৰ পাছতে সাংস্কৃতিক বিকাশ আৰু নাৰী অধিকাৰ মঞ্চ, বোকাখাতৰ লগতে স্থানীয় শিল্পী সকলে ক্ৰমে জাতীয় সংগীত আৰু প্ৰবীণ সংগীত শিল্পী জিতেন শৰ্মা ৰাজখোৱাৰ কথা আৰু সুৰেৰে ৰচিত সমবেত সংগীত পৰিৱেশন কৰে। লগতে বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পাছতে সদনৰ মতে 'সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভূমিকা আৰু স্থিতি গণতন্ত্ৰৰ বাবে ভাবুকি নহয়' বিষয়ক সদৌ অসম ভিত্তিত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ আদৰণি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। অনুষ্ঠানত 'ৰাইজৰ খবৰ' কাকতৰ সপ্তদশ বৰ্ষপূৰ্তি বিশেষ সংখ্যা উন্মোচন কৰি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই উন্মোচনী ভাষণ প্ৰদান কৰে। নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই প্ৰতিযোগিতা উদ্বোধন কৰি ভাষণ প্ৰদান কৰে। আদৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° কাজল শইকীয়া, ভৱেশ শইকীয়া, মহেন শইকীয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সহ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলি খাউণ্ড, বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, বোকাখাত চি এন বি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ দত্ত, প্ৰবীণ নাট্যকৰ্মী হৰি প্ৰসাদ বৰঠাকুৰ, অসমৰ বিশিষ্ট কবি-নাট্যকাৰ-নাট পৰিচালনা ৰফিকুল হোছেইন, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা আদি কৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি। বোকাখাত চি এন বি মহাবিদ্যালয়, কল্পতৰু একাডেমী, কমাৰগাঁও মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, যোৰহাট জে বি মহাবিদ্যালয়, বেষ্ট একাডেমী বোকাখাত, যোৰহাটৰ বাহনা মহাবিদ্যালয়, ডেৰগাঁৱৰ ডি কে ডি মহাবিদ্যালয়, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়, গোলাঘাটৰ হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়, নাজিৰাৰ ডি পি এচ, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰঙী মহাবিদ্যালয়, যোৰহাটৰ প্ৰজ্ঞা একাডেমী, ডি আৰ কলেজ, গোলাঘাটকে আদি কৰি ৰাজ্যখনৰ আগশাৰীৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিৰ পৰাস্নাতক পৰ্যায়লৈ ১৮ টা দলৰ প্ৰায় ৪০ গৰাকী তাৰ্কিকে অসমীয়া, ইংৰাজী দুয়োটা মাধ্যমতে প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। প্রথম শ্রেষ্ঠ দল- দৰং মহাবিদ্যালয় (মনোজ কুমাৰ বৰুৱা, হিমাঞ্চল দত্ত)লৈ মেহুৰাম বৰা সোঁৱৰণী বঁটা (মানপত্ৰ, বঁটা আৰু নগদ ধন ১০,০০০.০০ টকা, দাতাঃ অতুল বৰা, কেবিনেট মন্ত্রী, অসম চৰকাৰ), দ্বিতীয় শ্রেষ্ঠ দল - জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট (ৰৌণক ৰূপম পৰাশৰ, দিম্পীমণি দত্ত)লৈ জিতেন বৰুৱা সোঁৱৰণী বঁটা (মানপত্ৰ, বঁটা আৰু নগদ ধন ৭,০০০.০০ টকা, দাতা : প্ৰাঞ্জল বৰুৱা, ৱাৰ্ড কমিচনাৰ, বোকাখাত পৌৰসভা), তৃতীয় শ্রেষ্ঠ দল- দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় (দিব্যজ্যোতি নাথ, উৎপলজ্যোতি বৰা)লৈ উত্তম বৰদলৈ সোঁৱৰণী বঁটা (মানপত্ৰ, বঁটা আৰু নগদ ধন ৫,০০০.০০ টকা, দাতা : সুৱৰ্ণ শ‍ইকীয়া বৰদলৈ, সভানেত্রী, সদৌ অসম লেখিকা সমাৰোহ সমিতি) প্ৰদান কৰা হয়। আনহাতে ব্যক্তিগত ভাগত শ্রেষ্ঠ তার্কিক : নীলাভ নয়ন সন্দিকৈ (দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট)লৈ গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী বঁটা (মানপত্ৰ, বঁটা আৰু নগদ ধন ৫,০০০.০০ টকা, দাতা : আকাশ ফুকন, উপাধ্যক্ষ, অসম ক্রীড়া ব'ৰ্ড), দ্বিতীয় শ্রেষ্ঠ তার্কিকঃ অভিনৱ বৰগোহাঁই (নাজিৰা ডি পি এচ)লৈ নিৰুদাস তালুকদাৰ সোঁৱৰণী বঁটা (মানপত্ৰ, বঁটা আৰু নগদ ধন ৩,০০০.০০ টকা, দাতা : অজন্তা তালুকদাৰ, কবি, সাংবাদিক) প্ৰদান কৰা হয়। তৰ্ক প্ৰতিযোগিতাৰ তৰ্ক প্ৰতিযোগিতাৰ সদনৰ অধ্যক্ষৰ আসনত আছিল বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়া, বিচাৰকৰ আসনত আছিল ক্ৰমে দ্যা আছাম ট্ৰিবিউন কাকতৰ সাংবাদিক তথা বিশিষ্ট লেখক ড° সঞ্জয় হাজৰিকা আৰু দেইথৰ আদৰ্শ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক প্ৰিয়াংকু হাজৰিকা। আনহাতে একে অনুষ্ঠানতে অনুষ্ঠিত কাজিৰঙা নিউজ নেটৱৰ্কৰ "কাজিৰঙা বঁটা ২০২২" বঁটা ঊনবিংশতিতম্ বৰ্ষত প্ৰদ্যুত মহন্ত সোঁৱৰণি গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিকৰ বঁটা লাভ কৰিছে গোলাঘাট জিলা সৰুপথাৰৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক দ্বীপেন কুমাৰ বৰাই, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত নবীন সাহিত্য বঁটা লাভ কৰিছে দেৰগাঁৱৰ শিক্ষয়িত্ৰী, কবি, সাহিত্যিক অংকুৰিতা ফুকনে, সেইদৰে অসম ভিত্তিত ধনীল বৰঠাকুৰ সোঁৱৰণি শ্ৰেষ্ঠ সাংস্কৃতিক কর্মী বঁটা লাভ কৰিছে বোকাখাতৰ অভিনেতা, নাট্যকাৰ তথা পৰিচালক অমৰ শৰ্মাই, ডিম্বেশ্বৰ শ‍ইকীয়া সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা গোলাঘাট জিলা সৰুপথাৰৰ স্নেহা শইকীয়াই, মহেন্দ্ৰনাথ শ‍ইকীয়া সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলা ভিত্তিত সৰ্বোচ্চ নম্বৰ লাভ কৰা গোলাঘাটৰ ৰাস্না গগৈয়ে ৷ অনুষ্ঠানতে কে এন এন, বোকাখাতৰ বাৰ্ষিক পত্ৰিকা 'কাজিৰঙা'ৰ উন্মোচন কৰা হয়।

No comments