Breaking News

সত্ৰ কেৱল আধ্যাত্মিকতাত ব্যস্ত থাকিলেই নহব:: কুসুম কুমাৰ মহন্ত




গুৱাহাটী:  কোচ বিহাৰস্থিত মধুপুৰ সত্ৰৰ সদ্যপ্ৰয়াত সত্ৰাধিকাৰ লক্ষী কান্ত মহন্তৰ স্মৃতিত যোৱা ১৮ মাৰ্চত অসম সত্ৰ মহাসভাই এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্রধানীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কুমাৰ দীপক দাসে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই ভাষণ প্ৰসংগত প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ স্মৃতি ৰোমন্থন কৰি সত্ৰই এগৰাকী বিশিষ্ট বৈষ্ণৱ পণ্ডিতক হেৰুৱাব লগা হল বুলি শোক প্ৰকাশ কৰে।ভাষণ প্ৰসংগত তেওঁ মন্তব্য কৰে যে অসমৰ সত্ৰ সমূহে পূৰ্বাপৰ কেৱল আধ্যাত্মিক দিশটোতে গুৰুত্ব দি থাকিলে নহব। সত্ৰ সমূহে আজিৰ তাৰিখত সত্ৰ পৰিচালনাৰ পঞ্চতত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনাই সেইসমূহ ঘাইকৈ আধ্যাত্মিক, সাংস্কৃতিক, সাহিত্য, অৰ্থনৈতিক আৰু সামাজিক বুলি উল্লেখ কৰে। তেতিয়াহে এখন সত্ৰই পূৰ্ণাঙ্গ ৰূপত পৰিচালিত হয় বুলি তাৎপযৰ্পূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে। মৃত্যুতিথি উপলক্ষে নাম প্ৰসংগ , গায়ন_ বায়ন  আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ যোগ্য যে অসম সত্ৰ মহাসভাৰ শীৰ্ষ নেতৃত্ব অনুষ্ঠানৰ পাছতে কোচবিহাৰ জিলাৰ চান্দমাৰিৰ প্ৰফুল্ল অধিকাৰী আৰু স্থানীয় ৰাইজৰ লগত অসম সত্ৰ মহাসভাৰ বিষয়ে আলোচনাত মিলিত হয়।লগত অখিল মহন্ত আৰু কুশল কৈৱৰ্তই সহযোগ কৰে । আলোচনা মৰ্মে প্ৰফুল্ল অধিকাৰীয়ে নিজৰ ম্যাদি পটাৰ ১ বিঘা ভূমি এখন সত্ৰ স্থাপন কৰিবৰ বাবে অসম সত্ৰ মহাসভাক  দান দিয়ে।প্ৰফুল্ল অধিকাৰীৰ এই বদান্যতা অসম সত্ৰ মহাসভাই অনন্তকাল কৃতজ্ঞতাৰে স্মৰণ কৰিব বুলি প্ৰধান সম্পাদক জনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

No comments