Breaking News

চিৰাঙৰ বিজনীৰ দেউকুৰা পাৰৰ পৰা ৪ দিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে এগৰাকী ২০ বছৰীয়া যুৱক ।

নিৰুদিষ্ট যুৱক গৰাকী বঙাইগাঁও জিলাৰ ৪ নং জামদহা নিৱাসী মোহন ৰায়।

উল্লেখ্য ৪ নং জামদহাত বাসস্থান  হ'লেও নিৰুদিষ্ট মোহন ৰায়ে সৰহভাগ সময় বিজনীৰ ১ নং ছাতিয়ানগুৰীৰ মোমায়েকৰ ঘৰত দিন অতিবাহিত কৰি আহিছে।

১ নং ছাতিয়ানগুৰী নিৱাসী নিৰুদিষ্ট মোহন ৰায়ৰ মোমায়েক পেছাত কৃষক দেৱ প্ৰসাদ ৰায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্ত ভাগিন মোহনক যোৱা ১৬ মাৰ্চৰ সন্ধিয়া ৭ বজাত দেউকুৰা পাৰত দেখা গৈছিল।কিন্তু তাৰ পিছৰে পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে ভাগিন মোহন ৰায়।

নিৰুদিষ্ট মোহন সন্দৰ্ভত মোমায়েক দেৱ প্ৰসাদ ৰায়ে যোৱা ১৭ মাৰ্চত বিজনী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত যুৱক জনৰ কোনো শুংসুত্ৰ লাভ কৰা নাই বিজনীৰ আৰক্ষীয়ে ।

নেভী ব্লু ট্ৰেক আৰু নীলা জিনচ পৰিহিত ৫ ফুট ৩ ইঞ্চি উচ্চতাৰ বগা বৰণৰ নিৰুদিষ্ট মোহন ৰায় সন্দৰ্ভত কিবা সম্ভেদ লাভ কৰিলে 9365748487 নম্বৰৰ মোবাইল ফোন অথবা নিকটৱৰ্ত্তী আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ মোমায়েক দেৱ প্ৰসাদ ৰায়ে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে । 

No comments