Breaking News

হিন্দু ধৰ্ম মিছা কথাক ভিত্তি কৰি গঢ় লৈ উঠিছে! বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ এগৰাকী অভিনেতা



চেতন অহিংসা নামেৰে জনাজাত কানাড়া অভিনেতা চেতন কুমাৰক হিন্দুত্বৰ ওপৰত কৰা বিতৰ্কিত টুইট ভাইৰেল হোৱাৰ পিছতে বাংগালোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতাজনক।  "হিন্দুত্ব মিছাৰ ওপৰত নিৰ্মিত" বুলি কৰা বিতৰ্কিত টুইতে হিন্দুসকলৰ অনুভূতিক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় অভিনেতাজনক। বৰ্তমান বাংগালোৰৰ শ্বেশাদ্ৰীপুৰম আৰক্ষীয়ে জিম্মাত লৈছে চেতন কুমাৰক। অভিনেতাজন এখন জিলা আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছতেই ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যো ২০ মাৰ্চত এক টুইটযোগে চেতন কুমাৰে দাবী কৰে যে হিন্দুত্ব মিছা কথাৰ ওপৰত নিৰ্মিত।অভিনেতাজনে কৈছিল যে হিন্দুত্বক কেৱল সত্যৰ দ্বাৰা হে পৰাজিত কৰিব পাৰি।

তেওঁ টুইটটো প্ৰকাশ কৰাৰ কেইঘণ্টামান পিছতে, হিন্দু পন্থী সংগঠনবোৰে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু শ্বেশাদ্ৰীপুৰম আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হয়। এই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা অভিনেতাজনক।  ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত, তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণ দীক্ষিতৰ ওপৰত এটা আপত্তিজনক টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

No comments