Breaking News

এইবাৰ দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বাহিৰ ‘চাৰে জাঁহা চে আচ্ছা'ৰ স্ৰষ্টা


মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমজন আৰু বৰ্তমানলৈকে একমাত্র মহাকাশচাৰী ৰাকেশ শর্মাই যেতিয়া মহাকাশ ষ্টেচনৰ পৰা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে বার্তালাপ কৰিছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে ৰাকেশ শৰ্মাক সুধিছিল— মহাকাশৰ পৰা ভাৰতখন দেখাত কেনেকুৱা ? ৰাকেশ শৰ্মাই মহাকাশৰ পৰা ভাৰতৰ ৰূপ সম্পর্কে যিটো বাক্য কৈছিল, সেই বাক্যটো এতিয়া প্ৰবাদত পৰিণত হৈছে। ৰাকেশ শৰ্মাই ইন্দিৰা গান্ধীক কৈছিল— চাৰে জাঁহা চে আচ্ছা। গোটেই পৃথিৱীৰ ভিতৰত ধুনীয়া। ৰাকেশ শৰ্মাৰ উত্তৰে আপ্লুত কৰা ভাৰতবাসীয়ে দীৰ্ঘদিনৰ পৰা সেই বাক্য শুনি আহিছিল আৰু ব্যৱহাৰ কৰি আহিছিল। ৰবিশংকৰৰ সুৰ আৰু কোকিলকণ্ঠী লতা মংকেশকাৰৰ  কণ্ঠত ভাৰত বন্দনাৰ শ্ৰেষ্ঠতম গীতত পৰিণত হোৱাৰ পূৰ্বে ‘চাৰে জাঁহা চে আচ্ছা, হিন্দুস্তা হামাৰা' ব্ৰটিছৰাজত ভাৰতীয় আন্দোলনকাৰীৰ বাবে অনানুষ্ঠানিক ৰাষ্ট্ৰীয় সংগীতত পৰিণত হৈছিল। উর্দু ভাষাত ৰচনা কৰা এটা কবিতা আৰু পাছত দেশ বন্দনাৰ গীতলৈ ৰূপান্তৰ ঘটা চাৰে জাঁহা চে'ৰ স্ৰষ্টা আছিল মহম্মদ ইকবাল। ব্ৰিটিছৰাজত তেওঁ ভাৰতীয় কবি, দার্শনিক আৰু স্বৰাজোত্তৰ ভাৰতত তেওঁ পাকিস্তানী। দ্বিখণ্ডিত ভাৰতত ঘটনাবশতঃ পাকিস্তানী হৈ পৰা মহম্মদ ইকবালৰ উপৰিপুৰুষ, আনকি আজোককাকো আছিল কাশ্মীৰি পণ্ডিত। মহম্মদ ইকবাল পাকিস্তানী হ'লেও তেওঁৰ অমৰ সৃষ্টি 'চাৰে জাঁহা চে আচ্ছা' তেতিয়াও ভাৰতৰ আছিল, এতিয়াও। কিয়নো এই কবিতা বা গীতত কৰা হৈছে কেৱল ভাৰত-বন্দনা। পিছে অতি দুর্ভাগ্যজনকভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা মহম্মদ ইকবালৰ চিন-মোকাম নোহোৱা কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে সেই প্রখ্যাত উর্দু কবিৰ জীৱনী আৰু সাহিত্য ৰচনা সম্পর্কিত ‘ইকবাল : কমিউনিটি' অধ্যায়টো পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। কৰ্তনৰ কোনো কাৰণ একাডেমিক কাউন্সিলে জনোৱা নাই।

প্রথমে এনচিইআটিৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ অধ্যায় বাদ। তাৰ পাছত স্কুল আৰু কলেজৰ পাঠ্যপুথিত মহাত্মা গান্ধীৰ ভাৱধাৰা, মতামতত অস্ত্ৰোপচাৰ। একেসময়তে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক পাঠ্যপুথিত শুদ্ধিকৰণ আৰু আৰ এছ এছ সম্পর্কিত পাঠত সংশোধন। পর্যায়ক্রমে আৰু অতি পৰিকল্পিতভাৱে দেশৰ নতুন প্ৰজন্মক এক পৃথক আৰু  বাস্তববর্জিত ইতিহাস পাঠ্যক্ৰমত পঢ়িবলৈ বাধ্য কৰোৱা মোদী চৰকাৰে এইবাৰ পাকিস্তানী মহম্মদ ইকবালক একেকোবে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰি পেলালে । দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰৰ ৰাষ্ট্রবিজ্ঞান পাঠ্যক্ৰমৰ পৰা চাৰে জাঁহা চে আচ্ছা'ৰ স্ৰষ্টাৰ জীৱনী বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিলে বাদ দিয়াৰ এই সিদ্ধান্তই বিদ্বত সমাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহম্মদ ইকবালৰ আন অজস্ৰ সৃষ্টি বাদেই, কেৱল 'চাৰে জাঁহা আচ্ছা'ৰ বাবেই এই উর্দু কবি ভাৰতত অমৰ হৈ থাকিব পাৰে বুলি বিজ্ঞজনে মতামত দিছে। দিল্লী বিশ্ববিদ্যালয়ৰ 'মর্ডাণ ইণ্ডিয়ান পলিটিকেল থট' শিৰোনামৰ অধ্যায়নটো বিএ-ৰ ষষ্ঠ  ষাণ্মাষিকৰ অংশ আছিল। তাতে আছিল এই ঊর্দু কবিৰ জীৱনী, সাহিত্য-ৰচনা সম্পর্কীয় । ইকবালঃ কমিউনিটি' শীর্ষক অধ্যায়। সেই পাঠ্যক্ৰমৰ 'ইকবাল' অধ্যায় ছেদ কৰিলেও ৰামমোহন ৰায়, পণ্ডিত ৰমাবাই, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, বি আর আম্বেদকাৰ বিষয়ক অধ্যায় বাদ দিয়া নাই কেন্দ্ৰীয় চৰকাৰ নিয়ন্ত্ৰিত দিল্লী বিশ্ববিদ্যালয়ে।

       ১৮৭৭ চনত অবিভক্ত ভাৰতৰ শিয়ালকোটত জন্ম হোৱা মহম্মদ ইকবালৰ উপৰিপুৰুষ আছিল হিন্দু, কাশ্মীৰি পণ্ডিত। তেওঁলোকৰ পূৰ্বৰ ঘৰ আছিল জম্মু কাশ্মীৰৰ  কুলগামত। ১৯ শতিকাত শিখে জন্মু-কাশ্মীৰ দখল কৰাত ইকবালৰ আজোককাকে আনৰ সৈতে  অবিভক্ত ভাৰতৰ শিয়ালকোটলৈ প্ৰৱজন কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়াল  ইছলামলৈ ধৰ্মান্তৰিত হয়। মহম্মদ ইকবালে কেৱল কাশ্মীৰি আৰু উর্দু ভাষাহে জানিছিল । । তেওঁৰ মাক ইমাম বিবিও আছিল কাশ্মীৰি। শিয়ালকোটত ইছলাম ধৰ্মাৱলম্বীৰ সংখ্যা গৰিষ্ঠতা  থকাৰ বাবেই তেওঁলোকৰ পৰিয়াল ইছলামলৈ ধৰ্মান্তৰিত হোৱা বুলি ধাৰণা কৰা হয়। আজোককাকৰ দিনৰ পৰা মহম্মদ ইকবাললৈ পৰিয়ালৰ প্ৰত্যেকেই স্বাধীনতা সংগ্রামী আছিল। ১৯০৪ চনত মহম্মদ ইকবালে 'চাৰে জাঁহা চে আচ্ছা' লিখাৰ লগে লগেই এই কবিতা দখলদাৰী ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামীৰ প্ৰতিবাদৰ ভাষা আৰু দেশপ্ৰেমমূলক গীত হৈ পৰিছিল । তেতিয়া ‘চাৰে জাঁহা চে আচ্ছা' হৈ পৰিছিল ভাৰতৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় সংগীতস্বৰূপ। সেই ‘চাৰে জাঁহা চে আচ্ছা' এতিয়াও ভাৰতবাসীৰ বাবে শ্রেষ্ঠতম দেশপ্ৰেমৰ গীত। ইকবালক পাঠ্যপুথিৰ পৰা চৰকাৰে কৰ্তন কৰিলেও চাৰে জাঁহা চে আচ্ছা' ভাৰতবাসীৰ হৃদয়ত চিৰদিন থাকিব । 

No comments