Breaking News

আজিৰ পৰা ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ


ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এশিঙীয়া গঁড়ৰ একমাত্ৰ আৱাসভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ওৰাং ব্যাঘ্র প্রকল্পই ৰাজ্যবাসী,প্রকৃতিপ্ৰেমী ৰাইজ তথা প্রকৃতিপ্রেমী সংগঠনসমূহলৈ কঢ়িয়াই আনিছে এক শুভ বার্তা। ক’লাজ্বৰসদৃশ মাহামাৰীত প্ৰায় ১০৮ বছৰ পূৰ্বে উছন ঘটা একালৰ চুতীয়া জনগোষ্ঠীৰ বসতিস্থল কালৰ কুটিল পৰিক্ৰমাত পৰিত্যক্ত হোৱা গাঁও বৃটিছৰ শাসনকালত মানৱসৃষ্ট মৃগয়া বনলৈ ৰূপান্তৰ হয়। চৰকাৰী স্বীকৃতিৰে ক্রমশঃ মৃগয়াবন, জৈৱ বৈচিত্ৰ্যৰ বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ব্যাঘ্ৰ প্ৰকল্পলৈ উন্নীত হোৱা ৭৮.৮১ বর্গকিলোমিটাৰ পৰিব্যাপ্ত উদ্যানখনত অচিৰেই সংযোজিত হোৱাৰ পথত অতিৰিক্ত ২০০ বর্গকিলোমিটাৰ ভূমি। দৰং জিলাৰ বন সংমণ্ডল  প্ৰাধিকৰণ বিষয়া প্ৰদীপ্ত বৰুৱাৰ পৰা প্ৰাপ্ত খবৰ মতে উদ্যানৰ পূব প্ৰান্তৰৰ শোণিতপুৰ জিলাৰ ফালৰ পৰা (পাঁচনৈৰ পূবলৈ) ৭০ শতাংশ আৰু পশ্চিমে দৰং জিলাৰ পিনৰ পৰা ৩০ শতাংশ ভূমিৰে মুঠ প্রায় ২০০ বর্গকিলোমিটাৰ অতিৰিক্ত ভূমি উদ্যানখনৰ বৰ্তমানৰ  ৭৮.৮১ বর্গকিলোমিটাৰ পৰিব্যাপ্তিৰ জৈৱ বৈচিত্ৰ্যস্থিত ভূমিৰ সৈতে সংপৃক্ত হৈ ২৭৮.৮১ বর্গকিলোমিটাৰ বনাঞ্চললৈ নব্যৰূপান্তৰ হোৱাৰ পথ প্রশস্ত প্রায়। উল্লেখ্য, উদ্যানৰ পূবত শোণিতপুৰ জিলাত ৫,০০০ অবৈধ বেদখলকৰীয়ে আৰু দৰং জিলাত ১৫,০০০ অবৈধ বেদখলকাৰীয়ে বছৰ বছৰ ধৰি বাস কৰি উদ্যানখন সংকোচিত কৰি  ৰাখিছিল। বহুবাৰ বেদখলকাৰীসকল উদ্যানৰ এই বৃহৎ ভূমি এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছতো কেৰেপ নকৰি কাৰোবাৰ উচটনিত অংগুষ্ঠ দেখুৱাই লৰচৰ নকৰি একে ঠাইতে থাকি উদ্যানত চলাই আহিছে দুষ্কার্য। বিগত ৩০ এপ্রিলত বন বিভাগৰ তৰফৰ পৰা ই জাননীযোগে ১৫মে'ৰ ভিতৰত বেদখলকাৰীসকলক উদ্যানৰ বেদখলকৃত ভূমিত পৰিত্যাগ কৰি যাবলৈ শেষসীমা বান্ধি দিয়া হয়। অধিকাংশ লোকেই আঁতৰি গ'ল যদিও একাংশই কেৰেপ নকৰিলে। সেয়ে ২৮ আৰু ২৯ মে'ত শোণিতপুৰ জিলা প্রশাসনে ১১,০০০ বিঘা বেদখলী ভূমিত আৰু ৩০, ৩১মে' আৰু ১জুনত দৰং জিলা প্রশাসনে ১০,০০০ বিঘা বেদখলী ভূমিত উচ্ছেদ অভিযান চলাবলৈ শক্তিশালী ৰূপত সাজু হৈ পৰিছে। সংযোগ হ'বলগীয়া এই ২০০ বৰ্গকিলোমিটাৰ ভূমি প্রাপ্তিৰ সন্দৰ্ভত ইতিমধ্যে ৰাজপত্ৰ জাননী প্রকাশ (Gazette Notification) হৈছে। মাত্র দুই জিলা প্রশাসনে বনাঞ্চল বিভাগ তথা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক এই ভূমি হস্তান্তৰ যদি কৰিবলৈ প্ৰক্ৰিয়া বাকী। ২০১৬ বৰ্ষত  ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত হোৱা ১২৫ টা এশিঙীয়া গঁড়, ২৪ টাঢেকীয়াপতীয় বাঘ, ১২০ টা নলগাহৰি,সহস্ৰাধিক হৰিণ, অজগৰ, গুইসাপ, বিচিত্ৰ পখিলা, বৰ্ণিল প্ৰজাতিৰ পক্ষীৰ আশ্রয়স্থলী, মূল্যবান গছ-গছনি তৰু-তৃণৰ প্ৰাপ্তিস্থল, পিপলি ছেং, কাছ, ডুৰা, অন্যান্য দুষ্প্রাপ্য মাছ, জলচৰ প্ৰণীৰ সূচল বিল, পুখুৰী আদিৰ সমাহাৰেৰে পৰিপূৰ্ণ উদ্যানখনৰ ভিতৰভাগ।

No comments