Breaking News

বিৰোধীৰ বৰ্জনৰ মাজতে আজি প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে ৮৬২ কোটি টকা ব্যয়েৰে নিৰ্মিত সংসদ ভৱন


স্বাধীনতাৰ অমৃত কালত আজি দেশে লাভ কৰিলে এক নতুন সংসদ ভবন। পূৰ্বৰ শাসক ব্ৰিটিছে নিৰ্মাণ কৰা সংসদ ভৱনৰ পৰিবর্তে নতুন সংসদ ভৱনত এতিয়াৰে পৰা আইন প্ৰণয়নৰ সুযোগ লাভ কৰিব সাংসদসকলে । নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ পদাৰ্পণৰ পিচতেই পূজা আৰু যজ্ঞৰে আৰম্ভ হয় উদ্বোধনী অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ কক্ষত প্ৰৱেশ কৰি অধ্যক্ষৰ আসনৰ কাষত তামিল পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু ধ্বনিৰ মাজত স্থাপন কৰে তামিল ৰাজ পৰম্পৰাৰ ছেঙল, অর্থাৎ ৰাজদণ্ড। এই অনুষ্ঠানৰ পিচতে অনুষ্ঠিত হয় প্রার্থনা  অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানৰ দ্বিতীয় পৰ্ব প্ৰধানমন্ত্ৰীৰ আগমনৰ পিচত ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হয়।তাৰ পিছতেই ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু  আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বাণী পাঠ কৰে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশই। ৰাজ্যসভাৰ বিৰোধী নেতাৰ ভাষণৰ পিচতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ আৰু তাৰ পিছতেই প্ৰধানমন্ত্রীয়ে ৭৫ পইচাৰ মুদ্ৰা আৰু স্মাৰক ডাক টিকট উন্মোচন কৰে। প্রধানমন্ত্ৰীৰ ভাষণৰ পিচতে দিনৰ প্ৰায় ২ বজাত অন্ত পৰে এই উদ্বোধনী অনুষ্ঠান। চাৰিমহলীয়া ত্রিভুজাকাৰ সংসদ ভৱনটো ৮৬২ কোটি টকা ব্যয়েৰে ২৯ মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে টাটা প্রপার্টিজ লিমিটেডে, নক্সা স্থপতি বিমল পেটেলৰ। ২০২০ চনৰ ১ অক্টোবৰত শিলান্যাস হোৱা ই নতুন সংসদ ভৱন নিৰ্মাণ সম্পূর্ণ হয় ২০ মে'ত। ৩৯.৬ মিটাৰ উচ্চতাৰ এই ভৱনটোত লোকসভাৰ কক্ষত ১২৭২ সাংসদে একেলগে বহাৰ সুবিধা আছে, কিয়নো সংসদৰ যুটীয়া অধিৱেশন অনুষ্ঠিত হ'ব লোকসভাত। সাধাৰণ অৱস্থাত লোকসভাত থাকিব ৮৮৮ খন আৰু উচ্চ সদন ৰাজ্যসভাত ৩৮৪ খন আসন। ৬৪,৫০০ বর্গমিটাৰ এলেকাৰ নতুন সংসদ ভৱনটোত আছে তিনিখন মূল দুৱাৰ। এই দুৱাৰকেইখনক জ্ঞান দ্বাৰ, শক্তি দ্বাৰ আৰু কৰ্ম দ্বাৰ নামেৰে নামকৰণ কৰা হৈছে। চেণ্ট্ৰেল নাৰ ভিষ্টা পুনর্বিকাশ প্রকল্প হিচাপে নিৰ্মাণ হোৱা নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা ৭৫০ মিটাৰ বি দূৰত্বত অৱস্থিত। সংসদ ভৱনটোক বেৰি আছে বিজয় চ’ক, ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, উপ- জট ৰাষ্ট্ৰপতিৰ বাসভৱন, হায়দাবাদ হাউছ, সচিবালয় ভৱন, প্রধানমন্ত্ৰীৰ কাৰ্যালয় ভৱন আৰু ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ প্ৰশাসনীয় ভৱনসমূহ।

      ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত' দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা নতুন সংসদ ভৱনত দেশৰ সকলো অংশকে সমানে প্রতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰা হৈছে। নতুন সংসদ ভৱনত উজ্জীৱিত হৈ উঠিছে দেশৰ পুৰাতন সংস্কৃতি। নির্মাণ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে দেশখনৰ বিভিন্ন এলেকাৰ পৰা। মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা অনা চেগুন কাঠ, ত্ৰিপুৰাৰ পৰা বাঁহৰ ফ্লৰিং, ৰাজস্থানৰ চাবমাথুৰাৰ পৰা ৰঙা আৰু বগা মাৰ্বল, দমন আৰু ডিউৰ পৰা ৰাজ্যসভা-লোকসভাৰ বাবে ফলছ চিলিঙৰ সামগ্ৰী, মির্জাপুৰৰ কার্পেট, উদয়পুৰৰ কেশৰীয়া সেউজীয়া মাৰ্বল, হাৰিয়ানা-উত্তৰ প্ৰদেশৰ পোৰা ইটা, ৰাজস্থান-উত্তৰ প্ৰদেশৰ নয়দাৰ বিশেষ জালি, ৰাজস্থানৰ কটপুতলীৰ শিল্পৰ ভাস্কৰ্যৰে নিৰ্মাণ কৰা হৈছে সুদৃশ্য সংসদ ভৱনটো। কংগ্ৰেছকে ধৰি কুৰিটাকৈ বিৰোধী দলে বৰ্জন কৰাৰ বিপৰীতে আন ২৫ টা দলে অংশগ্ৰহণ কৰে আজিৰ উদ্বোধনী অনুষ্ঠানত।

No comments