Breaking News

শিলনীজান শাখা কবি সন্মিলনৰ কাব্যানুষ্ঠান আৰু পত্রিকা উন্মোচন


সদৌ অসম কবি সন্মিলনৰ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অন্তৰ্গত শিলনীজান শাখা কবি সন্মিলনৰ প্ৰতিমাহৰ চতুৰ্থ শনিবাৰে অনুষ্ঠিত হৈ অহা কবিতাৰ অনুষ্ঠান আৰু প্ৰতি চাৰিমাহৰ মূৰে মূৰে প্ৰকাশ কৰি অহা কব্যপত্রিকা “কুঁহি” উন্মোচন কৰা হয়। আজি ২৭/০৫/২০২৩ তাৰিখ শনিবাৰে পুৰণা শিলনীজান মধ্য ইংৰাজী বিদ্যালয়ত বিয়লি ২ বজাৰ পৰা আনুষ্ঠিত হোৱা সভাত। সভাত সভাপতিত্ব কৰে শাখাৰ স্থায়ী সভাপতি শ্ৰীযুত  নিৰ্মল  সিং ডাঙৰীয়াই । কাব্যপত্রিকা “কুঁহি” উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি শ্রদ্ধাৰ শ্ৰীযুত দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াই । কাব্যপুথিখন উন্মোচনৰ পাছত উন্মোচকৰ একাষাৰত শৰ্মা ডাঙৰীয়াই কাব্যপত্রিকা খনৰ ওপৰত দুআষাৰ কোৱাৰ লগতে শাখাৰ উন্নয়নৰ বাবে দিহা পৰামৰ্শ আগবঢ়াই। প্ৰকাশ হ’ব লগীয়া পৰৱৰ্তী পত্রিকাৰ খৰচ আগবঢ়াম বুলিও তেখেতে আজিৰ সভাতে অৱগত কৰে । আজিৰ সভাত প্ৰায় ত্রিশ জনৰো অধিক কাব্যানুৰাগীৰ উপস্থিতিত এখন গাম্ভীৰ্য্য পূৰ্ণ  সভা অনুষ্ঠিত হ’য় । কেইবা জনো নতুন সদস্য আজিৰ সভাতে অন্তৰ্ভুক্ত হয় । আজিৰ সভাত  শাখাৰ জেষ্ঠা সদস্যা শ্রীযুতা অমিপ্ৰভা গোস্বামী বাইদেউ , জেষ্ঠ সদস্য শ্রীযুত সুলভ হৰপাল, শ্ৰীযুত ছবিলাল চুব্বা আৰু অতিথি শ্রীযুতা দিপালী শৰ্মা বাইদেৱে সুন্দৰ গীত প্ৰদৰ্শন কৰে । শ্রীযুতা দিপালী শৰ্মা  বাইদেৱে পত্রিকাখন আৰু শাখাটো কেনেকৈ আগবঢ়াই নিব পাৰি তাৰো দিহা-পৰামৰ্শ আগবঢ়ায় ।আজিৰ সভাত বিভিন্ন গঠন মুলক আলোচনা হয়। সভাপতিৰ ভাষণৰ অন্তত কাব্যমন্ত্র পাঠেৰে সভাৰ সামৰণি পৰে ।  

No comments