Breaking News

বিশ্ব স্বাস্থ্য সংস্থাই সতর্ক কৰা 'ডিজিজ এক্স' কিমান ভয়াবহ

 


শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ পাছত আৰু এক মাৰাত্মক অতিমাৰীৰ বাবে বিশ্ববাসীক প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনাইছে ‘হু’ অর্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই। ‘হু’ৱে দাবী কৰা অনুসৰি নতুন যিটো অতিমাৰীয়ে বিশ্বত সংহাৰ সৃষ্টি কৰিব সেই অতিমাৰী ক’ভিডৰ তুলনাত বহুগুণ মাৰাত্মক হ'ব। ‘হু’ৱে এই ভৱিষ্যদ্বাণী কৰাৰ পাছত স্বাভাৱিকতে সমগ্র বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে। এই অতিমাৰী কি আৰু কেনে হ'ব সেই লৈ কৌতুহলৰো সৃষ্টি হৈছে। 'হু'ৰ বিজ্ঞানীসকলে কৰা এই আশংকাৰ কথা ৰাজহুৱা কৰিছে ‘হু’ৰ মুৰব্বীয়ে। অনাগত দিনত কি কি ৰোগ অতিমাৰীৰ কাৰণ হ'ব পাৰে তাৰ এখন তালিকা ‘হুৰ বিজ্ঞানীসকলে প্রস্তুত কৰিছে। উল্লেখ্য, ক’ভিড আচম্বিতে আহিছিল আৰু খুব কম সময়ৰ ভিতৰত ই অতিমাৰীত পৰিণত হৈ বিশ্বজুৰি সংহাৰৰ সৃষ্টি কৰিছিল। তাৰ বাবে কোনো প্ৰস্তুত হৈ থকা নাছিল । আনকি ‘হু’ৱে এই সন্দৰ্ভত কোনো আগতীয়া বাৰ্তা প্ৰদান কৰিব পৰা নাছিল। ফলত ক’ভিডে মাৰাত্মক ৰূপ লৈ অভাৱনীয় ৰূপত সংহাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ক’ভিডৰ সেই সংহাৰৰ কথা মনত ৰাখি ‘হু’ৱে এতিয়া অতিমাৰীৰ সৃষ্টি কৰিব পৰা সম্ভাৱ্য ৰোগসমূহৰ তালিকা তৈয়াৰ কৰিছে। তাৰ ভিতৰত আছে ইবোলা, জিকা, ছাছ আদি ৰোগৰ নাম। কিন্তু ‘হু’ৱে তৈয়াৰ কৰা তালিকাত উল্লেখ কৰা হৈছে সবাতোকৈ ভয়ংকৰ হ'ব ডিজিজ 'এক্স'। এই ডিজিজ এক্স কি সেই লৈ স্বাভাৱিকতে চিন্তাৰ উদ্ৰেক ঘটিছে। ‘হু’ৱে জনোৱা অনুসৰি ভৱিষ্যতে মানুহৰ মাজত সংক্ৰমিত হ'ব পৰা এনে এক অজান ৰোগকে ‘হু’ৰ বিজ্ঞানীয়ে ডিজিজ এক্স হিচাপে অভিহিত কৰিছে। ‘হু’ৱে প্ৰকাশ কৰা অনুসৰি এই ৰোগৰ প্রকৃতিও জুনোটিক হ'ব । অৰ্থাৎ এই ৰোগ সংক্রমিত হ'ব বন্যপ্ৰাণীৰ দেহৰ পৰা। প্রথমে এই ৰোগৰ অস্তিত্ব বন্যপ্ৰাণীৰ দেহত পোৱা যাব আৰু ক্ৰমাৎ ই বিয়পি পৰিব মানুহৰ দেহত। ‘হু’ৱে তৈয়াৰ কৰা ব্লু-প্ৰিণ্টত মুঠতে এনে দহবিধ ৰোগৰ নাম আছে। তাৰে দহ নম্বৰত আছে ডিজিজ এক্সৰ নাম। ২০১৮ চনত ‘হু’ৱে তৈয়াৰ কৰা এখন ব্লুপ্রিন্টত ন বিধ ভাইৰাছজনিত ৰোগৰ নাম উল্লেখ কৰিছিল, য'ত ডিজিজ এক্সৰ বিষয়ে উল্লেখ কৰা হৈছিল। ‘হু’ৱে তৈয়াৰ কৰা তালিকাত বিশেষভাৱে ডিজিজ এক্সৰ কথা কোৱা হৈছিল। ‘হু’ৱে জনাইছিল, পশুৰ শৰীৰৰ পৰা যিবোৰ ভাইৰাছজনিত ৰোগৰ সংক্ৰমণ হৈছে, যেনে ইনফ্লুৱেঞ্জা, ৰেবিছ, ব্লুছেল'ছিছ, লাইম ডিজিজ ইত্যাদিৰ দৰে ডিজিজ এক্সো অনুৰূপ হ'ব। পাঁচ বছৰ পূৰ্বে ‘হু’ৰ ‘ৰিছাৰ্চ এণ্ড ডেভলপমেন্ট ব্লুপ্ৰিণ্টত উল্লেখ কৰা এই ডিজিজ এক্সৰ অচিৰেই প্ৰাদুৰ্ভাৱ ঘটিব বুলি অলপতে বিশ্ব স্বাস্থ্য ই সংস্থাৰ অধিৱেশনত 'হু'ৰ মুৰব্বী টেড্ৰছ আডানম গেব্রিছিয়াছে পাঠ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছিল। তেওঁৰ এই প্ৰতিবেদনৰ পাছতে পুনৰ বিশ্বজুৰি আশংকাৰ সৃষ্টি হৈছে। যিহেতু ‘হু’ৰ দ মুৰব্বীয়ে এইবাৰৰ অতিমাৰী ক’ভিডৰ তুলনাত অধিক মাৰাত্মক আৰু ভয়ংকৰ হ'ব বুলি মতামত দিছে সেয়ে সকলোৰে মনত আশংকাৰ সৃষ্টি হৈছে।

No comments