Breaking News

অসমত এতিয়াৰ পৰা জাননী নিদিয়াকৈ কৰ্তন কৰিব নোৱাৰিব বিদ্যুৎ সংযোগ

 


বিদ্যুত গ্ৰাহক সকলৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা প্রিপেইড স্মার্ট মিটাৰ সন্দৰ্ভত একাংশ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত কনজুমাৰ এডভোকেচি চেলে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি আয়োগে এপিডিচিএলক কিছুমান নির্দেশনা জাৰি কৰে। এই শুনানিৰ ৰায় অনুসৰি একাংশ গ্রাহকে অভিযোগ কৰা দৰে প্রিপেইড স্মার্ট মিটাৰত ইচ্ছাকৃতভাৱে দুষ্টচক্রই বিসংগতি কৰিব পাৰে নেকি তাক চালি-জাৰি চাবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ আয়োগে এপিডিচিএলক নির্দেশ দিয়ে আৰু ৩০ দিনৰ ভিতৰত সমিতিখনৰ প্ৰতিবেদন আয়োগৰ ওচৰত দাখিল কৰিবলৈ নির্দেশ দিয়ে। লগতে আয়োগে এপিডিচিএলক যথাযথ জাননী নিদিয়াকৈ বিদ্যুৎ সংযোগ কর্তন নকৰিবলৈও নির্দেশ দিয়ে। ১১ মে'ত অনুষ্ঠিত এই শুনানিত আয়োগে আবেদনকাৰী পক্ষৰ পৰা উত্থাপিত বিভিন্ন অভিযোগ বিবেচনা কৰি এপিডিচিএলে বহুওৱা প্রিপেইড স্মার্ট মিটাৰৰ বাবদ খৰচ গ্ৰাহকৰ ওপৰত অতিৰিক্ত ভৰণি হিচাপে জাপি দিব নোৱাৰিব বুলি ৰায় দিয়ে। ৰায়টোত লগতে কোৱা হয় যে এপিডিচিএলে প্রয়োজন অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰতে স্মার্ট মিটাৰ বহুৱাৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু গ্ৰাহকৰ অনুৰোধ মৰ্মে বিদ্যুতৰ বিষদ বিল দিব লাগিব। লগতে ডিজিটেল পৰিশোধ ব্যৱস্থাটোৰ সন্দৰ্ভত গ্ৰাহকক ভালদৰে পৰিচিত কৰি তোলাৰ বাবে মহকুমা পৰ্যায়ত গ্রাহক সজাগতামূলক কাৰ্যসূচী পালন কৰিবলৈও নির্দেশ দিয়ে। বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ বাবে দিয়া জাননী সঠিক সময়ৰ উল্লেখ, বিলৰ পৰিমাণ অধিক হোৱা বুলি উঠা অভিযোগ নিষ্পত্তি কৰা আদি প্রিপেইড স্মার্ট মিটাৰ ব্যৱস্থা ৰূপায়নৰ ক্ষেত্ৰত হেঙাৰ হ'ব পাৰে। সেইবাবে এপিডিচিএলে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। আয়োগে দিয়া নির্দেশ সন্দৰ্ভত এপিডিচিএলে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেই কথা বৰ্ণাই ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও নির্দেশ দি আবেদনকাৰীৰ ৭/২০২৩ নং আবেদনখন নিষ্পত্তি কৰা বুলি ঘোষণা কৰে ।

No comments