Breaking News

ন্যায় দিব নোৱৰা চৰকাৰে অৱশেষত মল্লযোদ্ধাসকলক আটক কৰোৱাই মুকলি কৰিলে যন্তৰ-মন্ত্ৰ প্ৰতিবাদস্থলী



যৌন হাৰাশাস্তিৰ অভিযোগত ডব্লিউএফআইৰ প্ৰাক্তন সভাপতি ব্ৰজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ আৰম্ভ কৰা অলিম্পিক আৰু বিশ্ব পদক বিজয়ী বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিককে ধৰি ভাৰতৰ শীৰ্ষ মল্লযোদ্ধাসকলক দেওবাৰে দিল্লী আৰক্ষীয়ে আটক কৰে । আটক কৰি মুকলি কৰা হয় প্ৰতিবাদস্থলী।  

উল্লেখ্য যে মল্লযোদ্ধাসকলে নতুন দিল্লীৰ নতুন সংসদ ভৱনৰ স্থানলৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰি আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভৱনটোৰ উদ্বোধনৰ লগে লগে 'মহিলা মহাপঞ্চায়ত' অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল।

২৪ এপ্ৰিলৰ পৰা প্ৰতিবাদ অব্যাহত ৰখা মল্লযোদ্ধাসকলে প্ৰতিবাদস্থলীৰ চাৰিওফালে ৰখা সুৰক্ষামূলক বেৰিকেড পাৰ হোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে আটক আজি কৰে।

No comments