Breaking News

আজি গুৱাহাটীৰ পৰা ‘বন্দে ভাৰত’ ভার্চুৱেলী শুভ উদ্বোধন কৰিলে নৰেন্দ্ৰ মোদীয়ে

 


সকলো অপেক্ষা অন্ত পেলাই গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিবলগীয়া দেশৰ দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ আজি শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রী মোদীয়ে আজি দিনৰ ১২ বজাত নতুন দিল্লীৰ পৰা ভার্চুৱেলী গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা যাত্ৰা কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। ৪১১ কিলোমিটাৰ দূৰত্বৰ পথত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সেপ্ৰেছৰ গুৱাহাটীৰ এই ফ্লেগ অফ অনুষ্ঠানটোত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী কুমাৰেও অংশ লয়। আজি পল্টনবজাৰ ষ্টেচনৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰে'লমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকে। অৱশ্যে আজি বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিলেও বুধবাৰৰ পৰাহে দেশৰ দ্ৰুতবেগী ৰে’লখনৰ নিয়মীয়া চলাচল আৰম্ভ হ'ব। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি ষ্টেচনলৈ দেশৰ দ্বিতীয় দ্রুততম ৰে'লৰ যাত্ৰাত সাধাৰণতে ৬ ঘণ্টা ৩০ মিনিট সময়ৰ প্ৰয়োজন হয় যদিও বন্দে ভাৰত এক্সপ্ৰেছত ৫ ঘণ্টা ৩০ মিনিট সময়হে লাগিব। বন্দে ভাৰত এক্সপ্ৰেছখন গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত দিনটোত এবাৰ অহা-যোৱা কৰিব। পুৱা ৬ বাজি ১০ মিনিটত নিউ জলপাইগুৰিৰ পৰা আহিব লগা ৰে'লখন দিনৰ ১১.৪০ বজাত গুৱাহাটী ষ্টেচনত উপস্থিত হ'ব। ইয়াৰ পাছত বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি নিশা ১০ বজাত নিউ জলপাইগুৰি ষ্টেচনত উপস্থিত হ'ব। প্রতিঘণ্টাত সর্বোচ্চ ১১০ কিলোমিটাৰ বেগত চলাচল কৰিবলগীয়া ৰে'লখনৰ সেৱা সপ্তাহটোত ৬ টা দিন বাহাল থাকিব। মঙলবাৰে ৰে'লখনৰ চলাচল বন্ধ থাকিব। এই যাত্ৰাত মুঠ ৯টা ষ্টেচনত ৰখাব ৰে'লখন। নিউজলপাইগুৰি, ৰাণীনগৰ জলপাইগুৰি, নিউ কোচবিহাৰ, নিউ আলিপুৰ দুৱাৰ, কোকৰাঝাৰ, নিউ বঙাইগাঁও, চাংসাৰি, কামাখ্যা আৰু গুৱাহাটী ষ্টেচনতহে ৰে'লখনৰ ষ্টপেজ থাকিব। ৰে'লখন ৭টা চেয়াৰ কাৰ ডবা আৰু এটা এগজিকিউটিভ চেয়াৰ কাৰ ডবা থাকিব। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ভাৰা হ'ব ৭৮৮ টকা। অৱশ্যে এগজিকিউটিভ ক্লাচৰ ভাৰা হ'ব ১৬১৮ টকা।

No comments