Breaking News

এঘণ্টাত ৪টাকৈ ভূমিকম্পই জোকাৰিলে উত্তৰ-পূৰ্বাঞ্চল


প্ৰায় বহুদিন বিৰতিৰ অন্তত দেওবাৰে বিয়লি হঠাতে এঘণ্টাৰ ভিতৰতে চাৰিটাকৈ নিম্ন আৰু মধ্যমীয়া প্রাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য কম-বেছি পৰিমাণে জোকাৰি যায়। অৱশ্যে এই পর্যন্ত ভূমিকম্পৰ ফলত সা- সম্পত্তি কিম্বা ধন-জনৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি বিয়লি দুই বাজি ৫৮ মিনিটত। ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম খাছী পাহাৰ জিলাৰ মাইৰাঙৰ পৰা ১৯ কিঃ মিঃ গভীৰতাত । তাৰ মাত্ৰ ৫৬ ছেকেণ্ড সময় পাছত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৩.৬ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল পশ্চিম খাছী পাহাৰ জিলাৰ দহ কিলোমিটাৰ গভীৰতাত । তেনেদৰে তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় বিয়লি তিনি বাজি ছয় মিনিট আৰু ৩৪ ছেকেণ্ডত। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ পাঁচ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। চতুৰ্থটো ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয় বিয়লি তিনি বাজি ৫৮ মিনিট ৫৪ ছেকেণ্ডত আৰু ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্রাবল্যৰ পৰিমাণ আছিল ৩.৩ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ পাঁচ কিলোমিটাৰ গভীৰতাত ৷ তাৎপৰ্যপূৰ্ণভাৱে অসমৰ গাতে লগা দুখন ৰাজ্যৰ দুখন জিলাত বিয়লি মাত্র এঘণ্টাৰ ভিতৰত চাৰিটাকৈ ভূমিকম্পই জোকাৰি যোৱা আৰু আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ ওচৰা-ওচৰিকৈ হোৱা বাবে আগন্তুক দিনত চিত্ৰৰ অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ পূবত বৃহৎ বা উচ্চ প্রাবল্যৰ ভূমিকম্প আহিব পাৰে নেকি তাক লৈ ভূ-তত্ব বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। কিয়নো বিগত জানুৱাৰী মাহৰ পৰা বিগত সময়চোৱাত নিম্ন আৰু মধ্য প্রাবল্যৰ প্ৰায় দহটাকৈ ভূমিকম্পই জোকাৰি গৈছে অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্য। কিন্তু দেওবাৰে বিয়লি অনুভূত হোৱা চাৰিটা ভূমিকম্পৰ ভিতৰত দুটাৰ কম্পনাংক ৰিখটাৰ স্কেলত চাৰিৰ ওচপৰত থকাটোৱে ভূতত্ব বিজ্ঞানীসকলক স্বাভাৱিকতে আশংকিত কৰি তুলিছে। 

No comments