Breaking News

মণিপুৰত নিহত ৪০ জনকৈ উগ্ৰপন্থী

 


অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। মণিপুৰত দেওবাৰে সেনাৰ গুলীত নিহত হয় ৪০জন উগ্রপন্থী। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ প্রাক মুহূৰ্তত সেনাৰ গুলীত নিহত হয় ৪০ জন উগ্রপন্থী। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘৰ্ষৰ পাছত সেনাই চলোৱা অভিযানত উগ্ৰপন্থী কেইজন গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে। আনহাতে কেইবাজনো উগ্রপন্থীক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত ইণ্টাৰনেট ব্যৱহাৰৰ নিষেধাজ্ঞা ৩১ মে'লৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ শান্তি-শৃংখলা অব্যাহত ৰখাৰ স্বার্থত ঠায়ে ঠায়ে নিশ্চিদ্র তালাচী চলাইছে নিৰাপত্তাৰক্ষীয়ে। দেওবাৰে মণিপুৰৰ কেইবাটাও ঠাইত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজত সংঘৰ্ষ লাগে। এনে সংঘৰ্ষত নিহত হয় ৪০ জন উগ্রপন্থী। নিহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলি আশংকা কৰা হৈছে। ৰাজ্যখনত উগ্ৰপন্থী বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত আছে। উল্লেখ্য, মণিপুৰৰ মেইতেই সম্প্রদায়ে কৰা অনুসূচিত জনজাতিৰ স্বীকৃতিৰ দাবীৰ বিৰুদ্ধে জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সংঘর্ষ লাগে। অৱশ্যে দেওবাৰৰ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষৰ সৈতে মণিপুৰৰ জনজাতীয়-অজনজাতীয় লোকৰ সংঘাতৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ প্ৰাকক্ষণত মণিপুৰত উপস্থিত হৈছিল সেনা বিভাগৰ মুৰব্বী মনোজ পাণ্ডে। প্রায় এমাহ ধৰি পৰিস্থিতি বিপর্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণৰ প্ৰাকক্ষণত মণিপুৰত উপস্থিত হয় সেনাৰ মুৰব্বীজন। বৃহস্পতিবাৰে মণিপুৰৰ বিষ্ণুপুৰত এটা সংঘৰ্ষত এজন লোক নিহত হোৱাৰ উপৰি কেইবাজনো আহত হৈছিল। পূর্বে অর্থাৎ ২৫ মে'ত কেন্দ্রীয় গৃহমন্ত্রীজনে ঘোষণা কৰিছিল যে মণিপুৰৰ জনজাতীয় আৰু অজনজাতীয় সকলো লোকে ন্যায় পাব। উল্লেখ্য, মণিপুৰৰ প্ৰায় ৫৩ শতাংশ লোকেই মেইতেই সম্প্ৰদায়ৰ যিসকল ঘাইকৈ ইম্ফল উপত্যকাত কাম কৰে। বাকী নাগা আৰু কুকিসকল বাস কৰে ৰাজ্যখনৰ পাহাৰীয়া জিলাত। বিগত ২৫ দিন ধৰি মণিপুৰৰ বিভিন্ন স্থানত ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে।

No comments