Breaking News

ইত্যাদি: উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সৌজন্যত আৰু বেজবৰুৱা বৃদ্ধাসেৱা সংস্থাৰ সহযোগত অনুষ্ঠিত হ’ল গুৱাহাটী ভাওনা সমাৰোহ -২০২৩:



২৭ মে শনিবাৰে গুৱাহাচী বশিষ্ঠৰ গনেশনগৰ ৰাজহুৱা বৰ নামঘৰত বৰসবাহেৰে আৰু “মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ”ভাওনাৰে শুভাৰম্ভণ কৰা ভাওনা সমাৰোহৰ আজি ২৮ মে দেওবাৰে শ্ৰী শ্ৰী আউনিআটীয় সত্ৰাধিৰাৰ ড০পীতাম্বৰ দেৱগোস্বামীৰ ৬৫ত্বম জন্ম তিথিৰ লগত সংগতি ৰাখি আজি  উত্তৰ গুৱাহাটীৰ আউনিআটী সত্ৰৰ কলাক্ষেত্ৰত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ লগতে নিশা “নহুষৰ অজগৰ প্ৰাপ্তি” ভাওনাৰে অন্ত পৰে। ইত্যাদি: উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চই আয়োজন কৰা এই বিশাল অনুষ্ঠানৰ দুয়োটা দিনতে ভাওনাৰ শুভ উদ্বোঘন কৰে ড০পীতাম্বৰ দেৱ গোস্বামীদেৱে।যোৱা ২৮তাৰিখ দেওবাৰে অনুষ্ঠানৰ আৰম্ভনিতে এশ শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিবেশন এক অন্যত্বম আকৰ্শন।ইত্যাদিৰ সভানেত্ৰী ড০শিখা বেজবৰুৱা গোস্বামী আৰু আন আন বিষয়ববীয়া সকলৰ লগতে  আন আন ব্যক্তি,অনুষ্ঠান আদিৰ তৰফৰ পৰাও ড০পীতাম্বৰ দেৱ গোস্বামীকদেৱক ৰাজহুৱা ভাৱে জন্মদিনৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।



একে মঞ্চতে প্ৰথম বৰ্ষৰ কাৰণে শ্ৰী শ্ৰী হিজয় ডেকা মাহৰা সত্ৰৰ সত্ৰাধিকাৰ উমাকান্ত দেৱগোস্বামীৰ সোৱৰণত তেখেতৰ জেষ্ঠ পুত্ৰ পংকজ গোস্বামীয়ে লোক শিল্পী বিপুল বৰা দেৱৰ “জীৱন জোৰা সাধনা বঁটা “ প্ৰদান কৰে।মনোৰন্জন বৰাৰ উচ্চমানৰ দোহাৰ পৰিচালনা আৰু পূৰ্ণানন্দ দত্তৰ সুদক্ষ পৰিচালনাৰে ব্ৰহ্মপুত্ৰ বালি চাপৰিৰ নান্দনিক পৰিবেশত যোৰহাট মালৌআলিৰ পান্চজন্য নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা আটকধুনীয়া নাট “নহূষৰ অজগৰ প্ৰাপ্তি”য়ে সকলোকে মোহাচন্ন কৰি তোলে।নাটখনিৰ মূল চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ ভূঁয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় ইত্যাদি তথা গুৱাহাটী ভাওনা সমাৰোহৰ সম্পাদক ময়ূৰজিৎ কলিতা।উল্লেখযোগ্য যে ভাওনা পৰিবেশনৰ আগে আগে  নাটখনি ৰচনা কৰা অসমৰ বিশিষ্ট নাট্যকাৰ দিগন্ত শইকীয়া,ভাওনা সাধক বাবুল বৰা ,সমাজকৰ্মী ফিজু দত্ত আৰু পান্চজ্ন্যৰ সভাপতি,সম্পাদক ক্ৰমে বীৰেন বৰা আৰু জিতুপন শইকীয়া আৰু আন কেইবাজনো  লোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

No comments