Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক ঋতুস্ৰাৱজনিত পৰিছন্নতা দিৱস পালন



গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু গোলাঘাটৰ ৰটাৰী ক্লাবৰ সহযোগত যোৱা ২৭ মে’ তাৰিখে গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক ঋতুস্ৰাৱজনিত পৰিছন্নতা দিৱস-২০২৩ পালন কৰা হয়। সেই উপলক্ষে বিদ্যালয়খনত ঋতুস্ৰাৱজনিত স্বাস্থ্য আৰু পৰিছন্নতা সম্পৰ্কে এক সজাগতা সভাৰ আয়োজন কৰা হয়। গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মহিলা কোষৰ সম্পাদিকা সোণাশ্ৰী দাসে আঁত ধৰা এই সভাত মহিলা কোষৰ সভাপতি ড০ কৰবী দেৱীয়ে সভাপতিত্ব কৰে। আদৰণি ভাষণ প্ৰদান কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষ অনামিকা হাজৰিকাই মহিলাৰ ঋতুস্ৰাৱৰ সময়ত পালন কৰিবলগীয়া পৰিছন্নতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। গোলাঘাটৰ ৰটাৰী ক্লাৱৰ সম্পাদিকা মিনুৱাৰা বেগমে কয় যে ছাত্ৰ-ছাত্ৰীসকলে মহিলাসকলৰ স্বাস্থ্যৰ লগত জড়িত এই কথাবিলাক সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ লগতে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সভাত উপস্থিত থকা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান কৰে। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি জি.এন.এম নাৰ্চিং  প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক মুনমী দত্তই ঋতুস্ৰাৱজনিত পৰিছন্নতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য উপস্থিতসকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰায় ৭০ গৰাকী ছাত্ৰীৰ মাজত চেনিটেৰী নেপকিন বিতৰণ কৰা হয়। কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চৈয়দ মছলেহৌজেদ জামান, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতীম দত্ত, শিক্ষক গোটৰ সভাপতি ৰাজেশ জয়ছোৱাল, মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু গোলাঘাটৰ ৰটাৰী ক্লাবৰ সদস্যসকলৰ লগতে কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ সামৰণিত মহিলা কোষৰ সহকাৰী সম্পাদক ড০ প্ৰিয়ংকা ভৰালীয়ে সকলোৰে সহযোগিতাৰ বাবে শলাগ জ্ঞাপন কৰে।

No comments