Breaking News

পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হ'ব নীলা ৰাজপথ


ক’লা পিচ‌ দিয়া পথৰ পৰিৱৰ্তে নীলা ৰঙৰ পথ দেখি বহুতেই অবাক হ'ব। এনে ধৰণৰ ৰঙীণ পথ ডুবাই অথবা মধ্য প্ৰাচ্যৰ দুই এখন চহৰত দেখা যায়।পিছে ভাৰতত এনে পথ বিৰল। সেই বিৰল কামকেই কৰি দেখুৱাইছে পশ্চিম বংগৰ পূৰ্ব বর্ধমান জিলাৰ ৰাইনা ব্লকত। পেলনীয়া প্লাষ্টিকেৰে তৈয়াৰ কৰা হৈছে এই পথটো। পথটোৰ দৈৰ্ঘ্য ৩২০ মিটাৰ । পথ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ২৩ লাখ টকা। সৰ্বসাধাৰণ পিচ দিয়া পথৰ খৰচতকৈ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা এনে পথৰ খৰচ যথেষ্ট কম হৈছে। অলপতে পশ্চিম বংগৰ এই পথ উদ্বোধন কৰিলে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী প্রদীপ মজুমদাৰে। পথ নিৰ্মাণ কৰা অভিযন্তাসকলে জনোৱা অনুসৰি বিটুমিনৰ সৈতে পেলনীয়া, অব্যৱহৃত প্লাষ্টিক মিহলাই এই পথ তৈয়াৰ কৰা হৈছে। ইয়াৰ ফলত এই পথ কম গৰম হ'ব আৰু পানী জমা হোৱাৰ প্ৰৱণতা কম হ'ব। এজন অভিযন্তাই জনোৱা অনুসৰি ডুবাইত অধিক তাপমাত্ৰাৰ বাবে বহু পথত নীলা ৰঙৰ প্ৰলেপ দিয়া হয়। সেই প্রলেপো অব্যৱহৃত প্লাষ্টিকৰ পৰাই দিয়া হয়। ইয়াৰ ফলত তেনেধৰণৰ পথে তাপমাত্রা কম নিৰ্গত কৰে। ডুবাইৰ সেই ব্যৱস্থা দেখিয়েই পশ্চিম বংগৰ পূৰ্ব বর্ধমান জিলাত এই নতুন প্রযুক্তিৰে পেলনীয়া প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ কৰা হৈছে। অভিযন্তাসকলৰ মতে, ভাৰতত এনেদৰে ইয়াৰ পূৰ্বে ইমান দৈৰ্ঘ্যৰ পথ পেলনীয়া প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হোৱা নাই । উল্লেখ্য যে, এতিয়াৰ পৰা কেইবামাহো পূৰ্বে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছিল। প্ৰথম কেইদিনমান প্রশাসনৰ কঠোৰ নিষেধাজ্ঞাৰ বাবে তেনে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈছিল। কিন্তু দিন যোৱাৰ লগে লগে পুনৰ তেনে প্লাষ্টিকৰ ব্যৱহাৰ আৰম্ভ হয় আৰু ফেক্টৰীসমূহতো সেই প্লাষ্টিক পুর্ণোদ্যমে উৎপাদন হৈ আছে। ইয়াৰ ফলত সমগ্ৰ দেশত পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক পূৰ্বৰ দৰেই চলি আছে। এনে এক সময়ত পশ্চিম বংগৰ পূৰ্ব বর্ধমান জিলাৰ তেনেই পিছপৰা এটা অঞ্চলত পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰি বিৰল দৃষ্টান্ত স্থাপন কৰিছে। 

No comments