Breaking News

হোষ্টেল নহয় যেন সুৰাৰ ঘাটিলৈ পৰিৱৰ্তন হৈছে


দুচকুত অযুত সপোন আৰু পৰিয়ালৰ  বহুতো আশা বুকুত বান্ধি লৈ অসম অভিযান্ত্রিক মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে আহিছিল দুৰ্ভগীয়া ছাত্রকেইজন। এ ই চিৰ হোষ্টেলত থাকি পঢ়িবলৈ যোৱা সন্তানে এদিন ডাঙৰ মানুহ হৈ বংশ-পৰিয়ালৰ মান বৃদ্ধি কৰিব বুলিও স্বপ্নত বিভোৰ আছিল পিতৃ-মাতৃ। কিন্তু সোমবাৰৰ পুৱতি নিশা এটা দুর্ঘটনাই যেন সেই সপোন থান-বান কৰি দিলে। পুৱতি নিশা জালুকবাৰীত সংঘটিত অভিশপ্ত দুৰ্ঘটনাটোত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ তেজাল ছাত্ৰৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন ছাত্র গুৰুতৰভাৱে জখম হয়। এই দুর্ঘটনাটোত ছাত্রকেইজনে চলোৱা স্কপিঅ’ বাহনখন সম্পূৰ্ণৰূপে চূর্ণ-বিচূর্ণ হয়। এই ঘটনাৰ পাছতেই এ ই চিৰ ১০ আৱাসিক ছাত্রই নিশা গাড়ী লৈ হোষ্টেলৰ পৰা কেনেকৈ ওলাবলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। হোষ্টেলৰ ছাত্ৰই সুৰাপান কৰি গাড়ী লৈ নিশা ৰাজপথত তহল দিয়া ঘটনাই যেন অভিযান্ত্রিক মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ গাফিলতিৰ ভয়ংকৰ ছবিখনকে উন্মোচন কৰিলে। ছাত্ৰ কেইজনে নিশা হোষ্টেলৰ পৰা বাহিৰ ওলাবলৈ সক্ষম হোৱা ঘটনাৰ বাবে কেৱল হোষ্টেলটোৰ ৱাৰ্ডেন ড° শশাংক শেখৰ শর্মাই দায়বদ্ধ নহয়, ইয়াৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা কর্তৃপক্ষও দায়ী। কেৱল দেওবাৰৰ ঘটনাই নহয়, প্রতিদিনেই অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ হোষ্টেলত সুৰাৰ আড্ডা চলাৰ গুৰুতৰ অভিযোগ উঠিছে। কেৱল হোষ্টেলৰ আৱাসী ছাত্ৰই নহয়, প্রাক্তন ছাত্ৰৰ নি মদৰ আড্ডাস্থলীত পৰিণত হৈছে শৈক্ষিক প্ৰতিষ্ঠানখনৰ হোষ্টেল। একাংশ প্রাক্তন ছাত্ৰৰ লগতে একাংশ অভিযন্তাই এ ই চিৰ প্ৰতিটো হোষ্টেলতে প্রতি নিশাই আড্ডা মাৰে বুলি স্থানীয় আৱাসীসকলে অভিযোগ কৰিছে। আনকি হোষ্টেলত হোৱা এই আড্ডাৰ বাবে স্থানীয় লোকৰ সৈতে ছাত্ৰৰ সংঘাতো দেখা পোৱা গৈছে। কিন্তু প্রাক্তন ছাত্ৰৰ লগতে বৰ্তমানৰ হোষ্টেল আৱাসীসকলৰ এনে সুৰাৰ আড্ডা দেখিও কর্তৃপক্ষই মৌন ভূমিকা গ্ৰহণ কৰা বুলি চৰ্চা চলিছে। লক্ষণীয়ভাৱে সোমবাৰৰ এই দুৰ্ঘটনাৰ পাছতেই প্রতিক্রিয়া ব্যক্ত কৰা দেখা গৈছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতুল বৰাক । অধ্যক্ষজনে শিক্ষার্থীসকলে নিশা হোষ্টেলৰ বাহিৰ হোৱা ঘটনাৰ বাবে সকলো পক্ষৰে সামাজিক দায়বদ্ধতা থাকিব লাগে বুলি মন্তব্য কৰি অভিভাৱকসকললৈহে দোষ ঠেলা দেখা গ'ল। অভিভাৱকসকলে নাম ভৰ্তিৰ সময়ত এবাৰ আহি বাকী ৪ বছৰে কোনো খবৰেই নকৰে বুলিও গুৰুতৰ অভিযোগ কৰে মুৰব্বীজনে। শৈক্ষিক প্রতিষ্ঠানখনৰ ৯৫ শতাংশ ছাত্ৰই পৰিবলৈ আহে বুলি দাবী কৰি ৫ শতাংশ ছাত্রক মটিভেশ্বনৰ প্ৰয়োজন বুলি উল্লেখ্য কৰিছে অধ্যক্ষ বৰাই। তদুপৰি হোষ্টেলত গেট বন্ধ কৰিলে স্থানীয় লোকে বাধা প্ৰদান কৰে বুলিও আন এক গুৰুতৰ অভিযোগ কৰিছে মুৰব্বী অতুল বৰাই। ইফালে, সোমবাৰৰ দুৰ্ঘটনাটোৰ পাছতেই এ ই চিৰ অধ্যক্ষই প্ৰতিটো হোষ্টেলৰ ৱাৰ্ডেনসহ মুঠ ৯ জন সহকাৰী অধ্যাপক তথা মুৰব্বী অধ্যাপকক লৈ এখন তদন্ত সমিতিও গঠন কৰিছে।

No comments