Breaking News

গংগাত মেডেল বিসৰ্জন দিবলৈ যোৱা মল্লযোদ্ধাক ক্ষান্ত কৰিলে কৃষক‌ নেতা নৱেশ টিকাইতে


বাৰানসীৰ পৱিত্ৰ গংগা ঘাটত অলিম্পিক, কমনৱেল্থ গেম্‌ছ আৰু এছিয়ান গেম্‌ছকে ধৰি বিশ্বৰ বিভিন্ন মঞ্চত দেশৰ শিৰ উচ্চ কৰি লাভ কৰা পদ উটুৱাই দিবলৈ উদ্যত হোৱ ভাৰতৰ শীর্ষস্থানীয় মল্লযোদ্ধাক ক্ষান্ত কৰিছে কৃষক নেতা নৱেশ টিকাইতে। এক বেদনাসিক্ত আৰু সমানে আৱেগিক তথা উত্তেজনাপূর্ণ মুহূৰ্তত বাৰানসীত গংগাৰ ঘাটত উপস্থিত হৈ টিকাইতে সাক্ষী মালিক, বজৰং পুনিয়া, ৱিনেশ ফোগাট, সংগীতা ফোগাট আদিক পদক উটুৱাই দিয়াত বাধা প্রদান কৰে। তেওঁ কয় — এই পদক দেশৰ সম্পদ। এই পদক্ষেপ কোনো কাৰণতে কৰিবলৈ দিয়া নহ'ব। ইয়াৰ বিপৰীতে টিকাইতে কেন্দ্ৰীয় চৰকাৰক ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজভূষণ চাৰন সিঙৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ ৫ দিনৰ চৰমসীমা বান্ধি দিয়ে। ইপিনে, গংগাৰ ঘাটত পদক উটুৱাই দিবলৈ উপস্থিত হোৱা মল্লযোদ্ধাসকলক কোনো বাধা প্ৰদান নকৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰং চাই থাকে। অৱশ্যে কৃষক নেতা টিকাইতৰ উপৰি এদল সাধুৱেও মল্লযোদ্ধাসকলক প্রবল বাধা প্ৰদান কৰে। স্থানীয় বাসিন্দায়ো ক্ৰন্দনৰত  মল্লযোদ্ধাক সমবেদনা জনাই সেই কামৰ পৰা বিৰত ৰাখিবলৈ যত্ন কৰে । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি বাৰানসীৰ গংগাৰ ঘাটত কান্দি-কাটি অস্থিৰ হৈ পৰা দেশৰ শীৰ্ষস্থানীয় মল্লযোদ্ধা সাক্ষী মালিক, বিনেশ ফোগাট, সংগীতা ফোগাট আদিয়ে কয়— ডিঙিত শোভা লোৱা এই পদকটোৱেই তেওঁলোকৰ জীৱন, আত্মা । সেয়ে এই  পদকটো গংগাত বিসৰ্জন দিয়াৰ পাছত তেওঁলোকৰ জীয়াই থকাৰ অৰ্থইয় নাই। এখন প্ৰেছ বিজ্ঞপ্তিতো যৌন নিৰ্যাতনৰ বলি মল্লযোদ্ধাসকলে  কয়- "আৰক্ষী আৰু প্ৰশাসনে আমাক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে। কিন্তু আমাক নিৰ্যাতন কৰা অপৰাধী মুকলিকৈ ঘুৰি ফুৰিছে । ৰাজহুৱা সভাত আমাক আক্ৰমণ কৰি আছে।"সাক্ষী মালিক, বিনেশ ফোগাট, বজৰং পুনিয়াই টুইট কৰা প্ৰেছ বিবৃতিটোত পুনৰ কয়— ‘দেশৰ ৰাষ্ট্ৰপতিও এগৰাকী মহিলা। আমি যেতিয়া যন্তৰ-মন্তৰত প্ৰতিবাদ কৰি আছিলোঁ, ৰাষ্ট্ৰপতি আমাৰ পৰা দুই কিলোমিটাৰ দূৰত আছিল। তথাপি ৰাষ্ট্ৰপতিয়ে এটা শব্দ নক'লে। আমাক গণতান্ত্রিক কা প্ৰতিবাদৰ পৰা উৎখাত কৰা সত্ত্বেও ৰাষ্ট্ৰপতি নীৰৱে থাকিল। আমি এতিয়াৰ পৰা ইণ্ডিয়া গেটত আমৰণ অনশন কৰিম। হয় আমাৰ সমস্যাৰ সমাধান হ'ব, নহয় আমাৰ মৃত্যু হ'ব।'

          উল্লেখ্যযোগ্য যে যোৱা ২৩ এপ্ৰিলৰ পৰা যৌন নিগ্ৰহৰ বিৰুদ্ধে প্রতিবাদী যা কাৰ্যসূচী পালন কৰি থকা দেশৰ চেম্পিয়ন মহিলা মল্লযোদ্ধাক হে আক্ষরিক অর্থত দিল্লী আৰক্ষীয়ে দেওবাৰে ধৰাশায়ী কৰি আটক কৰাৰ লগতে প্রতিবাদস্থলী যন্ত্ৰৰ মস্তৰৰ পৰা উৎখাত কৰি গণতান্ত্রিক দুভ প্রতিবাদক মষিমূৰ কৰি দিয়ে। দেওবাৰে যন্ত্ৰৰ মস্তৰৰ পৰা কিলোমিটাৰ নিলগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভবন গে উদ্বোধন কৰিছিল। প্ৰতিবাদকাৰী মল্লযোদ্ধাই নতুন সংসদ ভবন সমীপত 'মহিলা সন্মান মহাপঞ্চায়ত' অনুষ্ঠিত কৰি প্ৰতিবাদী কাৰ্যসূচী ভা গ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমর্থকে স্ব যন্ত্ৰৰ মন্তৰৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ লওতেই বিশাল দিল্লী আৰক্ষী  বাহিনী আৰু নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীক আগবঢ়াত বাধা দিয়ে। তেতিয়া অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়ান গেমছৰ পদক বিজয়ী বিনেশ ফোগাট, সংগীতা  ফোগাট আদিয়ে বলপূর্বক আগবাঢ়িবলৈ চেষ্টা কৰে। লগে লগে দিল্লী পি আৰক্ষীয়ে তেওঁলোকক মাটিত বগৰাই, চোচোৰাই প্ৰতিবাদস্থলীৰ পৰা সু আঁতৰাই নি বাছত উঠাই অজ্ঞাত স্থানলৈ লৈ যায়। সাক্ষী মালিক, বজৰং পুনিয়া, বিনেশ ফোগাট, সংগীতা ফোগাটকে ধৰি সকলো  প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তাবাহিনীক তেনেদৰে বলপূর্বক নিয়াত প্রবল বাধা প্রদান কৰিছিল। কিন্তু বিশাল বাহিনীৰ সন্মুখত তেওঁলোকে অৱশেষত হাৰ মানিবলৈ বাধ্য হয়।

ইপিনে প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকক হৈ আটক কৰি বাছত তোলাৰ পাছতে দিল্লী আৰক্ষীৰ এটা বৃহৎ দলে যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ পৰা কালিয়েই প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰি  থকা মেট্রেচ, ক'টছ, কুলাৰ, ফেন, টাপুলিনৰ ঢাকনি আৰু মল্লযোদ্ধা তথা সমৰ্থকৰ সকলো ব্যক্তিগত বস্তু-বাহিনি ট্রাকত তুলি আঁতৰাই সম্পূর্ণ যন্ত্ৰৰ-মন্ত্ৰৰ খালি কৰি পৰিষ্কাৰ কৰি পেলায়। উল্লেখ্য, ভাৰতীয়  ৰেছলিং ফেডাৰচনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙে মহিলা মৃত মল্লযোদ্ধাক দীৰ্ঘদিন ধৰি যৌন নির্যাতন চলাইছিল। তাৰে এগৰাকী নগ্নযোদ্ধা সেই সময়ত নাবালিকা আছিল। ব্ৰীজভূষণ চাৰণ সিং বিজেপিৰ ৬ বাৰৰ সাংসদ। উত্তৰ প্ৰদেশৰ এই বাহুবলী সাংসদজনক মোদী চৰকাৰে এই পৰ্যন্ত ৰক্ষণাবেক্ষণ দি আছে। দেওবাৰে ব্ৰীজভূষণ নতুন সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠানত উপস্থিত আছিল। উল্লেখ্য যে মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে ভাৰতীয় অলিম্পিক সংস্থাৰ দ্বাৰা গঠিত এখন কমিটীয়ে অনুসন্ধান চলালেও তাত ব্রীজভূষণক ক্লিনশিট দিয়া বুলি অভিযোগ উঠিছে। তদন্তৰ প্ৰতিবেদন  এতিয়াও প্ৰকাশ কৰা নাই। ইপিনে বিজেপিৰ সমৰ্থনত বলীয়ান মুঠ ৬ বাৰৰ সাংসদ ব্রীজভূষণে পদত্যাগ নকৰে বুলি দম্ভ মাৰিছে। দেওবাৰে দিল্লী আৰক্ষীয়ে দেশৰ সন্মান কঢ়িয়াই অনা মল্লযোদ্ধা আৰু নির্যাতিতাক এনেদৰে ভূলুণ্ঠিত কৰি অত্যাচাৰ কৰাৰ ঘটনাত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বহুতে নিন্দা কৰিছে আৰু দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে। 

No comments