Breaking News

মিচিং অধ্যুষিত অঞ্চলত পঞ্চম শ্রেণীলৈকে মিচিং ভাষাৰ পাঠ্যপুথি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত


সমাজ এখন সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।ঠিক তেনে এটা সংগঠন হ'ল মিচিং আগম কীবাঙ। মিচিং জাতীয় শীর্ষ সংগঠনসমূহৰ অন্যতম সামাজিক সংগঠন হিচাপে মিচিং জাতীয় জীৱনলৈ মিচিং আগম কীবাঙে অপৰিসীম অৱদান আগবঢ়াই আহিছে। মিচিংসকল অসমৰ এটা অন্যতম সমৃদ্ধিশালী জনজাতি হিচাপে পৰিচিত হোৱাৰ মূলতে ভাষা সাহিত্যৰ ক্ষেত্ৰত মিচিং আগম কীবাঙৰ বি (মিচিং সাহিত্য সভা) অৱদান অবিস্মৰণীয়। অসমৰ এক সমৃদ্ধিশালী জনগোষ্ঠী মিচিং ভাষা আৰু সাহিত্যৰ পৰম্পৰা আছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ধেমাজি জিলাৰ গোগামুখত ৰত্নেশ্বৰ পীর্মে লতাত ২৮ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মিচিং আগম কীবাঙৰ ২৪ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে  মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায়। মিচিং আগম কীবাঙৰ সভাপতি গোবিন্দ টাইডৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাজুলীৰ বিধায়ক ভূৱন গাম আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। জন্মলগ্নৰে পৰা মিচিং ভাষা সাহিত্যৰ সংৰক্ষণ, সংবর্ধন আৰু বিকাশৰ বাবে নিৰৱছিন্নভাৱে আত্মনিয়োগ কৰি অহা মিচিং আগম কীবাঙৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে মিচিং ভাষাৰ ১১ খন গ্ৰন্থ উন্মোচন কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসম চৰকাৰে যোৱা দুটা বছৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ লগতে ১১ খন মিচিং ভাষাৰ পুথি প্রণয়ন কৰি উলিয়াইছে। এই পুথিসমূহ ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক আৰু প্ৰাক্ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈ মিচিং ভাষাৰ পাঠ্যপুথি হিচাপে গণ্য কৰা হ'ব আৰু পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাটো অধ্যয়ন কৰিব লাগিব। মিচিং ভাষা-সাহিত্যৰ কাণ্ডাৰীস্বৰূপ টাবুৰাম টাইড, নাহেন্দ্ৰ পাদুন, দুৰ্গেশ্বৰ দলেকে ধৰি বিভিন্নজন মহান ব্যক্তিৰ কথা মুখ্যমন্ত্ৰীজনে ভাষণত স্মৰণ কৰে।

No comments