Breaking News

ধঁপাত এক নীৰৱ ঘাতক:ধঁপাতৰ কোনো পুষ্টি নাই



                                                                                                                       ডা°সুনিতা এক্কা


ধঁপাত এক নীৰৱ ঘাটক ৷ ধপাঁতত কোনোধৰণৰ পুষ্টিকৰ উপাদান নাই ৷ ধপাঁতত কেৱল নিকটিন ; তাৰ(Tar) আছে  ৷ যিয়েই আমাক কেৱল আসক্তিহে দিয়ে ৷ ধপাঁত সেৱনৰ ফলত সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিদিনে কমেও দুহেজাৰ দুশ লোকৰ মৃত্যু হয় ৷ আৰু বছৰেকত তেৰ লাখ ব্যক্তিৰ মৃত্যু হয় ৷ ধপাঁত সেৱনৰ ফলত মানৱ শৰীৰত হৃদৰোগ;বিশেষকৈ মুখমণ্ডল আৰু ডিঙিৰ কেঞ্চাৰ ; যক্ষ্মা আদিৰ দৰে কষ্টকৰ ৰোগ আৰু কম বয়সতে চকুত চানিপৰা ; চুলিসৰা ; তেজৰ নলীকা বোৰত বিষাক্ত আৰু ৰাষায়নিক দ্ৰব্যই ৰক্ত প্ৰৱাহত  বাধাৰ সৃষ্টি কৰি হাঁওফাঁও ; ভৰি আদিত বিভিন্ন ধৰণৰ “ঘাঁ” সৃষ্টি কৰাৰ প্ৰবল  সম্ভাৱনা থাকে ৷

চাৰিহেজাৰ বছৰৰ পূৰ্বে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ বাসিন্দা সকলে ধপাঁত চিনি পাইছিল আৰু খেতিবাতি কৰি ব্যবসায় কৰিছিল ৷ 

খ্ৰীষ্টফাৰ ক'লম্বাছে ১৪৬২ খ্ৰীষ্টাব্দত ইউৰোপীয় মহাদেশ ভ্ৰমণৰ সময়ত এই ধপাঁতৰ পুলি ইউৰোপীয়ান মহাদেশলৈ কঢ়িয়াই নিছিল ৷ পতুৰ্গীজ সকলে ভাৰতলৈ বেপাৰ বাণিজ্যৰ বাবে আহোঁতে ধপাঁতৰ পুলি আনি এই বৰবিহৰ নিছা ভাৰতবাসীৰ মাজত প্ৰসাৰণ ঘটাইছিল ৷ অসমত অতিজৰেপৰা ধপাঁতৰ অবাধ প্ৰচলনৰ বাবে অসমখন কেঞ্চাৰৰ ৰাজধানী হৈ পৰিছে ৷ ধপাতঁৰ বৈজ্ঞানিক নাম নিকটিনা ৰাচটিকা (Niccotina Rustica) ৷ ধপাঁত দুইধৰণৰ ৷ধোঁৱা যুক্ত আৰু ধোঁৱা বিহীন ৷ বিড়ি ; চিগাৰেট ; চুৰট ;চুতটাছ আদি ধোঁৱা যুক্ত ৷ আৰু জৰ্দ্দা ; চিখৰ ; ৰজনীগন্ধা কেধৰি বিভিন্ন গুটখা জাতীয় দ্ৰব্য সমূহ হ’ল ধোঁৱা বিহীন ৷ পৃথিৱীত ধোৱাঁ বিহীন ধঁপাতৰ প্ৰতি যুৱচাম অধিক আকৰ্ষিত হোৱা দেখাগৈছে ৷ ইয়াৰ প্ৰতি লক্ষৰাখি ২০০৩ চনত COTPA আইনখন বলবৎ কৰি পেকেটৰ পৰা খোলা চিগাৰেট বিক্ৰীত প্ৰতিবন্ধকতা লগোৱা হৈছিল ৷

আজিকালি পুৰুষৰ সমানেই মহিলাসকলে ধোঁৱা বিহীন ধঁপাত ব্যৱহাৰ কৰে ৷ ফলত মহিলা সকল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ লগতে গৰ্ভৱতী মহিলাৰ গৰ্ভাপাত ; নিদ্দিষ্ট সময়ৰ পূৰ্বে কম ওজনৰ সন্তান জন্ম দিয়া ;  প্ৰসৱৰ পিছত সন্তানৰ মৃত্যু হোৱা ; মৃত সন্তান জন্মদিয়া আদি অবাঞ্চিত ঘটনাবোৰৰ সন্মুখীন হ’বলগীয়া হয় ৷ ১৫ ৰ পৰা ১৯ বছৰৰ কম বয়সীয়া ছাত্ৰ ছাত্ৰীয়ে ধপাঁত সেৱন কৰাৰ ফলত সময়ত সেই শিশুৰ সন্তান জন্মদিয়াৰ ক্ষমতা হ্ৰাস হয় ৷

ধপাঁতৰ আসক্তি কিয় হয়::— এজন লোকে ধঁপাত সেৱনৰ পিছত ডোপামিন (Dupamin) নামৰ দ্ৰব্য মানুহৰ মগজুলৈ প্ৰবাহিত হৈ ক্ষন্তেকৰ  বাবে আমেজ দিয়ে ৷ মাক -দেউতাক ;আত্মীয় ; জেষ্ঠজনে ধপাঁত ব্যৱহাৰ কৰে বাবে যুৱচামৰ ধপাঁতৰ প্ৰতি আসক্তি বৃদ্ধি পায় ৷ তদুপৰি একাংশ যুৱক যুৱতীয়ে সংগদোষত পৰিও ধঁপাত সেৱন কৰিবলৈ আৰম্ভ কৰে  ৷ ধপাঁতত চাৰি হাজাৰ বিধ ৰাসায়নিক দ্ৰব্য আৰু ৪৩৮ বিধ কেঞ্চাৰ সৃষ্টি কৰা উপাদানৰ লগতে ২৩৮ বিধ আন বিষাক্ত উপাদান আছে ৷ 

   ধপাঁতৰ  ব্যাপক প্ৰচলন ৰোধৰ উদ্দেশ্য আগত ৰাখিয়েই বিশ্ব স্বাস্থ্য সংস্হাই ভাৰতকে ধৰি বিশ্বৰ উন্নয়ণশীল দেশ সমূহত  ধপাঁত নিবাৰণ সেৱা গুৰুত্ব সহকাৰে আৰম্ভ কৰিছে ৷ এনে ধপাঁত নিবাৰণী তেৰটা কেন্দ্ৰ ২০০২ চনৰ ৩১ মে’ৰ দিনা ধপাঁত নিবাৰণী দিৱসৰ দিনা আৰম্ভ কৰা হৈছিল ৷ অসমত ২০০৭ চনৰ অক্টোবৰ মাহত ২১ খন জিলাত ধপাঁত নিয়ন্ত্ৰণ কোষ গঠন কৰা হৈছিল ৷

ধপাঁত নিয়ন্ত্ৰণৰ হেতু অসমৰ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলা ধঁপাত ণিয়ন্ত্ৰন কোষেও কেইবাবছৰৰ পূৰ্বৰেপৰা এই বৰবিহ জিলাখনৰ পৰা নিৰ্মূলৰ প্ৰচেষ্টা বিভিন্ন ধৰণে অব্যাহত ৰাখিছে ৷ গোলাঘাট জিলা ধঁপাত ণিয়ণ্তন কোষে চলিত বছৰতে পঞ্চাশখন চৰকাৰি আৰু বে-চৰকাৰি বিদ্যলয় ; কলেজত সজাগতা সভা অনুষ্ঠিত কৰি ধপাঁত কু-প্ৰভাৱৰ ওপৰত ছাত্ৰছাত্ৰীক জ্ঞান দিয়ে ৷ তদুপৰি সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে ধপাঁত আসক্ত লোকক সংগঠিত কৰি জিলাখনৰ ১৫ স্থানত প্ৰশিক্ষণ দিয়া হ’য় ৷ইয়াৰ সমান্তৰাভাৱে ধপাঁত আসক্ত সকলক লৈ ৪৮ খন ক্ষুদ্ৰ সভা অনুষ্ঠিত কৰা হয় ৷ ৫০ খন বিদ্যালয়ৰ দুইদিশে ১০০ মিটাৰ ব্যসাদ্ধৰ পথৰ ওপৰত হালধিয়া আচ টানি ধঁপাত বিক্ৰী আৰু ধপাঁত নিষিদ্ধ এলেকা ঘোষণা কৰা হয় ৷ লগতে জন সমাগম এলেকাত বেনাৰ ; হৰ্ডিং আৰিঁ ; বাটৰ নাট প্ৰদৰ্শনেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হৈছিল ৷ জিলাভিত্তিত উপায়ুক্ত পৰ্য্যায়ৰ  দুখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হৈছিল ৷আইন ভঙ্গকাৰী দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰতিমাহে আৰক্ষীৰ সহযোগত তালাচী চলাই ধঁপাত আৰু যুক্ত দ্ৰব্য জব্দ কৰা হৈছিল ৷ এইবাৰ বিশ্বৰ ধপাঁত ণিয়ণ্তনৰ মূল বিষয়বস্তু( শ্লৌগান) হ’ল “We Need Food ; Not Tobacco ” 

গতিকে আহক আমি সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সহযোগত ধপাঁত নিয়ন্ত্ৰণৰ কৰ্মত আগবাঢ়ি সমাজৰ পৰা এই বৰবিহ নিৰ্মূল কৰো ৷ “জীৱনক আদৰক ; ধপাঁতক নহয়” এই বাণী প্ৰচাৰ কৰি বৰবিহ নিৰ্মূল কৰাত সহায়ৰ হাত আগবঢ়াওক ৷ ধপাত ত্যাগৰ প্ৰচেষ্টাৰে “গোলাঘাট টবেক’ কাউঞ্চিল চেন্টাৰৰ ৬০০১৬১১৬৪৯ নম্বৰত ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে বিভিন্ন পৰামৰ্শৰ লগতে সাত দিনৰ বাবে নিকটিন টবেনীল নামৰ ষ্ট্ৰীকাৰটো  ডিঙিৰ পিছফালেলগাই দিয়াৰ পিছত সহজতে আসক্তলোকে ধপাঁত ত্যাগ কৰিব পাৰে ৷ 

No comments