Breaking News

এফালে গছপুলি ৰোপণেৰে প্ৰকৃতি সুৰক্ষা, আনফালে বন ধ্বংস!!


 

২অক্টোবৰত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যত দুঘণ্টাত ২ কোটি গছ পুলি ৰোপণৰ সপোন দেখা চৰকাৰখনে ৰাজ্যৰ সৰ্বত্ৰতে অব্যাহত ৰাখিছে বন ধ্বংস অভিযান। এক কথাত কবলৈ গ'লে স্বয়ং চৰকাৰৰ উদ্যোগত পূর্ণগতিত অব্যাহত আছে বন ধ্বংস। অৱশ্যে চৰকাৰী পক্ষৰ দাবী উন্নয়নৰ স্বাৰ্থতহে কটা হৈছে গছ। শেহতীয়াভাৱে ৰাজ্যত দেখা দিয়া অভাবনীয় গ্ৰীষ্ম প্রবাহ আৰু বানৰ মূল কাৰণে হ'ল দ্ৰুত হাৰত চলি থকা বন ধ্বংস। অন্যতো বাদেই খোদ গুৱাহাটী মহানগৰীতে চৰকাৰে উন্নয়নৰ নামত কাটিছে হাজাৰ হাজাৰ পুৰঠ গছ। কেবল মাত্র ফ্লাই অভাৰ  নিৰ্মাণ আৰু পথ বহলোৱাৰ নামাতে কটা হৈছে এই গছসমুহ। অবাধ হাৰত এনেদৰে পূৰঠ গছ বিলাক কটাৰ ফলত গুৱাহাটীৰ তাপমাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পাই বুলি গৈ আছে। বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰাও। অথচ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সুযোগ পালেই গোলকীয় উষ্ণতাৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰকসমূহ হ্ৰাসৰ বাবে বিশ্ব নেতৃত্বৰ সৈতে লগ লাগি পীত প্রধান মন্ত্রী মোদীয়ে তৎপৰতাত অব্যাহত ৰাখিছে। কিন্তু  ইয়াৰ বিপৰীতে অসমত চৰকাৰৰ উদ্যোগতে অবাধ হাৰত অব্যাহত আছে গছ ধ্বংস অভিযান। ফ্লাই অভাৰ নিৰ্মাণ আৰু পথ বহলোৱাৰ স্বাৰ্থত চৰকাৰে দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত থকা বিশাল বিশাল পুৰঠ গছ হুণৰ নিশাটোৰ ভিতৰতে কাটি নাইকীয়া কৰে। অসম ড় বিধানসভা চৌহদত বিধায়কৰ বাবে নতুন বিলাসী আবাস নিৰ্মাণৰ নামত কিমান গছ কটা হ'ল তাৰ লেখ জেখ নাই। একেই ঘটনা সংঘটিত হৈছে অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ ক্ষেত্ৰত । দিছপুৰত নতুন বিধানসভা চৌহদ নিৰ্মাণৰ বাবে কাটি পেলোৱা হয় বহু পুৰণি গছ। একেই কাৰ্য চৰকাৰখনে সংঘটিত কৰিলে জু-ৰোডত। ফ্লাই অভাৰ নিৰ্মাণৰ নামত চৰকাৰে নিৰ্বিচাৰে কাটি পেলালে বহু পূৰঠ গছ। স্থানীয় ৰাইজৰ বাধা প্ৰতিবাদকো নেওচি চৰকাৰে অতি নির্দয়ভাৱে কাটিলে এই বিশাল বিশাল গছ শীঘ্ৰে সমূহ। খানাপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ বহুলোৱাৰ নামত চৰকাৰে কিমান হাজাৰ সৰু-বৰ গছ কাটিলে তাৰ কোনো লেখ জেখ নাই। এই সুদীর্ঘ পথচোৱাৰ দুয়োকাষে পূৰ্বতে থকা অসংখ্য গছৰ বাবে পথচোৱা সেউজ আৰবনে ঢাকি ৰাখিছিল। কিন্তু আজিৰ তাৰিখত ই পথত নাই এজাপোও গছ। ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্য বন্ধনৰ নামত গুৱাহাটীত কটা হ'ল শ শ পুৰঠ গছ। স্থানীয় ৰাইজৰ বাধা‌ প্ৰতিবাদকো নেওচি চৰকাৰে অতি নির্দয়ভাৱে কাটিলে এই বিশাল বিশাল গছ সমুহ । খানাপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ নামত চৰকাৰে কিমান হাজাৰ সৰু-বৰ গছ কাটিলে তাৰ কোনো লেখ জেখ নাই। এই সুদীর্ঘ পথচোৱাৰ দুয়োকাষে পূৰ্বতে থকা অসংখ্য গছৰ বাবে পথচোৱা সেউজ আৰবনে ঢাকি ৰাখিছিল। কিন্তু আজিৰ তাৰিখত ই পথত নাই এজাপোও গছ। ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্য বন্ধনৰ নামত গুৱাহাটীত কটা হ'ল শ শ পুৰঠ গছ। একেই পৰিস্থিতি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো। এয়া কেৱল উদাহৰণহে মাত্ৰা। কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ অন্যান্য অঞ্চলতো উন্নয়নৰ নামত কটা হৈ আছে অসংখ্য গছ। পৰিসংখ্য মতে এই পৰ্যন্ত লক্ষাধিক পূৰঠ গছ কাটিছে চৰকাৰী কৰ্তৃপক্ষই। মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মাই। ৰখা এডাল গছ কাটিলে দহ ডাল গছ ৰোৱাৰ সিদ্ধান্ত ঘোষণা গছৰ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণা ফাইলতে আৱদ্ধ ৰছে। হৈ থাকিল। য'ত য'ত গছ কটা হ'ল, তাৰ ক্ষতিপূৰণ ১০ গুণ গছ ৰোৱাৰ নজিৰ এই পৰ্যন্ত নাই। বঙাইগাঁৱৰ জিক ৰাখালডুবীৰ পৰা গোৱালপাৰাৰ শোলমাৰীলৈ যোৱা পথত হাজাৰ হাজাৰ পূৰঠ গছ আছিল। পথচোৱা বহলোৱাৰ নামত হাজাৰ হাজাৰ গছ কাটি পেলোৱা হয়। গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা শোলমাৰীলৈ পথৰ দুয়োকাষে থকা শাল, চেগুন, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছ বাবে কাটি পেলোৱা হয় পথ বহলোৱাৰ স্বাৰ্থত। পলাশবাৰীৰ পৰা চানডুবিলৈ পথ নিৰ্মাণৰ নামত শ শ জোপা বৃহৎ পুৰণি গছ কটা হয় চৰকাৰী পৃষ্ঠপোষকতাত। বঙাইগাঁও পাই। জিলাৰ হাপোচৰাৰ পৰা যোগীঘোপাৰ মান্টিমডেল তিক লজেষ্টিক হাবলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে প্ৰায় তিনি হাজাৰ ডাল গছ কটা হয়। অসম মালা আঁচনিৰ অধীনত মৰাণৰ পৰা নাহৰকটীয়া সমষ্টিৰ দিচাং কিনাৰ বঙালী গাঁৱলৈকে পথ নিৰ্মাণৰ বাবে দুয়োকাষে থকা প্রায় আঢ়ৈ হাজাৰ মূল্যবান গছ কাটি পেলোৱা হয় । এনেদৰে হাজাৰ হাজাৰ পুৰণি গছ কাটি দিয়াৰ ফলত ইয়াৰ বিৰূপ প্রভাব আমাৰ পৰিৱেশৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিছে। -ছে। হঠাৎ হ্রাস পাইছে বৰষুণৰ পৰিমাণ । চৰকাৰৰ ওচৰত এনে বহু কেইটা প্রকল্প সাজু হৈ আছে যিবিলাক প্রকল্প ৰূপায়ণ কৰিবলৈ হ'লে আৰু হাজাৰ হাজাৰ গছ কাটি পেলাব শেষ লাগিব। ইয়াৰ পূৰ্বেও ৰাজ্যৰ সেউজ আবৰণ বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন ঠাইত ৰেকৰ্ড সংখ্যক গছ পুলি ৰোপণৰ । যি কৰ্মসূচী গ্ৰহণ কৰিছিল যদিও এই বিলাক কার্যতঃ চূড়ান্তভাৱে ব্যর্থ হয়। আগন্তুক পাঁচ বছৰৰ ভিতৰত অসমৰ বনভূমিৰ পৰিমাণ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কিন্তু উন্নয়নৰ নামত ৰাজ্যত যি হাৰত গছ-গছনি কটা হৈছে তাৰ পৰা পৰিস্থিতি অধিক অবনতি ঘটাৰহে আশংকাই দেখা দিছে। 


   বঙাইগাঁও জিলাতো হাপাচৰাৰ পৰা যোগীঘোপাৰ মাল্টিমডেল লজিষ্টিক হাবলৈ নিৰ্মাণৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবেই প্রায় তিনিহাজাৰডাল গছ কটা গ'ল। হাপাচৰাৰ পৰা টুলুঙীয়ালৈ এক হাজাৰ ৩শ ৭৯ ডাল, টুলুঙীয়াৰ পৰা যোগীঘোপালৈ ১ হাজাৰ ৬শ ১২ ডালসহ মুঠ ২ হাজাৰ ৯৯১ ডাল গছ কটা গৈছে। নিৰ্মাণকাৰী সংস্থাবোৰে গছ কটাৰ বাবে বনবিভাগক দায়িত্ব অর্পন কৰাত বনবিভাগে ইতিমধ্যে বৃহৎ সংখ্যক গছ কটা সম্পন্ন কৰিছে। ইমান ঠিকা বৃহৎ সংখ্যক গছ কটা যোৱাত মুকলি হৈ পৰে পথৰ লাইৰ দুয়োকায। ইয়াৰে পৰিপ্ৰেক্ষিতত এসময়ত শাৰী শাৰী  বট,আঁহত,গমাৰি,তিতাচপা,নাহৰ আদি বিৰিখে ছাঁ দি পথিকক জিৰণি ল'বলৈ আকুল কৰা সমগ্ৰ পথৰ দাঁতি উন্মুক্ত। প্রচণ্ড ৰ'দ, প্ৰখৰ ৰ'দত থাউনি নোপোৱা অৱস্থা। কাৰণ পথৰ কাষৰ প্ৰায় তিনিহাজাৰ জোপা গছৰ কৃতিত্ব নাম নাই বন বিভাগৰ । উদং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে ২১ ৪৮ বছৰ পূৰ্বে গছ ৰোৱাৰ সংকল্প লৈছিল তেতিয়াৰ ২৬ অন্ত বছৰীয়া যুৱক টুলুঙীয়াৰ বুদ্ধেশ্বৰ ৰায়ে । হাপাচৰাৰ পৰা চৌটাকিলৈ প্ৰায় ২৫ কিল'মিটাৰ পথৰ কাষে কাষে ধন ৰোপণ কৰিছিল তিতাচপা, গমাৰি, আহত, শিলিখা, আম, অর্জুন আদি বিভিন্ন প্ৰজাতিৰ গছ। কেৱল গছপুলি ৰোপণ কৰাই নহয়, নিজৰ গাঁঠিৰ ধন ভাঙি বাহঁ ক্ৰয় কৰি যি গছপুলিবোৰ আবৃত কৰি গছপুলিবোৰ ৰক্ষণাবেক্ষনো ২২ দিছিল বুদ্ধেশ্বৰ ৰায়ে । বুদ্ধেশ্বৰে জানিবলৈ দিয়ামতে, দুই পুন হাজাৰৰ অধিক গছপুলি বিগত ২১ বছৰত ৰোপণ কৰা হৈছিল। সেয়ে সমস্ত গছ কটা যোৱাত যি মৰ্মান্তিক আঘাত কাটি পাইছিল, সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি বুলি মন্তব্য কৰে বুদ্ধেশ্বৰে। গছ কটাৰ পাছত সমপৰিমাণৰ গছ আঁচ নির্মাণকাৰী সংস্থাবোৰে ৰোপণ কৰাটো দায়িত্ব আছিল যদিও এই দায়িত্ব বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল। ইপিনে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ অভয়াপুৰী অংশ নিৰ্মাণ কৰাৰ সাে সময়ত শতিকা গৰকা দেবদাৰু গছবোৰ কটা যোৱাটো নিশ্চিত আছিল যদিও প্রকৃতিপ্ৰেমী ৰাইজৰ দাবীত সেও ২৭ মনাৰ বাবে অক্ষত হৈ ৰ'ল গছবোৰ। বঙাইগাঁৱৰ জে চাপাণ্ডৰীৰ পৰা বৰপেটা হৈ গুৱাহাটীৰ আমিনগাঁৱলৈ যোৱা পথটো নিৰ্মাণ কৰোঁতে অভয়াপুৰী চহৰৰ মাজেৰে যোৱা অংশ বহলোৱাৰ ব্যৱস্থা কৰে। এনে অৱস্থাত ভাব শতিকা জুৰি শিৰ উন্নত কৰি থকা শতাধিক দেৱদাৰু গছ কটাটো নিশ্চিত হৈ পৰে। ইয়াতে আতংকিত হৈ পৰে অঞ্চলটোৰ সচেতন সংগঠন তথা ৰাইজ। গছবোৰ ধ্বংস নকৰাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা দাবীত সেও মানি পথ নিৰ্মাণকাৰী সংস্থা তথা গড়কাপ্টানী বিভাগে বিকল্প ব্যৱস্থা গ্ৰহণ কৰি গছ নকটাৰ সিদ্ধান্ত লয় ।ফলত আজিও অক্ষত ৰূপত ৰ'ল দেৱদাৰু গছবোৰ। এনে অৱস্থাত জিলাখনত চাৰিশৰীয়া পথ নিৰ্মাণ কৰোঁতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিলে অক্ষত হৈ ৰ'লহেতেন প্রায় তিনিহাজাৰ জোপা গছ ।

     বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা গোৱালপাৰাৰ শোলমাৰীলৈ যোৱা পথছোৱাত সহস্ৰাধিক গছ আছিল । পথবোৰ চাৰিলেনযুক্ত হোৱাত গছবোৰ বন বিভাগে কাটি পেলালে। সামান্য ৰদতে এতিয়া পথছোৱাৰে ছাতি নোহোৱাকৈ যাব নোৱাৰি। কিছু ইফাল সিফাল কৰি পথছোৱা নিৰ্মাণ কৰিলে নিশ্চয় গছবোৰ বাছি থাকিলেহেঁতেন আৰু এনে পৰিস্থিতিৰো সৃষ্টি নহ'লহেতেন। নামনিৰ চেৰাপুঞ্জীখ্যাত মাজগাঁৱত আজিকালি কেতিয়াবাহে বৰষুণ দিয়ে। পথ সম্প্ৰসাৰণৰ নামত তাতো হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱা হল। পথো আহল বহল হোৱাৰ পিছতো গছৰ মুঢ়াবোৰ আজিও আছে। মুঢ়াবোৰ থাকিল কিন্তু গছবোৰহে নোহোৱা হল। একেদৰে গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা শোলমাৰীলৈকে পথৰ দুয়ো কাষে কাষে হাজাৰ হাজাৰ, শাল, চেগুন, কৃষ্ণচূড়া, আৰু ৰাধাচূড়া আদিৰ লগতে আন আন গছ গছনি আছিল। কৃষ্ণচূড়া আৰু ৰাধাচূড়াই পথছোৱা মনোমোহা কৰি তুলিছিল। কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ ফুলে পথচাৰীক গাড়ী ৰখাবলৈ বাধ্য কৰাইছিল। ১৯৯৮ চনত পঞ্চৰত্নৰ নৰনাৰায়ণ সেতু মুকলি কৰাৰ সময়তে গছ সমূহ পথৰ কাষে কাষে ৰোপণ কৰা হৈছিল। কিন্তু পথছোৱা চাৰিলেনযুক্ত হোৱাৰ লগে লগে গছসমূহ কাটি পোলোৱা হ'ল। বিভাগীয় হিচাপ অনুসৰি গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এহেজাৰ আৰু কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত এহেজাৰ মুঠ দুই হাজাৰ গছ গছনি কাটি পেলোৱা হৈছে। বন বিভাগে ঠিকাদাৰৰ জৰিয়তে গছসমূহ কাটি কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়, পাইকান, আগিয়া, ই মাকৰি আৰু ভালুকডুবী বীট অফিচত ৰাখি পৰৱৰ্তী সময়ত লিজত দিয়ে। পথ সম্প্ৰসাৰণৰ নামত এইসমূহ প্রকাণ্ড প্রকাণ্ড হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱা হল। বন বভাগে বিনা দ্বিধাই গছ গছনি সমূহ কাটিব দিলে। যাৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ মানুহ উত্তাপত থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত বন বিভাগে আকৌ হাজাৰ হাজাৰ গছ গছনি কটাৰ প্ৰক্ৰিয়া হাতত লৈছে। অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ গছ গছনি নোহোৱা হব।

    দক্ষিণ কামৰূপৰ পলাশবাৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই অসম-মেঘালয় সীমান্তৰ চানডুবিলৈ প্ৰায় ৩৫ কিলোমিটাৰ পথ নতুনকৈ নিৰ্মাণৰ নামত কিছুমাহ পূর্বে শ শ জোপা গছ চৰকাৰী পৃষ্ঠপোষকতাতেই কাটি নিঃশেষ কৰা হৈছে। পুৰণি পথছোৱাৰ দুয়োকাষে শতিকা গৰকা গছবোৰো এফালৰ পৰা কাটি ধ্বংস কৰাৰ নেতৃত্ব খোদ চৰকাৰেই বহন কৰিছিল। উন্নয়ন লাগে বাবেই পথছোৱা নতুন আৰু বহলকৈ সজোৱা হ'ল, সেয়া ভাল কথা যদিও শতিকা গৰকা শ শ জোপা গছ এফালৰ পৰা কাটি পেলোৱাৰ পিছত এতিয়া সমগ্ৰ পথছোৱাৰ মাজত প্ৰখৰ ৰদৰ সময়ত এতিয়া জিৰণি ল'বলৈ অলপো ছা নোহোৱা হৈছে। অৱশ্যে চানডুবিৰ ওচৰৰ প্ৰায় পাঁচ কিলোমিটাৰমান পথ বন বিভাগৰ হাতত থকা আৰু স্থানীয় দল সংগঠনৰ প্ৰতিবাদৰ বাবেই হেজাৰৰো অধিক জোপা মল্যবান শালগছ কাটি পথছোৱা নতুন কৰিব পৰা নাই।এসময়ৰ ঘনঘোৰ চানডুবিৰ চৌপাশ মূল্যবান শালগছেৰে ভৰি আছিল যদিও বিয়াগোম বন বিভাগৰ ছত্রছায়াতেই এফালৰ পৰা নিঃশেষ কৰিছে।

     শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম মালা আঁচনিৰ অধীনত মৰাণ- - নাহৰকটীয়া পথৰ বহলীকৰণৰ নামত চৰকাৰে মুঠ ২৫৫৩ হ জোপা গছ কাটি পেলোৱাৰ লক্ষ্য লৈ পথৰ দাঁতিত শাৰী শাৰীকৈ থকা এই গছবোৰ ইজোপাৰ পিছত সিজোপা কাটি গৈছে। অসম মালা আঁচনিৰ অধীনত মৰাণৰ পৰা নাহৰকটীয়া সমষ্টিৰ দিচাং কিনাৰ বঙালী গাঁৱলৈকে মুঠ ৪৫৯ কোটি ৭৯ লাখ টকা ব্যয় সাপেক্ষে পথ বহলীকৰণ আৰু নিৰ্মাণ হ'বলগীয়া পথটোৰ কাম বৰ্তমান চলি আছে। এই পথটোৰ নিৰ্মাণৰ বাবে পথৰ দুয়োপাৰে কাটি পেলোৱা  হ'ব মুঠ ২৫৫৩ জোপাকৈ বিভিন্ন থলুৱা প্ৰজাতিৰ মূল্যবান গছ। এই আঁচনিৰ বাবে কৰা পৰিৱেশ প্ৰভাৱ মূল্যাংকনত উল্লেখ থকা অনুসৰি এই পথটোৰ বাবে মুঠ ২৫৫৩ জোপা গছ কটা যাব। কিন্তু সেই একেখন মূল্যাংকনতে উল্লেখ থকা অনুসৰি ১৬৫৬.৩২ জোপা গছ কটাৰ নামত ব্যয় হ'ব ১,৮৯, ৪৭, ৩৯৭ টকা। মুঠ ৪৬.৬ কিলোমিটাৰ পথৰ বহুলীকৰণ আৰু নিৰ্মাণৰ নামত ইতিমধ্যেই হাজাৰৰ অধিক গছ কাটি পেলোৱা হৈছে বন বিভাগৰ তত্ত্বাৱধানত যন্ত্রচালিত কৰতেৰে। উল্লেখ্য, ২০১৫ চনৰ ৭ জুলাইত মৰাণ-নাহৰকটীয়া পথটোৰ দুয়োফালে তদানীন্তন ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত মণি ভান্নানে পৰিৱেশ সুৰক্ষাৰ নামত ৬১ লাখ টকা ব্যয় সাপেক্ষে ২২ মিনিটত ২২ হাজাৰ ৪৮টা গছপুলি ৰোপণ কৰি লিমকা বুক অব ৰেকৰ্ডছত নাম অন্তর্ভুক্ত কৰিছিল। যত্ন লোৱাৰ বাবদ ৬১ লাখ টকা মঞ্জুৰ কৰা হৈছিল। উপায়ুক্ত গৰাকীয়ে ৬১ লাখ টকা চৰকাৰী ধন ব্যয় কৰি লিমকা বুকত নিজৰ নাম খুদিত কৰিলে যদিও পিছৰ পৰ্যায়ত সেই গছপুলি সমূহ চোৱাচিতা কৰা হল নে নাই তাৰ কিন্তু কোনো তথ্য নাই। ৬১ লাখ টকা ব্যয় কৰি। যি গছপুলি ৰোপণ কৰা হৈছিল সেই ২২ হাজাৰ পুলিৰ যদি ২২০০ পুলিও বাছিলে বুলি ধৰা হয় তেনেহ'লে এতিয়া পুনৰ পথ বহলীকৰণ আৰু নিৰ্মাণৰ নামত কোটি কোটি টকা খৰচ কৰি ২৫৫৩ জোপা গছ দেখোন চৰকাৰেই কাটিবলৈ উদ্যত হৈছে। ইফালে উক্ত পৰিৱেশ প্ৰভাৱ মূল্যাংকনতে উল্লেখ থকা অনুসৰি এই অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পথৰ দুয়োকাষে কাটি পেলোৱা ২৫৫৩ জোপা গছৰ বিনিময়ত মূল্যাংকন খনৰ ২১৫ নং পৃষ্ঠাত ক্ৰমিক নং ৩ প্রসংগ ৩০৭ নং ত উল্লেখ থকা অনুসৰি ২ কোটি ১২ লাখ ১৫ হাজাৰ ৪৩০ টকা ব্যয় সাপেক্ষ ৰোপণ কৰা হ'ব ২৫৫৩০টা গছপুলি। তদুপৰি ঘেৰ বনোৱাৰ নামত ব্যয় কৰা হ'ব ৯১ লাখ ৬৫ হাজাৰ ২৭০ টকা। অর্থাৎ 2553 জোপা গছ কটাৰ পৰা ২৫৫৩০ জোপা গছ ৰোপণ কৰালৈকে মুঠ ব্যয় হ'ব ৪ কোটি ৯৩ লাখ ২৮ হাজাৰ ৯৭ টকা। ইতিমধ্যেই হাজাৰৰো অধিক গছ কাটি পেলোৱা মুঠ ২৫৫৩ জোপা গছৰ ভিতৰত ভাৰত গৌৰৱ হিচাপে জনাজাত এজাৰ গছকে ধৰি বহু মূল্যবান গছ আছে। কিন্তু এই গছসমূহ সৰহ সংখ্যকেই ২০১৫ চনত ৰোপণ কৰি লিমকা বুকত ৰেকৰ্ড কৰা গছ নহয় বৰঞ্চ এই গছসমূহৰ বয়স প্ৰতিজোপাই ২০ ৰ পৰা ৩০ বছৰ পৰ্যন্ত হ'ব, ইয়াৰে কিছুমান গছৰ বয়স কমে ও ৫০ বছৰ বা তাতোধিক।

     এতিয়া প্ৰশ্ন হয় কেৱল গছপুলি ৰোপণতেই চৰকাৰৰ দায়িত্ব শেষ নেকি?নে এইদৰে বন ধ্বংসযজ্ঞ  ৰোধ কৰাৰ প্ৰয়োজনবোধ কৰিব সেয়াহে হ'ব লক্ষণীয়।

No comments