Breaking News

ভাৰতত সুদীৰ্ঘ ২৭ বছৰৰ অন্তত অনুষ্ঠিত হ'ব 'মিছ ৱৰ্ল্ড-২০২৩'


ৰূপ, প্ৰজ্ঞা আৰু সৌন্দৰ্যৰ আন্তর্জাতিক স্বীকৃতি বুলি ক'ব পাৰি এই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাক। প্ৰায় প্ৰতিগৰাকী বুদ্ধিমান আৰু ৰূপৱতী যুৱতীৰেই হয়তো মিছ ৱৰ্ল্ড হোৱাৰ হাবিয়াস থাকে। সুদীৰ্ঘ প্ৰায় তিনিটা দশকৰ অন্তত পুনৰবাৰ ভাৰতত অনুষ্ঠিত হ'ব বিশ্ববাসীক আকর্ষিত তথা আলোড়িত কৰি ৰখা সৌন্দর্য প্রতিযোগিতাখনৰ গ্ৰেণ্ড ইভেন্ট। ৭১ সংখ্যক মিছ ৱৰ্ল্ড-২০২৩ প্রতিযোগিতাখন এইবাৰ ভাৰতত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে মিছ ৱৰ্ল্ড অর্গেনাইজেশ্বনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মালিয়ে। ইয়াৰ পূৰ্বে ভাৰতত ১৯৯৬ চনত অনুষ্ঠিত হৈছিল বিশ্বৰ সৌন্দর্য প্রতিযোগিতাখন। অর্থাৎ ২৭ বছৰৰ অন্তত বহু প্রত্যাশিত মিছ ৱৰ্ল্ড প্রতিযোগিতা ৭১ সংখ্যক সংস্কৰণটো ভাৰতত চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাখনৰ দিন-বাৰ বৰ্তমানেও চূড়ান্ত কৰা হোৱা নাই। লক্ষণীয়ভাৱে ভাৰতৰ ছয় দি সুন্দৰীয়ে বৰ্তমানলৈ মিছ ৱৰ্ল্ড খিতাপ দখলেৰে গৌৰৱ কঢ়িয়াই আ ই আনিবলৈ সক্ষম হৈছে। এখন সংবাদ মেলত মিছ ৱৰ্ল্ড অর্গেনাইজেশ্বনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মালিয়ে কয়— ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্রতিযোগিতাৰ ফাইনেলৰ আয়োজক হৈছে ভাৰত। এই প্রতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্রময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্ববাসীয়ে প্রত্যক্ষ  কৰিছে। উল্লেখ্য, বিশ্বৰ ১৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় য়ে বিজয়ী সকলে মিছ ৱৰ্ল্ড ২০২৩ প্রতিযোগিতাত অংশগ্রহণ কৰিব। ভাৰতত অনুষ্ঠিত হ'ব আটাইতকৈ আকর্ষণীয় মিছ ৱৰ্ল্ড ফাইনেল ইভেণ্টটো। বৰ্তমানৰ মিছ ৱৰ্ল্ড পোলেণ্ডৰ কেৰ'লিনা বিলাউস্কে ভাৰতত বাহৰ পাতি প্ৰতিযোগিতাখনৰ প্ৰচাৰ অব্যাহত ৰাখিছে। মিছ ৱৰ্ল্ড খিতাপ দখল কৰা ভাৰতৰ ছয় বিশ্বসুন্দৰী হৈছে ক্ৰমে— ৰীতা ফৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্রিয়ংকা চোপ্ৰা (২০০০) আৰু মানুসী ছিল্লাৰ (২০১৭)। এইবাৰ সৌন্দৰ্য প্ৰতিযোগিতাখনত ভাৰতৰ হৈ 2022 বৰ্ষৰ মিছ ইণ্ডিয়া ছিনি ছেট্টীয়ে অংশগ্রহণ কৰিব। 

No comments