Breaking News

ৰঙাগড়াত নতুন তৈলখাদ স্থাপনৰ পৰিকল্পনা অইলৰ: ক্ষোভিত ৰাইজে ওভতাই পঠিয়ালে 'অইলৰ'‌ দলক


সমগ্ৰ ৰাজ্য কঁপাই যোৱা বাঘজান কাণ্ড মাৰ নৌযাওঁতে তৈলখাদ স্থাপনৰ পৰিকল্পনা কৰিছে অইল ইণ্ডিয়া লিমিটেডে। ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈ বাঘজানৰ সমীপত অইল ইণ্ডিয়া লিমিটেডে নতুনকৈ ৰঙাগড়াত স্থাপন কৰিব তৈলখাদ। স্থানীয় ৰাইজে বাৰে বাৰে জিলা প্ৰশাসনক দিয়া অভিযোগ আৰু আপত্তিৰ পাছতো তেল-গেছ খান্দিবলৈ অহা অইলৰ বিষয়া-অভিযন্তাক বুধবাৰে ওভতাই পঠিয়ালে উত্তেজিত জনতাই। অইলে তৈলখাদ স্থাপন কৰিব খোজা গুইজানৰ ৰঙাগড়া নতুন গাঁওখন ডিব্ৰু--ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ অন্তৰ্গত আৰু ডিব্ৰু ছৈখোৱা ইক' ছেনছিটিভ জনত অন্তৰ্ভুক্ত হৈ আছে গাঁওখনৰ অৰ্দ্ধাংশ এলেকা। ইফালে তৈলক্ষেত্ৰৰ পৰা ডিব্ৰু-ছৈখোৱা ইক' ছেনছিটিভ জ'ন আৰু মাগুৰি মতাপুং বিললৈ দূৰত্ব মাত্র ৬০০মিটাৰ। আনহাতে, অইলৰ এই কাম-কাজৰ বাবে কোনোধৰণৰ গণ-শুনানি অনুষ্ঠিত কৰাটো বাদেই এই তৈলখাদ স্থাপনৰ বাবে অইলে প্রস্তুত কৰা নাই ই আই এ প্রতিবেদন আৰু লাভ কৰা নাই পৰিৱেশ ‘অনুজ্ঞা পত্ৰ' (ই চি )। সম্পূর্ণ নীতি-নিয়ম উলংঘা কৰি অইল ইণ্ডিয়া লিমিটেডে অঞ্চলটোত তৈলখাদ স্থাপন কৰি লোকসকলক এক অনাকাংক্ষিত পৰিৱেশৰ মাজেৰে ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে। ২০২০ চনৰ ২৭মেত বাঘজান তৈলখাদ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই বাঘজানকে ধৰি ইয়াৰ সমীপৱৰ্তী বহুকেইখন বি গাঁৱৰ কৃষিভূমি প্ৰদূষিত কৰিলে। বাঘজান কাণ্ডই নতুন গাঁৱকে ধৰি এই অঞ্চলটোৰ মানুহ আৰু জৈৱ-বৈচিত্ৰ্যলৈ চিৰদিনৰ বাবে কাল অমানিশা নমাই অনাৰ পাছতো দেশৰ ৰাজহুৱা খণ্ডৰ তৈল প্রতিষ্ঠানটোৱে ক্ষতিগ্ৰস্ত ৰাইজক অকনো সহমর্মিতা প্রদর্শন নকৰিলে। অথচ চলিত বৰ্ষৰ ২৩জানুৱাৰীত দেশৰ সর্বোচ্চ ন্যায়ালয়ে বাঘজান কাণ্ডত ক্ষতিগ্ৰস্তক দুমাহৰ ভিতৰত ক্ষতিপূৰণ ব আদায়ৰ নিৰ্দেশ প্রদান কৰিছিল চৰকাৰ আৰু অইল কর্তৃপক্ষক। বাঘজানৰ মনোজ হাজৰিকা আৰু নতুন গাঁৱৰ নীৰন্ত গোহাঁয়ে উচ্চতম ন্যায়ালয়ত দিয়া গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ ৰায়কো অৱমাননা কৰি আজি পর্যন্তলৈকে ক্ষতিপূৰ্ণ আদায় उ নিদিলে অইল-চৰকাৰে। কিন্তু ইয়াৰ মাজতে প্ৰদূষিত অঞ্চলটোত পুনৰ তৈলখাদ স্থাপনেৰে সমগ্ৰ অঞ্চলটোক মৰুভূমিসদৃশ পৰিৱেশৰ মাজলৈ ঠেলি দিব খোজা অইলৰ কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ। প্ৰকৃতিপ্ৰেমী নীৰন্ত গোহাঁয়ে জানিবলৈ দিয়া মতে, অইলে তৈলখাদ স্থাপন কৰিব খোজা অঞ্চলটো হৈছে কৃষিভূমি এলেকা। এই স্থানৰ কাষতেই আছে মির্জাপুৰ প্ৰাথমিক বিদ্যালয় আৰু নামঘৰ। তদুপৰি, ইয়াৰ আশে-পাশে আছে ঘন জনবসতি। নতুন ৰঙাগড়া গাঁওখনৰ লোকসকলে গাঁওখনক যোৱা ২২বছৰ পূৰ্বৰে পৰা ইক টুৰিজম গাঁৱৰূপে গঢ়ি তুলিছে। গাঁওখনত কেইবাটাও ইক’কেম্প, হোমষ্টে আদিৰ উপৰিও ভাৰত চৰকাৰৰ পুঁজিৰে নিৰ্মিত ১৯কোটিটকীয়া ইক' টুৰিজ্যম কেন্দ্র আছে। অইলখাদৰ দৰে প্ৰদূষিত কেন্দ্ৰই উক্ত ইক টুৰিজ্যম উদোগটো ধ্বংস কৰিব। সেইদৰে গাঁওখন কছাৰী, আহোম, কলিতা, আদিবাসী আদি জনগোষ্ঠী আৰু বিশেষকৈ খিলঞ্জীয়া মটক জনগোষ্ঠীয় লোকৰ বসতিস্থল। প্ৰকৃতি আৰু লোক-সংস্কৃতিত গাঁওখন অতি চহকী। অইল খাদৰ দৰে প্ৰদূষিত উদ্যোগে এই লোকসকলৰ বসতি ধ্বংস কৰিব। প্ৰতিবছৰ বানত এই স্থান ডুবি তাৰ ওপৰেদি সোঁত বয় আৰু উক্ত পানী ডিব্ৰু-ছৈখোৱা বায় স্ফিয়াৰ ৰিজাৰ্ভত সোমায়গৈ। তেনে সোঁতত প্ৰদূষিত খাদটোৰ বিষাক্ত দ্রব্য উটি গৈ জৈৱ-বৈচিত্র্য ক্ষেত্ৰখন ক্ষতি কৰিব। উক্ত স্থানৰ নিচেই কাষতে থকা বিশ্ববিখ্যাত পক্ষীৰ আৱাসস্থল মাগুৰি- মতাপুং বিলখন ক্ষতিগ্ৰস্ত হ'ব। এনে খাদত অকস্মাতে বিস্ফোৰণ বা ব্ল’-আউটৰ বি দৰে অঘটন হ'লে তাক তাৎক্ষণিকভাৱে প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অইলৰ নাই । 2020 চনৰ ২৭ মে'ত বাঘজানত সংঘটিত তৈলখাদ বিস্ফোৰণেই আছিল ইয়াৰ উৎকৃষ্ট নিদর্শন। আনহাতে, ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পাছতো অইলে উক্ত বিস্ফোৰণত ক্ষতিগ্রস্ত নতুন ৰঙাগড়াবাসীকে ধৰি অন্য ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান কৰা নাই আৰু স্বাস্থ্য বীমা কৰা নাই। আনহাতে, এই আটাইকেইটা বিষয়ৰ বিপৰীতে যদিহে অইলে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপত্তিবিহীন অনুমতি-পত্র বি লাভ কৰিছে তেনেহ'লে সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে। অন্যথা অইলৰ  বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে। 

No comments