Breaking News

অৱশেষত উত্তৰ - পূৰ্বাঞ্চললৈ মৌচুমীৰ আগমন

 


যোৱা‌ কেইটামান দিনৰ পৰা প্ৰচণ্ড গৰমে দহিচে ৰাজ্য।আনহাতে বৰষুণৰ অভাৱত তথৈবচ অৱস্থা কৃষকসকলৰ।পানীৰ অভাৱত খেতিৰ বাবে হাল জুৰিব পৰা নাই কৃষকসকলে। অৱশেষত এই সকলো সমস্যাৰ সমাধান লৈ আহো-নাহোকৈ কেইদিনমান পলমকৈ শনিবাৰে দুপৰীয়াৰ ভাগত কৃষক ৰাইজৰ বন্ধু স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ কাষৰীয়া ৰাজ্যকেইখনত প্ৰৱেশ কৰিছে। স্বাভাবিকতে প্ৰকৃতিৰ চিৰাচৰিত ৰীতি অনুসৰি উত্তৰ-পূবৰ মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে জলীয় বাষ্পৰ ৰূপত আকাশৰে মেঘৰ আগমন হৈছে । এই প্রাকৃতিক পৰিঘটনাৰ ফলত অসমৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে বেছিভাগ ঠাইতে কম বেছি পৰিমাণে বৰষুণ আৰম্ভ হৈছে। ফলত শুকুৰবাৰলৈকে ৩৯ ডিগ্রী চেলচিয়াছৰে ৰাজ্যৰ ভিতৰত সর্বোচ্চ তাপমাত্ৰাৰ অভিলেখ গঢ়া তেজপুৰ চহৰৰ তাপমাত্রা শনিবাৰে নিম্নগামী হৈ ৩২.৩ ডিগ্রী চেলচিয়াছ হৈছে। শুকুৰবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮.২ ডিগ্রী চেলচিয়াছ। কিন্তু মৌচুমী বায়ুৰ কৃপাত শনিবাৰে ৩৩.০ ডিগ্রী চেলচিয়াছলৈ হ্ৰাস পাই। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক এটা সপ্তাহ ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে কম বেছি পৰিমাণে বৰষুণ হ'ব। আনকি মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবর্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিকতকৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছিল তাপমাত্রা। ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্রচণ্ড গৰমৰ বাবে বিদ্যালয় সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল। জেঠৰ গৰমে এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল। কিন্তু বৰষুণ আৰম্ভ হোৱাত শনিবাৰে প্ৰায় কুৰিটা দিনৰ অন্তত তাপমাত্রা বহুখিনি কমি যোৱাত ৰাইজে গৰমৰ পৰা বহু সকাহ লাভ কৰিছে। এই কাৰ্য এটা সপ্তাহ ধৰি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। শনিবাৰৰ দিনটোতে ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল এনে ধৰণৰ — ডিব্ৰুগড়ত ৩৬.০ ডিগ্রী ছেলছিয়াছ, শিলচৰত ৩৭.৮ ডিগ্ৰী ছেলছিয়াছ, ধুবুৰীত ২৬.৬ ডিগ্রী ছেলছিয়াছ, যোৰহাটত ৩৩.৬ ডিগ্রী ছেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৬.৫ ডিগ্রী ছেলছিয়াছ। আনহাতে উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৩.২ ডিগ্রী ছেলছিয়াছ। ইফালে শনিবাৰৰ দিনটোত দুই এঠাইক বাদ দি ৰাজ্যৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু দুই এঠাইত মজলীয়া পৰিমাণৰ বৰষুণ হৈছে। ইফালে বৰষুণৰ অপেক্ষাত থকা আৰু শালি ধানৰ খেতিৰ বাবে সাজু হোৱা কৃষকসকলৰ মুখত হাঁহি আহিছে বৰষুণৰ আগমনত ।

No comments