Breaking News

গুজৰাটত ভয়ংকৰ প্ৰলয়

 


ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ‌ই শংকা কৰাৰ দৰেই প্রচণ্ড শক্তিৰে চাইক্ল’ন ‘বিপর্যয়ে’ গুজৰাটৰ জাখৌ বন্দৰত কালি সন্ধিয়া খুন্দা মাৰি ৰাজ্যখনৰ উপকূলৱৰ্তী অঞ্চলসমূহ এফালৰ পৰা মষিমূৰ কৰি নিয়ে। পূর্বনির্ধাৰিত সময়তকৈ প্ৰায় এঘণ্টা দেৰিকৈ, সন্ধিয়া ৬ বজাত চাইক্ল’ন ‘বিপর্যয়’ গুজৰাটৰ মাণ্ডৱি আৰু পাকিস্তানৰ কৰাচীৰ মাজত অৱস্থিত জাখৌ বন্দৰত আচাৰ খাই পৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রই কেইবাদিনো পূৰ্বে এই স্থানতে ভয়ংকৰ চাইক্ল’ন ‘বিপর্যয়ে’ আঘাত হানিব বুলি পূর্বানুমান কৰিছিল। সেই পূর্বানুমান আখৰে আখৰে সত্যত পৰিণত কৰি বৃহস্পতিবাৰে সন্ধিয়া ছয় বজাত নেৰ চাইক্লন 'বিপর্যয়'ৰ 'লেণ্ডফল' আৰম্ভ হয়। উল্লেখ্য বতৰ বিজ্ঞানৰ ভাষাত একোটা চাইক্লন বা ঘূর্ণীবৃষ্টি সমুদ্র পৃষ্ঠৰ ওপৰৰ পৰা আহি এই স্থলভাগত খুন্দা খাই পৰাৰ প্ৰক্ৰিয়াটোক 'লেণ্ডফল' বুলি কোৱা হয়। বৃহস্পতিবাৰে এঘণ্টা পলমকৈ 'বিপর্যয়ে' অতি ভয়ংকৰ ঘূর্ণিবৃষ্টি অর্থাৎ ৰক এক্সট্রিমলি ছিভিয়েৰ চাইক্লন'ৰ ৰূপ লৈ গুজৰাটৰ মাগুৰি আৰু বল কৰাচীৰ মাজৰ জাখোঁ বন্দৰত খুন্দা মাৰি ভয়ানক তাণ্ডৱৰ সৃষ্টি কৰিছে। নেৰ এই জাখোঁ বন্দৰ গুজৰাটৰ কচ্চ জিলাৰ অন্তৰ্গত। জাখোঁ বন্দৰত আনি বিপর্যয়'ৰ 'লেওফল'ৰ আগে-পিছে বিস্তীর্ণ অঞ্চলত ঘণ্টাত ১৫০ মাৰু কিলোমিটাৰ গতিৰ বতাহে তাণ্ডৱৰ সৃষ্টি কৰিছে। কালি নিশা 'বিপর্যয়’  পোৰবন্দৰ আৰু দেৱভূমি দ্বাৰকাৰ কাষেৰে পাৰ হৈ আহোতে উপকূলৱৰ্তী গুজৰাটৰ সেই অঞ্চলসমূহ 'বিপর্যয়ে' একপ্ৰকাৰ মষিমূৰ কৰি আহিছিল। 'লেণ্ডফল' হোৱাৰ পাছত বা কেতিয়াবা আগতেও সচৰাচৰ হোৱাৰ দৰে চাইক্ৰ'ন 'বিপর্যয়' সামান্য শক্তিহীন হৈ পৰিব বুলি নেৰ ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণা সম্পূৰ্ণৰূপে সত্যত পৰিণত বিধি নহ'ল । কিয়নো 'বিপর্যয়ে লেওফল আৰম্ভ কৰাৰ সময়ত জাখোঁ বন্দৰকে ধৰি সমগ্ৰ অঞ্চল তীব্ৰবেগী বতাহৰ জোৰেৰে সম্পূৰ্ণৰূপে তচনচ কৰি পেলাইছে। পাকিস্তানৰ কৰাচীৰ উপৰি 'বিপর্যয়ে' গুজৰাটৰ নৈৰ দেৱভূমি দ্বাৰকা, পোৰবন্দৰ, জামনগৰ, ম'ৰবি, জুনাগড় আৰু ৰাজকোট জিলাত ভয়ংকৰ ক্ষতিসাধন আৰম্ভ কৰিছে। ইতিপূর্বে গুজৰাটৰ ইন উপকূলবর্তী সকলো জিলাৰ পৰা এক লাখৰো অধিক লোকক নিৰাপদ বিৰ স্থানলৈ নি আশ্রয় শিবিৰত ৰখা হৈছে। সমুদ্ৰৰ পাৰৰ পৰা স্থলভাগৰ ২০ লে। কিলোমিটাৰ দূৰলৈ সমগ্ৰ গুজৰাটত এতিয়া এটাও জনপ্রাণী নাই । দ্রাহ নিরাপদ স্থানলৈ সমুদ্ৰৰ পাৰৰ এক লক্ষাধিক বাসিন্দাক স্থানান্তৰ কৰাৰ কে ফলত 'বিপর্যয়'ৰ লেগুফল আৰম্ভ হোৱাৰ পাছতো কোনো লোকৰ নত প্রাণহানি বা তেনে খবৰ অহা নাই। কিন্তু ঘণ্টাত প্রায় ১৫০ কিলোমিটাৰ গতিৰ বতাহে এক বিস্তীর্ণ অঞ্চল মষিমূৰ কৰি পেলাইছে। 'বিপর্যয়ে তাদে হৰ প্ৰচণ্ড শক্তিৰে উঘালি পেলাইছে অসংখ্য গছ। অতি শক্তিশালী চাইক্ল'নটোৱে উপকূলৰ দীঘলীয়া অংশৰ অসংখ্য ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে বিদ্যুতৰ খুঁটা, তাৰ ছিঙি লণ্ডভণ্ড কৰি পেলাইছে। সবাতোকৈ ভয়ংকৰ ঘটনা হৈছে 'বিপর্যয়ে' নিশা কৰা লেণ্ডফলত। কিয়নো দিনৰ ভাগত বিপর্যয়ে' খুন্দা মাৰিলে ক্ষয়-ক্ষতি প্রত্যক্ষ কৰা এই সহজ হ'লহেঁতেন। পিছে নিশা হোৱা লেণ্ডফলৰ বাবে 'বিপর্যয়ে' কিমান ক্ষতি কৰিছে সেয়া অনুমান করা কঠিন হৈ পৰিছে। তদুপৰি বিদ্যুতৰ খুটা, রাত তাঁৰ ভাঙি ছিঙি পেলোৱাত গুজৰাটৰ উপকূলৱৰ্তী বিস্তীর্ণ অঞ্চল বা এতিয়া অন্ধকাৰত বুৰ গৈছে। সেয়ে নিশাৰ ভাগত উদ্ধাৰ কাৰ্য চলোৱা ভিন্ন বা মেৰামতি কৰা অসম্ভৱ হৈ পৰিছে। সন্ধিয়া ছয় বজাত 'বিপর্যয়'ৰ স এই লেওফল আৰম্ভ হ'লে এই চাইক্লনৰ বৃহৎ অংশ মাটিত আচাৰ খাই ই শৰ পৰিবলৈ এতিয়াও বাকী আছে। 'বিপর্যয়'ৰ কেৱল অগ্রবর্তী অংশইহে শৰ এতিয়া জাখৌ বন্দৰৰ স্থলভাগত খুন্দা মাৰিছে। ভাৰতীয় বতৰ বিজ্ঞান ভত কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি 'বিপর্যয়'ৰ লেওফল গভীৰ নিশালৈকে আৰু হয়তো পুৱতি নিশালৈকে অব্যাহত থাকিব। মাজনিশা ১২ বজাত ৰিৰ বিপৰ্যয়'ৰ 'আই' অর্থাৎ চকুটো আহি মাটিত পৰিবহি। 'বিপৰ্যয়'ৰ আইৰ উ হনে ব্যাস হৈছে ৫০ কিলোমিটাৰৰ অধিক। উল্লেখ্য সকলো চাইক্লাবে চি মাজৰ অংশটো প্ৰায় খালী হৈ থাকে আৰু ইয়াক কেন্দ্ৰ কৰি চাইক্ল'নব লে। জলীয়বাষ্প তথা জলকণা তীব্ৰগতিত ঘূৰি থাকে। মাজৰ এই প্ৰায় খালী দখা অংশটোক 'আই' অর্থাৎ চকু বুলি কোৱা হয়। এতিয়ালৈকে 'বিপর্যয় ব কৰে আই অর্থাৎ চকু চাইক 'নটোৰ সৈতে সমুদ্রৰ ওপৰতে ঘূর্ণীয়মান অৱস্থাত লৈ আছে। চকুটোৱে মাটিত খুন্দা মৰাৰ পাছতো 'বিপর্যয়'ৰ প্ৰায় অর্ধেক অংশই মাটিত খুন্দা মাৰিবলৈ বাকী থাকিব। সেয়ে 'বিপর্যয় ৰ লেগুফল বি ৰাষ্ট্ৰ পুৱতি নিশা পৰ্যন্ত হৈ থাকিব। সেয়ে বিপর্যয়'ৰ ফলত কি পৰিমাণৰ ৰাষ্ট্ৰ ক্ষতি হ'ল সেয়া নিৰ্ধাৰণ কৰিবলৈ শুকুৰবাৰলৈ অপেক্ষা কৰিব লাগিব। চাৰ বিপৰ্যয়'ৰ ফলত সমগ্ৰ গুজৰাটত প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছে। সমুদ্ৰৰ য়ণ নিকটবর্তী অঞ্চল 'বিপর্যয়ে' কঢ়িয়াই অনা পানীত বুৰ গৈছে। 'বিপর্যয় ব ফলত গুজৰাটৰ কেইবাখনো চহৰ আৰু উপকূলৰ কাষৰ অসংখ্য গাঁও বানপানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে। গুজৰাটক মষিমূৰ কৰাৰ কে, পাছত 'বিপর্যয়ে' ৰাজস্থানতো তাণ্ডব চলাব। ৰাজস্থানৰ যোধপুৰ আৰু চাৰু উদয়পুৰ জিলাত 'বিপর্যয়ে' প্ৰৱল বৃষ্টিপাত সৃষ্টি কৰিব। ইতিমধ্যে হত বিপর্যয়'ৰ প্ৰভাৱত গুজৰাটৰ উপৰি কেৰালা, তামিলনাড়ু, কর্ণাটক, বা। মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্রদেশ, গোৱা, দমন ডিউ, লাক্ষাদ্বীপ, দাদৰা নগৰ হয়, হাভেলিত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড বৰষুণ হৈছে। গুজৰাটত ৰিৰ 'বিপর্যয়'ৰ ফলত অহা দেওবাৰলৈকে প্ৰবল বৰষুণ হ'ব বুলি বতৰ নীৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। প্রকৃত উদ্ধাৰ অভিযান আৰু সাহায্য এখন প্রদান শুকুৰবাৰৰ পৰাহে আৰম্ভ হ'ব। তাৰ বাবে মুঠতে ১৮টা গৰ এনডিআরএফ আৰু ১২টা এছডি এফৰ উদ্ধাৰকাৰী দল ক্ষতি হ'ব ইত পৰা সম্ভাব্য স্থানত সাজু ৰখা হৈছে। দেশৰ তিনিওটা সামৰিক বাহিনীক কে পরিস্থিতি মোকাবিলাৰ বাবে সষ্টা কৰি ৰখা হৈছে। স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বুধবাৰেই তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে কথা পাতিছে। বিপদৰ আশংকাত এই পর্যন্ত মুঠতে ৯৫ খন ৰেলৰ যাত্ৰা পশ্চিম ৰে'লৱেই বাতিল কৰিছে। গুজৰাটৰ তখন জিলাৰ সকলো শিক্ষানুষ্ঠান ৩ দিনৰ বাবে বন্ধ দিয়া হৈছে। ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা অঞ্চলত সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে সাজু ৰখা হৈছে। তা সামগ্রিকভাৱে 'বিপর্যয়’ৰ আগমনত অস্তমান হৈ থকা গুজৰাটবাসীয়ে এতিয়া নিশাৰ ত্ৰাস কেতিয়া শেষ হয় তাৰ বাবে ক্ষণ গণিছে।

No comments