Breaking News

গুৱাহাটী ৰে'লৱে ষ্টেচন হ'ব জাপানৰ দৰে অত্যাধুনিক

 


মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- ‘জাপানৰ দৰে অত্যাধুনিক হ’ব গুৱাহাটী ৰে'লৱে ষ্টেচন। ৭০০ কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব পল্টন বজাৰ ৰে'লৱে ষ্টেচন।'বুধবাৰে দিছপুৰৰ জনতা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম (এএছটিচি) আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মাজত স্বাক্ষাৰিত এক ভূমি বুজাবুজিৰ চুক্তিৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে— আজিৰ বুজাবুজিৰ চুক্তিমতে এএছটিচিয়ে পল্টন বজাৰৰ ৫ বিঘা ভূমি ৰে'লৱেক হস্তান্তৰ কৰাৰ বিপৰীতে ৰে'লৱেই জালুকবাৰীত ২০ বিঘা ভূমি এএছটিচিক দিব। এই ভূমিত আইএছবিটিৰ আৰ্হিত আৰু এটা বাছ আস্থান নির্মাণ হ'ব। ১৬৭৭ কোটি টকা ব্যয়েৰে ৰে'লৱে শৰাইঘাটত ৰি দ্বিতীয়খন দলঙৰ নিৰ্মাণ কৰিব। আজ্ঞাঠুৰিৰ পৰা কামাখ্যাক সামৰি নিৰ্মাণ হ'বলগীয়া নতুন ৰে'লপথত এই দলং নিৰ্মাণ হ'ব। শিলঘাটৰ পৰা তেজপুৰক সামৰি ২৫ কিলোমিটাৰ দৈঘ্যৰ নতুন ব্ৰডগজ লাইন হ'ব। মাজুলী আৰু দৰং ৰে'ল মানচিত্ৰত অন্তভুক্ত হ'ব। উল্লেখ্য যে থ্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইৰ উপস্থিতিত আজি জনতা ভৱনস্থিত । মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম চৰকাৰে ৰে'লৱে আৰু নুমলীগড় শোধনাগাৰৰ লগত গুৱাহাটী ৰে'লৱে ষ্টেশ্যনৰ প্ৰৱেশ পথ নিৰ্মাণ আৰু ল আভ্যন্তৰীণ জল পৰিৱহণৰ জাহাজত ব্যৱহৃত হাইস্পীড ডিজেল যোগান ধৰাৰ ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই ক. বুজাবুজিৰ চুক্তিৰ অংশ হিচাপে উত্তৰ পূৱ সীমান্ত ৰে'লৱে পল্টন ৰ বজাৰস্থিত ৰে'ল ষ্টেশ্যনৰ দ্বিতীয়খন প্ৰৱেশ পথৰ নিৰ্মাণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ লগত ভূমি হস্তান্তৰ চুক্তিত স্বাক্ষৰ প্ৰদান কৰে। অসম ৰাজ্যিক পৰিবহণ নিগমে পল্টন বজাৰস্থিত কাৰ্যালয়ৰ ৪ বিঘা ৪ কঠা ১৯ লেচা ভূমি ৰে'লৱেক অর্পণ কৰাৰ বিপৰীতে ৰে'লৱেয়ে জালুকবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ২০ বিঘা ২ কঠা ১ লেচা ভূমি অসম ৰাজ্যিক পৰিবহণ নিগমক হস্তান্তৰ কৰাৰ উপৰি ৰে'লৱে অসম ৰাজ্যিক পৰিবহণ নিগমক ৫.৯৩ কোটি টকা প্ৰদান কৰে। আনহাতে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু জব নুমলীগড় শোধনাগাৰ লিমিটেডৰ মাজত হোৱা দ্বিতীয়খন বুজাবুজিৰ ন চুক্তিৰ জৰিয়তে নুমলীগড় শোধনাগাৰে আভ্যন্তৰীণ জল পৰিবহণৰ অসমত চলাচল কৰা জাহাজসমূহৰ বাবে হাইস্পীড ডিজেল যোগান ধৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আজিৰ এই ই গুৰুত্বপূৰ্ণ অনুষ্ঠানত হৈ যোৱা বুজাবুজিৰ চুক্তিখনে পৰৱৰ্তী প্ৰজন্মৰ বাবে গুৱাহাটী ৰেল ষ্টেশ্যনক এক নতুন মাত্রা প্ৰদান কৰিব বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে গুৱাহাটী ৰে'লৱে ষ্টেশ্যনত ১৫ ৰ পৰা ২০ শতাংশ বৃদ্ধিৰ হাৰেৰে বছৰি ১ কোটি যাত্রী অহা যোৱা কৰে। এই ই চুক্তিৰ জৰিয়তে গুৱাহাটী ৰে'লৱে ষ্টেশ্যন এক বিশ্বমানৰ ৰে'ল ষ্টেশ্যন হিচাপে পৰিগণিত হোৱাৰ লগতে যাত্ৰীসকলক সুবিধাও হ'ব বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৯ বছৰত ৰাজ্যখনত ২২১ ৰ কিলোমিটাৰ মিটাৰগজ ৰে'লপথ বডগজ ৰে'ল পথলৈ ৰূপান্তৰিত হৈছে। তদুপৰি ২০০ কিলোমিটাৰতকৈ অধিক ৰে'ল পথ দ্বৈত পথলৈ পৰিৱৰ্তন সাধন কৰা হৈছে। তদুপৰি ৰে'লৱে আজ্ঞাঠুৰিত মালবাহী ৰে'ল ষ্টেশ্যন আৰু সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলঙৰ সমীপত অন্য এখন ৰে'ল দলং নিৰ্মাণ কৰিব। বছৰি ১ কোটি যাত্রী অহা যোৱা কৰা ৰে'লৱে ষ্টেশানে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো স্থানৰ সংযোগ সাধন কৰি আহিছে। তেওঁ লগতে কয় যে ৰাজ্যখনে এটা অত্যাধুনিক ৰেল ষ্টেশ্যনৰ প্রয়োজনীয়তা দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিল। এই বুজাবুজিৰ -ছু চুক্তিয়ে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰে'লৱেৰ উভয়কে হে উপকৃত কৰিব। তেওঁ কয় যে গুৱাহাটী ৰে'লৱে ষ্টেশ্যনৰ সমীপৱৰ্তী এলেকাৰ যান-জঁটৰ বহুলাংশে হ্ৰাস কৰি উন্নয়ন সাধনটো এই চুক্তিয়ে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰে'লৱেৰ উভয়কে উপকৃত কৰিব। তেওঁ কয় যে গুৱাহাটী ৰে'লৱে ষ্টেশ্যনৰ সমীপৱৰ্তী এলেকাৰ যান-জঁটৰ বহুলাংশে হ্ৰাস কৰি উন্নয়ন সাধনটো এই বুজাবুজিৰ চুক্তিয়ে প্ৰভাৱ পেলাৱ। তেওঁ লগতে কয় যে এই দুয়োখন চুক্তিয়ে ৰাজ্যখনৰ উন্নয়নৰ প্ৰক্ৰিয়াটোক আৰু অধিক ত্বৰান্বিত কৰি তুলিব। উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ হৈ সঞ্চালক ৰাহুল দাস আৰু উত্তৰ পূব সীমান্ত ৰে'লৱেৰ লামডিং ডিভিজনৰ সহকাৰী মাগুলিক পৰিচালক সাই সিং খংৰিমাই। আনহাতে আভ্যন্তৰীণ জল পৰিবহণৰ হৈ সঞ্চালক পাৰ্থ পেগু আৰু নুমলীগড় শোধনাগাৰৰ হৈ মুখ্য মহাপ্রবন্ধক সুব্রত দাসে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ প্ৰদান কৰে । আজিৰ এই অনুষ্ঠানত অসম চৰকাৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰৱন্ধক চেতন শ্রীবাস্তৱ আৰু নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

No comments