Breaking News

আজমল ছুপাৰ ৪০ ৰ শিক্ষাৰ্থী উজলিলল নীটত

 


নীটত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে অসমৰ ছাকিল হুছেইনে।গুৱাহাটীৰ পটেনছিয়েলত নীটৰ বাবে ক’চিং কৰি ৭২০ নম্বৰৰ ভিতৰত ৬৯৫ নম্বৰ লাভ কৰি ছাকিলে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে। আনহাতে, ৬৯০ নম্বৰেৰে আজমল ছুপাৰ-৪০য়ে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। আজমল ছুপাৰ-৪০ৰ ৫২গৰাকী শিক্ষার্থীয়ে ৬০০ৰ ওপৰত নম্বৰ লাভ কৰে। আনহাতে, আজমল ছুপাৰ ৪০ৰ ৮গৰাকী শিক্ষার্থীয়ে ৬৫০ৰ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ ৪০ নামেৰে এক অভিলাষী আঁচনি। যাৰ ফলত সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল ছুপাৰ-৪০ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নীট-২০২৩ বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ-৪০য়ে এক যুগান্তকাৰী সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হয়। ২০২৩ বৰ্ষৰ নীট ৩৫০ গৰাকীতকৈ অধিক শিক্ষার্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। নীট-২০২৩ৰ বাছনি পৰীক্ষাত আজমল ছুপাৰ-৪০ৰ শীৰ্ষ স্থান দখল কৰে খান জাইয়েদ আফ্রিদীয়ে, ৭২০ নম্বৰৰ ভিতৰত ৬৯০ নম্বৰ পায়, তছলিমা আহমেদ ৬৭১, ছাজিদ আহমেদ ৬৬২, আবু ৰাইহান বৰভূঞা ৬৬০, ফিদৌছ জামান ৬৫৮, আৱাৰ ফাহিমুল হক ৬৫৪, নুৰজাহান বেগম ৬৫৩, নুৰজামাল হক ৬৫৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ধুবুৰীত থকা আজমল ছুপাৰ ৪০ৰ শাখা পৰা মিজানুৰ ৰহমানে জীৱবিজ্ঞানত ১০০ শতাংশ নম্বৰ লাভ কৰে, হোজাইৰ আজমল ছুপাৰ ৪০ৰ পৰা খাইৰুল খাইছলমে জীৱবিজ্ঞানত ১০০ শতাংশ অর্থাৎ ৩৬০ নম্বৰৰ ভিতৰত ৩৬০ নম্বৰ লাভ কৰে। এনে অভূতপূর্ব সফলতা অৰ্জন কৰাৰ বাবে এইমছৰ দৰে দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত এইবাৰ বহুতে অধ্যয়নৰ সযোগ লাভ কৰিব। নাম লগাব পাৰিব। সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ আর্থিকভাবে পিছপৰা। উন্নত কোচিং প্রদানেৰে তেওঁলোকৰ চিকিৎসক হোৱাৰ সপোন পূৰ্ণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল ছুপাৰ ৪০ এ। এই মেধাসম্পন্ন শিক্ষার্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল।আজমল ছুপাৰ-৪০ৰ এই সফলতাক লৈ উৎফুল্ল হৈ পৰিছে আজমল ফাউণ্ডেছন পৰিয়াল। আজমল গ্রুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন ৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম আৰু মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদে আজমল ছুপাৰ-৪০ৰ সমূহ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে আজমল ছুপাৰ-৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কর্মকর্তা সকলক অভিনন্দ জ্ঞাপন কৰে। উল্লেখ্য, ২০২০ বৰ্ষতো আজমল ছুপাৰ-৪০ৰ পৰা চ গৰাকীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, ২০২১ বৰ্ষত ১৫৩ গৰাকী, ২০২২ বৰ্ষত ২৪০গৰাকীয়ে নীটত স্থান লাভ কৰিছিল। আজমল ছুপাৰ ৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ তথা শিক্ষার্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ৩৫০৩ কৈ অধিক শিক্ষার্থীয়ে নীট -২০২১ বৰ্ষত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।

No comments