Breaking News

এছবিআইৰ মুখ্য মহাপ্রবন্ধক হিচাপে নিযুক্তি হ'ল অসমৰ প্ৰথম গৰাকী মহিলা


অসমবাসীৰ বাবে সু-খবৰ।পোন প্ৰথমবাৰৰ বাবে  অসমৰ প্ৰথম গৰাকী মহিলা সুৰঞ্জনা দত্তই ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰৱন্ধকৰ পদত নিযুক্তি লাভ কৰিছে। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ জীয়ৰী সুৰঞ্জনা দত্তক এছবিআইৰ চীফ জেনেৰেল মেনেজাৰ পদত নিযুক্তি দিয়া হৈছে। চীফ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে সুৰঞ্জনা দত্তই এছবিআইৰ উত্তৰ-পূব চক্ৰৰ মহাপ্ৰৱন্ধকৰ দায়িত্বত গুৱাহাটী মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য, গুৱাহাটীৰ কটন কলেজৰ পৰা পি ইউত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰা সুৰঞ্জনা দত্তই কটনৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল । ইয়াৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিছিল ৷ সুৰঞ্জনা দত্তই কম সময়ৰ ভিতৰতে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি জাপানতো কৰ্মজীৱনৰ কিছু সময় পাৰ কৰিছিল। দত্তই লগতে বিত্তীয় প্রতিষ্ঠানটোৰ হিউমেন ৰিছ'ৰ্চ, ইণ্টাৰনেশ্বনেল বেংকিং খণ্ডৰ সৈতেও জড়িত আছিল। উল্লেখ্য, গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা সুৰঞ্জনা দত্ত ৰবীন্দ্ৰ নাথ দত্ত আৰু নীনা দত্তৰ সুযোগ্যা কন্যা। প্ৰথমগৰাকী অসমীয়া মহিলা বিষয়া হিচাপে সুৰঞ্জনা দত্তই ষ্টেট বেং অৱ ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধকৰ দায়িত্ব লাভ কৰাত ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিলেও অসমৰ জমা ধনৰ বিপৰীতে এছবিআয়ে ৰাজ্যখনৰ গ্ৰাহকক প্ৰদান কৰা ঋণৰ হাৰ নগণ্য বুলি সততে উঠা অভিযোগ নোহোৱা কৰিব পাৰিব নে নাই সেয়া সময়তহে লক্ষণীয় হ'ব।

No comments