Breaking News

ভাৰতীয় সেনাৰ লেফটেনেণ্ট যোৰহাট এলেংমৰাৰ বিশাল বৰাক যোৰহাট ৰে'ল ষ্টেচনত বিপুল আদৰণি

 


ভাৰতীয় সেনাবাহিনীৰ লেফটেনেন্ট পদত অধিষ্ঠিত হৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই অনা এলেংমৰাৰ যুৱক বিশাল বৰাক যোৱা নিশা যোৰহাট ৰে'লৱে ষ্টেচনৰ পৰা গাঁওখনৰ এদল যুৱকে ঢোলে-ডগৰে আদৰি আনে। যোৰহাটৰ অত্যন্ত ভিতৰুৱা অঞ্চল এলেমৰাৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান বিশালে বিহাৰৰ ভাৰতীয় সেনাৰ অফিচাৰ্ছ ট্রেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ গ্রহণ কৰি সোমবাৰে নিশা যোৰহাট ৰে'লৱে ষ্টেচনত উপস্থিত হয়। পূৰ্বৰে পৰা এলেমৰাৰ গৌৰৱ বিশালক আদৰিবলৈ গাঁওখনৰ এদল যুৱক উৎসাহী “হৈ ৰে'লৱে ষ্টেচনত অপেক্ষা কৰি আছিল। ৰে'লৰ পৰা নমাৰ লগে লগে বিশালক আদৰণি জনাই ষ্টেচনত এক আনন্দ-উল্লাসৰ সৃষ্টি কৰে যুৱকসকলে। উল্লেখ্য যে এলেংমৰাৰ বুবু বৰা আৰু গণ বৰাৰ পুত্র বিশালে গ্রামাঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ পৰখ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি ২০০৮ চনত ভাৰতীয় সেনাত চিপাহী হিচাপে যোগদান কৰে। এগৰাকী সুদক্ষ  বাস্কেট বল আৰু বক্সিং খেলুৱৈ  হিচাপেও দখল থকা বিশাল বৰাই পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় সেনাৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈ নায়ক, লেন্স  নায়ক পদলৈ পদোন্নতি লাভ কৰে। ইয়াৰ পিচতে লেফটেনেণ্ট পদৰ বাবে অনুষ্ঠিত বিভাগীয় প্ৰশিক্ষণত তেওঁ শাৰীৰিকভাৱে আঘাতপ্রাপ্ত হয়। ফলত তেওঁক চিকিৎসকে ডেৰ বছৰৰ জিৰণি দিছিল। কিন্তু প্রচণ্ড শাৰীৰিক আৰু মানসিক শক্তিৰ অধিকাৰী বিশালে মাত্ৰ ছমাহৰ ব্যৱধানতে নিজকে শাৰীৰিকভাৱে সুস্থ কৰি বিভাগীয় পৰীক্ষাত অৱতীৰ্ণ হৈ লেফটেনেণ্ট পদত অধিষ্ঠিত হ'বলৈ সক্ষম হয়।

No comments