Breaking News

প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে গ্ৰ' ট্ৰীজ ডট কমৰ ২৩ ৰাজ্যত বনানীকৰণ আঁচনি গ্ৰহণ

 


প্লাষ্টিক প্ৰকৃতিৰ বাবে এক ভয়াবহ ভাবুকিস্বৰূপ। ভাৰতবৰ্ষত প্ৰতিবছৰে ৩.৫ বিলিয়ন টন প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়। বৰ্তমান সময়ত প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাটো কিমান প্রয়োজনীয় সেই কথা আমি সকলোৱেই জানো। প্লাষ্টিকৰ এনে আৱৰ্জনা দূৰ কৰাৰ ক্ষেত্ৰত অন্যতম কাৰ্যকৰী উপায় হৈছে প্ৰকৃতিৰ সৈতে সম্পর্ক থকা সমাধান সূত্র গ্রহণ। গছে কেতবোৰ বিকল্পৰ জৰিয়তে প্লাষ্টিকৰ অনুৰূপ সামগ্ৰী আমাক দিব পাৰে। ইয়াৰ ভিতৰত আছে বাঁহ, কৰ্কওক, শণ, এগেভ ইত্যাদি। এই আটাইবোৰ সামগ্ৰী দীর্ঘস্থায়ী আৰু বহনক্ষম। ই পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ লগতে আমাৰ ধনৰো সঠিক মূল্য আগবঢ়ায়। গছসমূহে শক্তিশালী শিপাৰ জৰিয়তে প্রাকৃতিক ফিল্টাৰ হিচাপে কাম কৰে। যাৰফলত মাটি আৰু পানীৰ গুণাগুণ উন্নত হয়। প্লাষ্টিক প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো ই সহায়ক। প্লাষ্টিক উৎপাদন আৰু নিষ্কাশন পদ্ধতিৰ জৰিয়তে যথেষ্ট পৰিমাণৰ সেউজ গৃহ গেছ নির্গমণ হয়। এইক্ষেত্ৰত কাৰ্বন ডাই-অক্সাইড আৰু অন্যান্য প্ৰদূষণ  সৃষ্টিকাৰী গেছ শোষণ কৰাত অনুকূল ভূমিকা পালন কৰে গছে। এইক্ষেত্ৰত প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন ৰাজ্যত পুনৰ বনানীকৰণৰ আঁচনি গ্ৰহণ কৰিছে ‘গ’ ট্রীজ ডট কমে। এই সন্দৰ্ভত ট্ৰীজ ডট কমৰ সহযোগী প্ৰতিষ্ঠাপক তথা সঞ্চালক প্রদীপ শাহে কয়- ‘প্লাষ্টিক প্ৰদূষণ প্রতিহত কৰি আমাৰ জলবায়ু উন্নত কৰি তোলাৰ বাবে আমি ভাৰতৰ ২৩ খন ৰাজ্যত বৃহৎ পৰিসৰত পুনৰ বনানীকৰণৰ আঁচনি গ্ৰহণ কৰিছো। ইয়াৰ জৰিয়তে আমাৰ পৰিবেশক প্ৰদূষণ ভিত আৰু পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা যাব।'

No comments