Breaking News

গোলাঘাটত প্ৰথম বাৰৰ বাবে ২০ জুনৰ পৰা আৰম্ভ হ'ব জগন্নাথ ৰথ যাত্ৰা


অহা ২০ জুনৰ পৰা ২৮ জুনলৈ গোলাঘাট নগৰত পোন প্ৰথমবাৰৰ বাবে  আয়োজন কৰা হৈছে জগন্নাথ ৰথ যাত্ৰা। এই উপলক্ষে পূর্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে উদ্যোক্তাসকলে। ইস্কন মায়াপুৰ, নামহট্টৰ দ্বাৰা অনুমোদিত উক্ত ৰথ যাত্ৰা কাৰ্যসূচী ২১ জুনৰ বিয়লি গোলাঘাট শ্ৰীমন্ত নগৰৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি নগৰৰ ষ্টেচন ৰোড বেতমহলৰ সমীপৰ কালীবাৰী মন্দিৰলৈ ৰাওনা হ'ব। কালীবাৰী মন্দিৰতে ২৮ জুন পর্যন্ত অনুষ্ঠিত হ'ব ৰথ যাত্ৰাৰ কাৰ্যসূচী, মহাযজ্ঞ আৰু সংকীৰ্তন। ৰথ যাত্ৰা আৰু সংকীৰ্তনত অসমৰ লগতে ৰাছিয়া, কলম্বিয়া, স্পেইন, ব্রাজিল, কিউবা, চিলি, কষ্টাৰিকা আৰু বাংলাদেশৰ পুৰুষ-মহিলা ভক্তই অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত উপস্থিত থাকিব ইস্কন মায়াপুৰ নামহট্টৰ বিষয়ববীয়া আৰু জ্যেষ্ঠ ভক্তসকল। ২০ জুনৰ ৰথ যাত্ৰা কাৰ্যসূচী উদ্বোধন কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা অসম সমবায় এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে। জগন্নাথ ৰথ ষ্টেচন ৰোড কালীবাৰীত শুভাগমন হোৱাৰ পাচত অনুষ্ঠিত হ'বলগীয়া মাংগলিক পর্বত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব গোলাঘাট সমষ্টিৰ বিধায়ক তথা বিত্ত মন্ত্রী অজন্তা নেওগে। ২৮ জুনত অনুষ্ঠিত হ'ব জগন্নাথ ৰথ যাত্ৰা প্ৰস্থান যাত্ৰা। ৰথ যাত্ৰাৰ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহায়- সহযোগিতা  আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

No comments