Breaking News

চীনৰ পৰা ভাৰতীয় শেষৰজন সাংবাদিকো প্ৰত্যাৱৰ্তন

  



বিগত কিছু বছৰৰ পৰা দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজৰ কুটনৈতিক সম্পর্কৰ অধিক অবনতি ঘটিছে। এই সম্পর্কৰ অৱনতি ঘটাটো স্পষ্ট হৈ পৰিছে আনকি সাংবাদিকতাৰ ক্ষেত্ৰখনতো। চীনত কৰ্মৰত অন্তিমগৰাকী ভাৰতীয় সাংবাদিকক এমাহৰ ভিতৰত দেশ এৰি আহিবলৈ সময়সীমা ধৰি দিয়া হৈছে। প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়াৰ হৈ চীনত কৰ্মৰত অন্তিমগৰাকী সাংবাদিকে এমাহৰ ভিতৰত দেশখন এৰি আহিলে চীনত ভাৰতৰ সাংবাদিক শূন্য হৈ পৰিব।চীনে আনকি স্থানীয় সাংবাদিককো ভাতৰ হৈ সাংবাদিকতা কৰাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে। উল্লেখযোগ্য যে ৰঙা চীনত চলিত বৰ্ষত চাৰিগৰাকী ভাৰতীয় সাংবাদিক নিয়োজিত হৈ আছিল। তেওঁলোকৰ দুগৰাকীৰ যোৱা এপ্ৰিলত ভিছাৰ ম্যাদ অন্ত পৰাত পুনৰ চীনলৈ যোৱাত বাধা আৰোপ কৰা হয়। তৃতীয়গৰাকী সাংবাদিকে যোৱা সপ্তাহত চীন ত্যাগ কৰিছিল। এতিয়া অন্তিমগৰাকী সাংবাদিকে দেশ এৰাৰ পথ সমাগত। ভাৰত চৰকাৰেও ২০২০ চনৰ পৰা চীনৰ সাংবাদিকৰ বাবে নতুনকৈ ভিজা প্ৰদান কৰা নাই বুলি দেশখনে অভিযোগ কৰিছে। চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্রই উল্লেখ কৰা অনুসৰি ভাৰতত কৰ্মৰত চীনৰ সাংবাদিকৰ সংখ্যা ২০২০ চনৰ ১৪ গৰাকীৰ পৰা বৰ্তমান মাত্ৰ এজন হৈছেগৈ। উল্লেখ্য যে, চীন আৰু ভাৰত সীমান্তৰ প্রকৃত নিয়ন্ত্রণৰেখাত ২০২০ চনত দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ পিচত কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অবনতি ঘটে। ইখন দেশে সিখন দেশৰ বিৰুদ্ধে প্রতিশোধমূলক আচৰণ প্ৰদৰ্শন কৰাৰ পৰিণতিত উভয় দেশত নিজৰ নিজৰ সাংবাদিক শূন্য হোৱাৰ উপক্ৰম হৈ পৰিছে। চীনৰ সৈতে অৱশ্যে আমেৰিকা আৰু  অষ্ট্ৰেলিয়াৰো সাংবাদিকক ভিছা প্রদানক লৈ সংঘাতৰ সৃষ্টি হৈছে।

No comments