Breaking News

ঐতিহাসিক ৰংঘৰ-তলাতল ঘৰলৈ দিখৌ নদীৰ বালিচৰে আনিছে ভাবুকি



ৰাজ্যত আৰম্ভ হৈছে বাৰিষা ‌ঋতু। বাৰিষাৰ প্রাক মুহূৰ্ত্তত ঐতিহাসিক দিছিয়াল-ঢুলীয়া গাঁৱকে ধৰি বৃহত্তৰ ৰংপুৰবাসী আতংকিত হৈ উঠিছে। কাৰণ দিখৌৰ বুকুত গঢ় লৈ উঠা বৃহৎ বালিচৰৰ বাবে বাৰিষাৰ ঢলে উত্তাল ৰূপ ধাৰণ কৰিব যে সেয়া নিশ্চিত। ভৰ বাৰিষাৰ পুর্বে যদিহে চৰকাৰ কিম্বা প্রশাসনে শিৱসাগৰ নগৰৰ সমীপৰ দিছিয়াল ঢুলীয়াপাৰ গাঁৱৰ ৰাজহুৱা শ্মশানৰ পিছফালে দিখৌৰ বুকুত নদীৰ বিপৰীত দিশে সৃষ্টি হোৱা প্রকাণ্ড বালিচৰটো খননৰ ব্যৱস্থা নকৰে তেন্তে অচিৰেই নিশ্চিহ্ন হৈ পৰিব বৃহত্তৰ জয়সাগৰ অঞ্চল। মুহূর্তৰ ভিতৰতেই দিখৌৰ বলীয়া বানত বুৰ যাব ইতিহাস প্রসিদ্ধ ৰংঘৰ, তলাতল ঘৰ, অসামৰিক চিকিৎসালয়, ৰজাদিনীয়া চিৰিয়াখানা পহুগড়, নির্মীয়মাণ ৰুদ্ৰসিংহ ক্রীড়া প্ৰকল্প,দূৱৰণী আলিকে ধৰি পুৰণি ৰংপুৰ অঞ্চল। ঐতিহাসিক শিৱসাগৰৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ জীৱন, সম্পত্তি, ঐতিহাসিক সম্পদৰাজি সুৰক্ষা নিশ্চিত কৰাৰ দাবীত দিছিয়াল -ঢুলীয়াপাৰ-মৌপুৰীয়া অঞ্চলকে ধৰি সমীপৱৰ্তী অঞ্চলৰ ৰাইজে যোৱা মাৰ্চ মাহতে ৰাজহুৱা সভা আহ্বান কৰি বিভাগীয় কর্তৃপক্ষক স্মাৰক প্ৰদান কৰি বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। কিন্তু অতি পৰিতাপৰ

বিষয় যে জলসম্পদ আৰু বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ বাবে আজিও বৃহৎ বালিচৰটো খন্দোৱাৰ কোনো ব্যৱস্থা কৰা দেখা নগ'ল। বাৰিষাৰ আগমনৰ সংবাদ লৈ ইতিমধ্যে বৰষুণ আৰম্ভ হ'লেই। গতিকে চলিত মাহটোৰ ভিতৰত যদিহে প্রশাসনে তীব্ৰ ভাবুকিস্বৰূপ কৃত্ৰিম বালিচৰটোত খনন নচলাই তেন্তে ইতিহাস প্রসিদ্ধ অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থতেই ৰাইজে নিজাববীয়া ব্যবস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে হঠাৎ দিখৌৰ বুকুত সৃষ্ট বৃহৎ বালিচৰ, সমীপতে থকা খহনীয়া প্রবল দুশ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি।মথাউৰিয়ে স্পর্শ কৰি নিয়া ৰজাদিনীয়া দুৱৰণী আৰু ৰংঘৰ, তলাতল ঘৰকে ধৰি বৃহত্তৰ জয়সাগৰ অঞ্চললৈ নামি আহিব পৰা প্রলয়ংকৰী দুর্যোগৰ কথা ব্যাখ্যা কৰি ৰাইজে বিভাগীয় কর্তৃপক্ষক স্মাৰকৰ যোগেদি প্ৰতিৰোধৰ বাবে আহ্বান জনাইছিল যদিও আজি পৰিমিত কোনো স্থায়ী সমাধান কৰা দেখা নগ'ল। যাক লৈ সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি চলিত মাহটোৰ ভিতৰত যুদ্ধকালীন তৎপৰতাৰে বালিচৰটো খনন কৰা আৰু একে স্থানৰ বিপৰীত দিশে থকা খহনীয়া অংশটোত স্থায়ী সুৰক্ষাৰ

দাবী তোলে। আনহাতে, দিখৌৰ বৃহৎ বালিচৰটো জিলা উপায়ুক্তক ৰাইজে পঞ্চায়তৰ অধীনত -এমন জি এনৰেগা আঁচনিৰ মাধ্যমেৰেও বালিচৰ খনন কৰি সমস্যাৰ কিছু পৰিমাণে সমাধান হ'ব বুলিও  ৰাইজে মত পোষণ কৰিছে।  উল্লেখ্য যে জয়সাগৰ আৰক্ষী চকীৰ আগত দিছিয়াল, ঢুলীয়াপাৰ গাঁৱৰ মধ্যস্থলত থকা শিমলুতল ৰাজহুৱা শ্মশানস্থলীৰ বিপৰীত দিশে দিৰো নদীৰ সিটো পানে মুক্তি হোৱা বৃহৎ বালিচৰটোৱে নদীৰ গতিপথ সলনিৰে আগন্তক বাৰিষাত প্রলয় সৃষ্টি কৰাৰ ভয়াবহ সম্ভাবনা পৰিলক্ষিত হৈছে। প্রাকৃতিকভাবে সৃষ্ট বৃহৎ বালিচৰটোৰ বাবে স্বাভাবিক পানী প্রবাহত বাধাগ্ৰস্ত হৈ পানীৰ বিপৰীতমুখি চাপে মথাউৰিৰ খহনীয়া অংশটোত আঘাত হানিছে। পূৰ্বৰে পৰা দুৰ্বল হৈ থকা মথাউৰিটোত নদীৰ বুকুত প্রাকৃতিকভাৱে বৃদ্ধি পাই অহা বালিচৰটোৰ বাবেই সমাগত বাৰিষাৰ সময়ত পানীৰ ঢলে পোনে পোনে বালিচৰত খুন্দা মাৰি বিপৰীতে থকা মথাউৰিৰ কেঁকুৰীৰ দুৰ্বল অংশটোত আঘাত কৰি মুহূৰ্ত্তৰ ভিতৰতেই দুৱৰণী আলিয়ে স্পৰ্শ কৰা খহনীয়া মথাউৰিটো উটুৱাই নিয়াটো স্পষ্ট হৈ পৰিছে।বিশেষকৈ দুৱৰণী আলিয়ে স্পৰ্শ কৰি নিয়া দুৰ্বল অংশটোৰ পৰা মাত্র কিছু নিলগতেই অৱস্থিত আহোম যুগৰ গৌৰৱ তথা এছিয়াৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন ৰংঘৰ। ইয়াৰ উপৰি একেটা অঞ্চলতেই অবস্থিত দিছিয়াল, মঠাদাং,ঢুলীয়াপাৰ, জয়সাগৰ, ৰূপহীমুখ, ৰুদ্ৰসাগৰকে ধৰি এক বৃহৎ আবাসিক অঞ্চল।অন্য নালাগে উক্ত অংশটোৰ পৰ ডেৰকিলোমিটাৰ নিলগত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়, কেইবাখনো বিদ্যালয় মঠাদাং জিজিএছৰ উপৰি আছে আহোম যুগৰ চিৰিয়াখানা খ্যাত পহুগড়। ফলত উক্ত প্রকাণ্ড বালিচৰটোৰ বাবেই যদি সেই স্থানত দিখৌ নদীৰ মথাউৰি ভাঙে তেন্তে উল্লেখিত স্থানসমূহ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতেই সম্পূৰ্ণৰূপে দিখৌৰ প্ৰলয়ংকাৰী বানৰ তলত বুৰ যাব।তেনেস্থলত ইমান এক ভয়ংকৰ বিপদৰ পূর্বানুমান সন্দৰ্ভত প্রশাসন, সংশ্লিষ্ট বিভাগক জনোৱাৰ পিছত বাৰিষাৰ পূর্বে কেনে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰে সেয়া সময়তহে লক্ষণীয় হ'ব।

No comments