Breaking News

কেতিয়া‌ অন্ত পৰিব হাতী মানুহৰ সংঘাত?? হাতী মানুহৰ সংঘাতত হাতী আৰু মানুহৰ মৃত্যু

  


বিগত কিছু সময়ৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিভিন্ন ঠাইৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বকোৰ বিভিন্ন বনাঞ্চলিক এলেকাতো সম্প্রতি হাতী- মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ । দীৰ্ঘদিনে বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহি চলাই আহিছে সন্ত্রাস। হাতী-মানুহৰ এই সংঘাতৰ বলি হৈ প্ৰাণ হেৰুওৱাবলগীয়া হৈছে অনেক নিৰীহ লোকে। লগতে স্বাভাৱিক জীৱনযাত্ৰা বিপর্যস্ত হৈ পৰিছে উক্ত অঞ্চলত। এনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজতে কালি পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন বামুণীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নাঙল ডোঙা পাহাৰত কাম কৰিবলৈ যোৱা এহাল দম্পতী বনৰীয়া হাতীৰ নিদাৰুণ আক্ৰমণত নিহত হোৱাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত বাতৰি মতে, বকো আৰক্ষী থানাৰ অন্তৰ্গত কোঁচপাৰা ভি নিবাসী থুলেশ্বৰ ৰাভা (৫৫) আৰু নিলীমা ৰাভা (৫২) নামৰ দম্পতীহালে নাঙল ডোঙা পাহাৰত থকা বাগানত কাম কৰিবলৈ যাওঁতে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়। উল্লেখ্য, বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বাগানৰ অস্থায়ী ঘৰৰ ভিতৰত সোমায় যদিও হাতীয়ে অস্থায়ী  ঘৰটোৰ ভিতৰতে দম্পতীহালক ছিন্ন-ভিন্ন কৰি পেলায়। পাছত ঘটনাটোৰ সম্পৰ্কত স্থানীয় ৰাইজে বন বিভাগৰ লগতে বকো আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বামুণীগাঁও বনাঞ্চলিকৰ বনৰক্ষী আৰু বকো থানাৰ আৰক্ষী উপস্থিত উ হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি আনে। ইফালে, বনৰীয়া হাতীৰ আক্ৰমণত নিহত দম্পতীহালৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা বকো আৰক্ষীয়ে জি এম চি এইচলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। অতি শোকাৱহ তথা মর্মান্তিক এই ঘটনাটোত সমগ্র বকো অঞ্চলত তীব্ৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। মৃত দম্পতীহালে এজন পুত্ৰ এৰি থৈ যায়। উল্লেখ্য, বকো অঞ্চলত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই অহা ঘটনাৰ বাবে বনাঞ্চল এলেকাৰ ৰাইজে বন বিভাগ তথা প্রশাসনক বিষয়টো গুৰুত্বসহকাৰে লৈ বিহিত  ব্যৱস্থা লোৱাৰ বাবে দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

 

      আনহাতে গোলাঘাট বন সংমণ্ডলৰ অধীনৰ মৰঙিৰ মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত শ্যামৰাইপুৰৰ বৰছালি গাঁৱত দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত এটি ন বছৰীয়া শিশুৰ মৃত্যুৰ উপৰিও শিশুটিৰ পিতৃ আৰু মাতৃও আঘাতপ্রাপ্ত হৈছে। জানিব পৰা মতে, নিশা শ্যামৰাইপুৰ চাহ বাগিচাৰ সীমাত লাগি থকা নামবৰ-দৈর্ঘ্যোং বন্যপ্রাণী অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই গাঁওখনত প্ৰৱেশ কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। কেইবাটাও হাতীয়ে সঞ্জীৱ কুমাৰৰ ঘৰৰ ভিতৰলৈও সোমাই অহাত পৰিয়ালটো বিবুধিত পৰে। হাতীয়ে সঞ্জীৱৰ লগতে পত্নী গীতা কুমাৰ আৰু তেওঁলোকৰ সন্তান ৰোহিতকো আক্ৰমণ কৰে। বনৰীয়া হাতীৰ এই অতর্কিত আক্ৰমণত ৰোহিত কুমাৰৰ মৃত্যু হোৱাৰ লগতে পিতৃ সঞ্জীৱ আৰু মাতৃ গীতা কুমাৰ আহত হয়। হাতীৰ জাকটো আঁতৰি যোৱাৰ পাছত গাঁওবাসীয়ে বর্গীজান আৰক্ষীৰ সহায়ত আহত দুয়োজনকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃত ৰোহিতক মৰণোত্তৰ পৰেক্ষাৰ বাবে প্ৰেৰণ কৰে। মাতৃ গীতা কুমাৰৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে। কেৱল সঞ্জীৱ কুমাৰৰ ঘৰতেই আক্ৰমণ কৰি ক্ষান্ত নাথাকি হাতীৰ জাকটোৱে তাৰ পাছতো গাঁওখনৰ প্ৰায় কুৰিটা ঘৰ ভাঙি তহিলং কৰি গাঁওখন কার্যতঃ ধ্বংসস্তূপত পৰিণত কৰে। বনৰীয়া হাতীৰ আক্ৰমণৰ এই সময়ছোৱাত সম্পূর্ণ নিষ্ক্রিয় হৈ থাকিল বন বিভাগ। মন কৰিবলগীয়া যে বনৰীয়া হাতীৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ হোৱা বাবেই উক্ত অঞ্চলত মুৰফুলনি বন কাৰ্যালৰ অধীনত এটা উপ-বন শিবিৰো স্থাপন কৰা হৈছে। স্থানীয় লোকে অভিযোগ কৰা মতে মুৰফুলনি খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু উপ-বন শিবিৰটোলৈ সহায় বিচাৰি যোগাযোগ কৰা হৈছিল যদিও সেই সময়ত বন বিভাগৰ লোকে কোনো গুরুত্বই প্ৰদান নকৰিলে। বন বিভাগৰ লোক সময়মতে উপস্থিত হোৱা হ'লে ৰোহিত কুমাৰৰ দৰে কিশোৰে অকালতে প্ৰাণ হেৰুৱাবলগা নহয় বুলিও প্রকাশ কৰিছে গাঁৱৰ ৰাইজে । তেওঁলোকে ক্ষোভেৰে কয় যে বনৰীয়া হাতীৰ মুক্ত বিচৰণথলীলৈ পৰিণত হোৱা অঞ্চলটো অৰ্থাৎ মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া ছৰিফুল ইছলামে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰাইজক নিৰাপত্তা দিয়াতকৈ চোৰাং কাঠ আৰু বালিৰ অবৈধ ব্যৱসায়ীৰ পৰা কমিচন সংগ্রহকে সদায় অগ্ৰাধিকাৰ দি আহিছে। হাতীৰ উপদ্ৰৱৰ বিষয়ে জনালেও বি বন বিষয়াজনে তৎকালীনভাৱে কোনো ব্যৱস্থাই গ্ৰহণ নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈও সংবাদসেৱীৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষলৈ আহ্বান জনাইছে।

     ডবকা অঞ্চলতো বৃদ্ধি পাইছে হাতী, মানুহৰ সংঘাত। দেওবাৰে নিশা ডবকাৰ দীঘলজাৰুণী বন গাঁৱত ওৰেনিশা বন্য হস্তীয়ে তাণ্ডৱ চলোৱা ঘটনাই আতংকৰ সৃষ্টি কৰিছে। বন্যহস্তী এটাই তাণ্ডৱ চলায় ভাঙি জে পেলায় নুৰজাহান বেগম নামৰ এগৰাকী মহিলাৰ ঘৰ। ঘৰৰ পৰা কণমানি এটাক ঘৰ প লৈ পলায় কৰি কথমপি প্ৰাণৰক্ষা কৰে নুৰজাহান বেগমে। ঘৰৰ ভৰালৰ পৰা ধান খাই তহিলং কৰে বন্য হস্তীটোৱে। ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলায় অহা হাতীটোক ওৰেনিশা খেদিবলৈ চেষ্টা কৰাৰ অন্তত পুৱতি নিশাহে খেদি পঠিয়াবলৈ সক্ষম হয় গঞা ৰাইজে। গাঁওখনৰ বহুতৰ ঘৰৰ বাৰীৰ ফল-মূল খোৱাৰ লগতে গছো ভাঙি পেলায় বন্যহস্তীটোৱে। ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ক নিশা ৰ ৰাইজে খবৰ দিছিল যদিও বনকৰ্মীসকল উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ পূর্বেও উক্ত স্থানত বনৰীয়া হাতীয়ে ত্রাস সৃষ্টি কৰি মানুহ গচকি মাৰি পেলাইছিল । বন বিভাগৰ গাফিলতিত ডবকাত হাতী, মানুহৰ সংঘাত বৃদ্ধি হোৱাত সচেতন মহলে উদ্বেগ প্রকাশ কৰিছে। অতিশীঘ্ৰে হাতীটোক খেদাৰ ব্যৱস্থা কৰিবলৈ ।। উচ্চপদস্থ বন বিষয়াক আহ্বান জনাইছে স্থানীয় ৰাইজে।

       হাতী -মানুহৰ সংঘাতৰ মাজতেই গুৱাহাটীৰ চন্দ্ৰপুৰত এটা বনৰীয়া হাতীৰ  কৰুণ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ দৃষ্টি হৈছে। বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি বন বিভাগে দাবী কৰিছে। তিনিদিন পূর্বে বন্যহস্তীটো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আমচাং অভয়াৰণাৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীটো চন্দ্ৰপুৰৰ নলঘুলিত উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ ভাৰত লাগি অকাল মৃত্যুক আঁকোৱালি লয় বুলি বন বিভাগে দাবী কৰিছে। বন বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে হাতীটোৰ  মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। কিয়নো প্রতিদিনে খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা দৈনিক জাকে জাকে বনৰীয়া হাতী ভৈয়ামলৈ নামি আহে। কিন্তু ল বনৰীয়া হাতীক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বন বিভাগে আজিকোপতি কোনো গুরুত্ব আৰোপ কৰা নাই। একে সময়তে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক অভিযোগ। উচ্চ শক্তিসম্পন্ন বিদ্যুৎ প্রবাহিত তাঁৰসমূহ বহু তললৈ নামি থকাৰ স পাছতো বিদ্যুৎ বিভাগে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে হাতীটোৱে অকাল মৃত্যুক আঁকোৱালি ল'বলগা হয়।

No comments