Breaking News

বিৰোধী ঐক্য-মঞ্চ 'ইণ্ডিয়া'ক 'কুইট ইণ্ডিয়া'ৰ উদাহৰণেৰে কটাক্ষ প্ৰধানমন্ত্ৰীৰ


বিৰোধী ঐক্য-মঞ্চ 'ইণ্ডিয়া'ই এতিয়া শ'লঠেকত পেলাইছে শাসনাধীষ্ঠ ৰাজনৈতিক দলৰ নেতা-পালিনেতা সকলক।নামত কি আহে যায়, কামতহে ব্যক্তিৰ চিন—ব্যক্তিৰ গুণ-গৰিমা কৰাৰ সময়ত প্ৰায়ে আওৰোৱা হয় এনে বাক্য। পিছে নামেও কোনো সময়ত বিপাঙত পেলায় আৰু তাৰ নৱতম উদাহৰণ হৈছে ‘ইণ্ডিয়া’, দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নৱগঠিত মঞ্চ। কিয়নো দেশৰ বিৰোধী ৰাজনৈতিক দলে ‘ইণ্ডিয়া’নাম লোৱাৰ লগে লগে শলঠেকত পৰিছে এন ডি এ, বিশেষকৈ চৰকাৰী জোঁটৰ নেতৃস্থানীয় অংশীদাৰ বিজেপি। অন্ততঃ বিৰোধীক আক্ৰমণ কৰাৰ ক্ষেত্ৰত এতিয়া ‘ইণ্ডিয়া’ শব্দটো উচ্চাৰণ কৰিবলগীয়া হৈছে আৰু ‘ইণ্ডিয়া” শব্দটো উচ্চাৰণ কৰি যিহকে মন যায় তাকে ক'বলৈ গৈ অসুবিধাত পৰিছে বিজেপি। বিৰোধী ৰাজনৈতিক দলে অহা বছৰৰ সাধাৰণ নিৰ্বাচনত কি ফলাফল দেখুৱাবলৈ সক্ষম হয় সেয়া সময়ে ক'ব, কিন্তু নামৰ কৌশলেৰে যে বিৰোধীয়ে জোঁট গঠনৰ প্ৰাৰম্ভিক পদক্ষেপত দেশৰ শক্তিশালী ৰাজনৈতিক দল বিজেপিক বিবুধিত পেলাবলৈ সক্ষম হৈছে, সেয়া বিগত প্রায় এসপ্তাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধীৰ প্ৰতি অসংলগ্ন আক্ৰমণত পৰিস্ফুট হৈ পৰিছে। চলিত সপ্তাহতে বিৰোধীৰ জোঁট ইণ্ডিয়া'ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী সংগঠনৰ ইণ্ডিয়ান মুজাহিদিনৰ সৈতে তুলনা কৰিছিল। বিজেপিৰ সংসদীয় দলৰ বৈঠকত মোদীয়ে একেদিনাই ‘ইণ্ডিয়া'ক ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া অর্থাৎ নিষিদ্ধ ঘোষিত পি এফ আইৰ সৈতেও তুলনা কৰিছিল। এইবাৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়াক আক্রমণ কৰিবলৈ গৈ স্বাধীনতা আন্দোলনৰ ঐতিহাসিক অধ্যায় ‘কুইট ইণ্ডিয়াৰ সহায় ল’লে। ৰাজস্থানৰ ছিকাৰত অনুষ্ঠিত বিজেপিৰ বিশাল সমাৱেশত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ইণ্ডিয়া'ক আক্ৰমণ কৰি 'কুইট ইণ্ডিয়া' অর্থাৎ মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা 'কুইট ইণ্ডিয়া' আন্দোলনৰ দৰে বিৰোধী জোঁট ‘ইণ্ডিয়া'ক 'ভাৰত ত্যাগ'ৰ আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে বিৰোধী জোঁটক আক্ৰমণ কৰি কয়— 'জালিয়াতিৰ বাবে বদনাম হোৱা কোম্পানীয়ে যিদৰে নিজৰ নাম সলনি কৰে, তেনেদৰেই বিভিন্ন দুর্নীতিত অভিযুক্ত ইউ পি এই নাম সলাইছে। দুৰ্নীতি আৰু প্ৰতাৰণাৰ ইতিহাস সলনি কৰাৰ বাবেই সলনি কৰা হৈছে নাম।' স্বাধীনতা আন্দোলনৰ আটাইতকৈ বৃহৎ আৰু সৰ্বাধিক কাৰ্যকৰী হৈ উঠা মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলন বা ‘কুইট ইণ্ডিয়া' আন্দোলনক সাৰথি কৰি তেওঁ কয়—দুর্নীতি কুইট ইণ্ডিয়া। পৰিয়ালতন্ত্র কুইট ইণ্ডিয়া। প্ৰশক্তিৰ ৰাজনীতি কুইট ইণ্ডিয়া। মহাত্মা গান্ধীৰ কুইট ইণ্ডিয়া শ্লোগানেই একমাত্ৰ ভাৰতক ৰক্ষা কৰিব পাৰিব।' ইয়াৰ পাছতে তেওঁ নাম নোলোৱাকৈ ৰাহুল গান্ধীক ইংগিত কৰি কয়, ইণ্ডিয়াক লৈ চিন্তা থাকিলে বিৰোধীয়ে বিদেশত গৈ দেশৰ বদনাম নকৰে, বিদেশী শক্তিৰ সাহায্য নিবিচাৰে ।

    প্রধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পাছতে বেংগালুৰুত থকা ৰাহুল গান্ধীয়ে প্রত্যাক্ৰমণ কৰি কয় “বিৰোধী' জোঁটে নিজৰ সুন্দৰ নাম ৰাখিছে। 'ইণ্ডিয়া' নামটো সকলোৰে হৃদয়ৰ পৰা ওলাইছে। বিৰোধীয়ে নাম দিয়াৰ লগে লগে মোদীয়ে 'ইণ্ডিয়া'ক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে। মোদীয়ে এই কথাও ভবা নাই যে, তেওঁ ইণ্ডিয়া'ৰ দৰে পৱিত্ৰ এটা শব্দক গালি পাৰিছে। তেওঁৰ ইমানেই অহংকাৰ, দম্ভ।' আনহাতে বিৰোধীৰ 'ইণ্ডিয়া' নামটোক লৈ চৰকাৰীপক্ষ ব্যতিব্যস্ত হৈ পৰা দেখি আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় — “শৰ গৈ সম্ভৱতঃ সঠিক নিচানত লাগিছে। সেয়ে প্রধানমন্ত্ৰী আৰু তেওঁৰ সাংগো পাংগোৰ ধৰফৰণি আৰম্ভ হৈছে। প্রধানমন্ত্রী মোদীয়ে মহাত্মা গান্ধীৰ 'কুইট ইণ্ডিয়া' আন্দোলনৰ প্ৰসংগ টানি বিৰোধী জোটক আক্ৰমণ কৰিলেও পিছে ইতিহাসে অন্য কথাহে কয়। ১৯৪২ চনৰ ৯ আগষ্টত যেতিয়া মুম্বাইত মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে 'কুইট ইণ্ডিয়া' আন্দোলন ঘোষণা কৰিছিল, তাৰ লগে লগে এই আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে সৰ্বাত্মক আৰু সৰ্ববৃহৎ হৈ পৰিছিল। আনকি দখলদাৰী ইংৰাজৰ ভাইচৰয় লিথিংগ'ৱে কৈছিল, ১৮৫৭ৰ পাছত এয়া হৈ পৰিছে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ সর্ববৃহৎ আন্দোলন। তাৎপর্যপূর্ণ ঘটনা আছিল এয়াই যে, শত্ৰু ইংৰাজৰ বিৰুদ্ধে যেতিয়া সমগ্র দেশ 'কুইট ইণ্ডিয়া' আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া বিনায়ক দামোদৰ ছাৰ্ভাৰকাৰে 'কুইট ইণ্ডিয়া' আন্দোলনৰ বিৰোধিতা কৰি ইংৰাজক আনুষ্ঠানিকভাৱে সমর্থন জনাইছিল। ছাভাৰকাৰ আছিল তেতিয়া হিন্দু মহাসভাৰ নেতা। হিন্দু মহাসভাই মুছলিম লীগৰ সৈতে একগোট হৈ 'কুইট ইণ্ডিয়া' আন্দোলনৰ বিৰোধিতা কৰিছিল। হিন্দু মহাসভাৰ আন এজন নেতা শ্যামা প্রসাদ মুখাৰ্জীয়ে 'ষ্টিক টু ইয়’ৰ পোষ্ট' শিৰোনামাৰে এখন চিঠি লিখি তেওঁলোকৰ যিমান চাকৰিয়াল ব্ৰিটিছৰ অধীনত আছিল, তেওঁলোকৰ নিগম-নিকায়ত যিমান চাকৰিয়াল সদস্য আছিল, ব্ৰিটিছৰ অধীনৰ ভাৰতীয় সেনাত তেওঁলোকৰ যিমান সদস্য আছিল, সকলোকে ব্ৰিটিছৰ শাসনাধীন চাকৰি এৰি নাহিবলৈ আৰু সেই পদক্ষেপৰ জৰিয়তে ব্ৰিটিছক সমর্থন জনাই 'কুইট' ইণ্ডিয়া' আন্দোলনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। ভি ডি ছাভাৰকাৰ, শ্যামা প্রসাদ মুখার্জীয়ে 'কুইট ইণ্ডিয়া' আন্দোলনৰ বিৰোধিতা কৰাটো ইতিহাসৰ নিৰ্মম সত্য। পিছে তেওঁলোকৰ ভাৱাদৰ্শৰে পৰিচালিত বিজেপিয়ে, ছাভাৰকাৰৰ জন্মদিনত দেশৰ নতুন সংসদ উদ্বোধন কৰা প্ৰধানমন্ত্রী মোদীয়ে এতিয়া এসময়ত তেওঁলোকৰ আদর্শবাদী নেতাই বিৰোধিতা কৰা 'কুইট' ইণ্ডিয়া'ৰ আশ্ৰয় লোৱাত ইতিহাস-সচেতন সকলোৱেই আচৰিত হৈছে। 

No comments