Breaking News

বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 


বঙাইগাঁৱত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষক সন্মিলনত উপস্থিত থকা আৰক্ষীৰ সন্তানসকলক উদ্দেশ্যি আহ্বান জনায় কয়- দেউতাই যদি এক-ডেৰ লাখ টকা লৈ ঘৰলৈ আহে তেন্ত ল'ৰা-ছোৱালীসকল সাৱধান হ'ব লাগে । ইমান টকা ক'ৰ পৰা পালে বুলি দেউতাকক ল'ৰা- ছোৱালীয়ে প্রশ্ন কৰিব লাগে। অসৎ উপায়েৰে পোৱা ধন হ'লে দেউতাকৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগে। পুলিচক ফোন কৰি কথাটো ক'ব লাগে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিভাগত কৰ্মৰত প্ৰতিজন বিষয়া-কৰ্মচাৰীক নিৰন্তৰ বিভিন্ন নীতি-নিৰ্দেশনা আৰু উপদেশ দি আহিছে। কিন্তু কালি মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে আৰক্ষীৰ পৰিৱৰ্তে আৰক্ষীৰ সন্তানক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ স্পষ্ট মত— আৰক্ষীৰ অধীক্ষকসকলে নিজৰ ব্যক্তিগত ছবিখন সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে আৰক্ষীৰ বাহিনীৰ ভাৱমূৰ্তি অধিক উজ্জ্বল কৰাৰ কাম কৰিব লাগে। দুটা ধৰ্মৰ যুৱক-যুৱতীৰ মাজত বিয়া হ'লে বিশেষ বিবাহ আইন কার্যকৰীৰ ওপৰত আৰক্ষীয়ে বিশেষ দৃষ্টি ৰাখিব লাগে। আৰক্ষীৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে অপৰাধ অনুসন্ধানৰ কামত নিয়োজিত হ'ব লাগে। কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছত দোষী সাব্যস্ত কৰিব পৰাকৈ আইনগত দিশত আৰক্ষীয়ে সক্ৰিয়তাৰে কাম কৰিব লাগে। উল্লেখ্য যে— বঙাইগাঁৱত আৰম্ভ হৈছে আৰক্ষী অধীক্ষক সন্মিলন। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই সন্মিলন। বঙাইগাঁও উদ্যোগিক প্রশিক্ষণ কেন্দ্ৰ ত নৱনির্মীত আলোচনা ভৱন তথা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে এই সন্মিলন। আৰক্ষী সন্মিলনৰ শুকুৰবাৰে দ্বিতীয় দিনা মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি আৰক্ষীৰ উদ্দেশ্যে ইটোৰ পাছত সিটোকৈ পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰে। আজি তিনিখনকৈ বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ হয়। উল্লেখ্য যে আজি আৰক্ষী অধীক্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে দেশভক্ত তৰুন ৰাম ফুকনৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি তথা মাল্যাৰ্পণ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সন্মিলনত অংশগ্রহণ কৰি কয়— আৰক্ষী বিভাগত খালি থকা পদ সমূহ অহা ৩১ মাৰ্চৰ ভিতৰত চিনাক্ত কৰি ছেপ্টেম্বৰ মাহৰ পূৰ্বে এই বোৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অহা বছৰ এক এপ্ৰিলত এই সকলো পদ পুৰণ কৰা হ'ব। উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ২৩০টা শ্বহীদ আৰক্ষী পৰিয়ালৰ সদস্যক আৰক্ষী বিভাগত নিযুক্তি দিয়া হ'ব। আজি এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইন বিশ্ব বিদ্যালয়, মাইক্ৰচফুট প্রতিষ্ঠান আৰু চাইবাৰ পীচ এণ্ড ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ সৈতে তিনিখন চুক্তিত বুজাবুজি কৰি স্বাক্ষৰ কৰে। তেওঁ এছ টি এফ আৰু গৃহৰক্ষী বাহিনীৰ নতুন লগোও মুকলি কৰে। ৰাজ্যত ড্ৰাগছৰ অবাধ বেহাক কঠোৰভাৱে দমন কৰাৰ বাবে আৰক্ষী বিষয়াসকলক অধিক তৎপৰ হ'বলৈ নিৰ্দেশ দিয়ে তেওঁ । ইয়াৰ উপৰি ৰাজ্যখনত চলি থকা বার্মিজ চুপাৰিৰ অবৈধ ৰপ্তানীৰ ওপৰত আৰক্ষী সকলক চকু ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে এইক্ষেত্ৰত ৰে'ল আৰক্ষীকো সষ্টম হ'বলৈ কয়। অহা ছেপ্টেম্বৰ মাহৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে তীব্র অভিযান চলিব বুলিও তেওঁ সকীয়নি দিয়ে। আজিৰ এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে দুটা কৈ এপছ্ মুকলি কৰে। পুলিচ ভেৰিপিকেশ্যন এপছ্ আৰু এম পাছপোৰ্ট এপছ্ মুকলি কৰা হয়। অহা এক অক্টোবৰৰ পৰা সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীত গোচৰ বোৰ অনলাইন জি ডি হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয়— এতিয়াৰে পৰা আদালতত অভিযুক্তৰ বিৰুদ্ধে প্ৰস্তুত কৰা অভিযোগনামা দুই তিনি মাহৰ ভিতৰত দাখিল কৰিব লাগিব। থানাত অভিযোগ দিব অহা লোক সকলৰ সৈতে আৰক্ষী বিষয়া সকলে ভালদৰে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগিব থানা আৰু আৰক্ষী চকীৰ আৰক্ষী পৰিদৰ্শকসকলে। অভিযোগকাৰীৰ বিৰুদ্ধে কোনো বেয়া শব্দ অথবা কোনো ধৰণৰ দুর্বব্যবহাৰত লিপ্ত হব নোৱাৰিব আৰক্ষীয়ে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ মূলক ঘটনা যোৱা দুবছৰত বহু পৰিমাণে হ্ৰাস পোৱাৰ বাবে আৰক্ষী বিষয়াসকলক ধন্যবাদ দিয়ে তেওঁ। মুখ্যমন্ত্রী ডঃ শৰ্মাই লগতে কয়— ৰোহিংগীয়াই ত্ৰিপুৰাৰ দালালৰ জৰিয়তে কৰিডৰ বনাইছে অসমক। ৰোহিংগীয়াই ৰে'ল যোগাযোগক সহজ পথ হিচাপে ব্যৱহাৰ কৰিছে। যাৰ বাবে ৰে'ল আৰক্ষীও সষ্টম হ'ব লাগিব। অবৈধ সুৰা, বার্মিজ চুপাৰী, ইউৰীয়া সাৰ সৰবৰাহ ৰোধৰ বাবে সীমান্ত জিলাৰ অধীক্ষকসকল সষ্টম হ'ব লাগিব । কাৰ্বি আংলং আৰু বিটিআৰ অঞ্চলৰ আৰক্ষী অধীক্ষক সকলক অতিৰিক্ত দায়িত্ব প্ৰদানৰ জৰিয়তে বিপথে পৰিচালিত হোৱা যুৱক সকলৰ প্ৰতি নজৰ ৰাখি এওলোকক সঠিক পথত লৈ আহিব লাগিব। ডিব্ৰুগড়, শিলচৰ আৰু বঙাইগাঁও এই তিনি ঠাইত ফৰেনছিক লেবৰেটৰী স্থাপন কৰা হ'ব। হোমগার্ড, ভিডিপি সকলক উৎসাহিত কৰিবলৈ আৰক্ষী অধীক্ষক লাগিব। আৰক্ষীৰ পোছাকত কোনো আৰক্ষী অথবা আৰক্ষী বিষয়াই ৰাজহুৱা সভা, ৰাজহুৱা অনুষ্ঠান অথবা বিহু মঞ্চত গীত নৃত্য পৰিৱেশন কৰাৰ পৰা আঁতৰি থাকিব লাগিব। এনে কাৰ্যৰ দ্বাৰা আৰক্ষীৰ মৰ্যাদা হানি হয় । আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি সাপেক্ষে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব কোনো আৰক্ষী তথা আৰক্ষী বিষয়াই। জিলা আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত বিষয়াই স্পর্শকাতৰ বিষয়ৰ ওপৰত সংবাদ মাধ্যমক বাইট দিব নোৱাৰিব। ডি জি পি ৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত কোনো আৰক্ষী বিষয়াই বাইট দিব নোৱাৰিব। বহিঃৰাজ্যত উদ্ধাৰ হোৱা নাবালিকা, মহিলা আদিক উদ্ধাৰ কৰিব যোৱাৰ সময়ত ভাড়াৰ বাবদ আৰক্ষীয়ে এতিয়াৰে পৰা সংশ্লিষ্ট পৰিয়ালক টকা বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব। ইয়াৰ উপৰিও আৰু কেবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে একাধিক পৰামৰ্শ আৰু নিৰ্দেশ প্ৰদান কৰে। এই সন্মিলনত ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, গৃহ বিভাগৰ প্ৰধান সচিব নীজ বার্মা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা সহ অসম আৰক্ষীৰ একাধিক উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে। সন্মিলনত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে। কাইলে সমাপ্ত হ'ব এই সন্মিলনৰ। উল্লেখ্য, আৰক্ষীৰ বাবে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ এই পাঠশালাত মুখ্যমন্ত্রী ড° শৰ্মাই প্রায় ১.৩৬ ঘণ্টা ধৰি উপস্থিত আৰক্ষী বিষয়াসকলক উদ্দেশ্যি নিৰন্তৰ নীতি- নির্দেশনা দিয়ে।

No comments