Breaking News

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া কʼচিং: বিদ্যালয়খনৰ সফলতাক অভিনন্দন


অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সদ্য ঘোষিত কম্পাৰটমেন্টেল পৰীক্ষাৰ ফলাফলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৭ জন উত্তীৰ্ণ হৈ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৩ ৰ‌ হাইস্কুল শিক্ষান্ত পৰীক্ষাতৰফলাফল ৯৭% হোৱাত গোলাঘাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় তৰফৰ পৰা কালি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ,শিক্ষক কৰ্মচাৰী বৃন্দক।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ গোলাঘাট জিলাৰ সম্বনয়ক ৰুণা শইকীয়াই কালি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্হিত হৈ শিক্ষক গোটৰ লগত আলোচনা কৰাৰ লগতে বিদ্যালয়খনত চলি থকা ৰিমেডিয়েল ক্লাছ আৰু কেৰিয়াৰ কʼচিংৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সম্বনয়ক শইকীয়াই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  "pioneers career coaching cell" ৰ উদ্যোগত চলি থকা কেৰিয়াৰ কচিং পৰিদৰ্শন কৰি  সমন্বয়ক ৰুণা শইকীয়াই যথেষ্ঠ সন্তোষ প্ৰকাশ কৰি কয় যে বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াৰ কৰ্মোদম আৰু সামাজিক দায়িত্ববোধ আৰু শিক্ষক -শিক্ষয়ত্ৰীসকলৰ কৰ্তব্যবোধ আৰু সামাজিক আত্মিয়তাবোধ প্ৰসংশনীয়। তেখেতে কয় যে কেৰিয়াৰ কচিং আৰু কাউন্সেলিং যোগেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্হানীয় শিক্ষিত নিবনুৱা সকলৰ উত্তৰণ আৰু স্বনিয়োজন, আত্মনিৰ্ভৰশীল আৰু চাকৰি লাভৰ ক্ষেত্ৰত লাভৱান হ'ব। নিবনুৱা সকলৰ ফালৰ পৰা সপ্তাহত এদিনৰ পৰিবৰ্তে যিমান পাৰি সঘনাই কচিং ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাটো এক আশাব্যঞ্জক সহাঁৰি বুলি অধ্যক্ষ মহেন শইকীয়াই মত প্ৰকাশ কৰে। গৰমৰ বন্ধৰ সময়তো ছাত্ৰ-ছাত্ৰী সকলক লাভৱান কৰিবলৈ অধ্যক্ষ মহেন শইকীয়াই ব্যৱস্থা কৰা নিদান মূলক শিক্ষা,নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পাঠদানৰ ব্যৱস্থা কৰা, সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিটো অসুবিধাৰ বুজ লোৱা কাৰ্য অতুলনীয় বুলি ৰুণা শইকীয়াই মত পোষণ কৰে। 

No comments