Breaking News

ৰাজ্যত নাথাকিব আৰক্ষী চকী বা আৰক্ষী পহৰা‌ চকী

 


শনিবাৰে বঙাইগাঁও অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা- "এতিয়াৰে পৰা ৰাজ্যত আৰক্ষী চকী বা আৰক্ষীৰ পহৰা চকী নাথাকিব। ইয়াৰ পৰিৱৰ্তে সকলো আৰক্ষী চকী থানালৈ ৰূপান্তৰিত হ'ব। বৰ্তমান ৰাজ্যত ৪০০ খন থানা আছে। নতুনকৈ ২৫০ খন থানা স্থাপন হ'ব। ফলত ৰাজ্যত আৰক্ষী থানাৰ সংখ্যা ৬৫০ খনলৈ বৃদ্ধি পাব"'।সংবাদ মেলত মুখ্যমন্ত্রী  শৰ্মাই এনেদৰে মন্তব্য কৰি কয় যে বিগত সময় ছোৱাত ৰাজ্যখনত দোষী সাব্যস্তৰ হাৰ অতি নিম্নগামী আছিল। কিন্তু শেহতীয়া ভাবে ৰাজ্য খনত এই শতাংশৰ হাৰ উর্ধমুখী হৈছে। তেওঁ তথ্য দাঙি ধৰি জনায় যে বিগত সময়ত এই দোষী সাব্যস্তৰ হাৰ আছিল ৫.৬ শতাংশ কিন্তু শেহতীয়া ভাবে এই হাৰ ১৪ শতাংশলৈ বৃদ্ধি পোৱা পাইছে । লগতে জনোৱা মতে এই বছৰ ২০ শতাংশ আৰু অহা বছৰ ২০২৫ ৰ ভিতৰত এই শতাংশ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে যত্ন লোৱা হৈছে। প্ৰতিটো গোচৰৰ বিৰুদ্ধে সময় মতে চার্জশ্বীট দাখিল নকৰা, বাস্তৱ ভিত্তিক তদন্তৰ অভাৱ, গোচৰ অনুসৰি আৰক্ষীৰ সংখ্যা কম এই বিভিন্ন কাৰণত দোষী সাব্যস্ত হাৰ অতি অতি নিম্নমানৰ আছিল যদিও বৰ্তমান বহু প্ৰচেষ্টা হাতত লোৱা হৈছে যাৰ বাবে এতিয়াৰে পৰা অতি কম সময়ৰ ভিতৰত দোষীক দোষী সাব্যস্ত কৰা সংখ্যা উর্ধগামী হ'ব। ইপিনে ৰাজ্য খনত অপৰাধৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি জনায় মুখ্যমন্ত্রী গৰাকীয়ে। বিশেষকৈ নাৰীৰ প্ৰতি আৰু শিশুৰ প্ৰতি কৰা অপৰাধ ৰাজ্য খনত শেহতীয়া ভাবে যথেষ্ট সংখ্যক হ্রাস পোৱা বুলি তেওঁ দাবী কৰে। অসমত গোচৰৰ সংখ্যাও হ্ৰাস পোৱা বুলি জনোৱা হয় । মুখমন্ত্ৰী গৰাকীয়ে জনোৱা মতে অহা চেপ্টেম্বৰ মাহৰ ভিতৰত আৰক্ষীৰ পদন্নোতিৰ ব্যবস্থা গ্ৰহণ কৰা হৈছে। আৰু এই পদন্নোতিৰ ফলত খালি হোৱা পদৰ বিপৰীতে অহা চেপ্টেম্বৰ মাহতে নিযুক্তি প্রক্রিয়া সম্পন্ন হ'ব বুলি জনোৱা হয়। তেওঁ জনোৱা মতে ইমান দিনে গৃহৰক্ষী বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত আৰক্ষী সঞ্চালক প্ৰধানৰ তত্ত্বাৱধানতা নাছিল। কিন্তু এতিয়াৰে পৰা এই নিযুক্তি আৰক্ষী সঞ্চালক প্ৰধানৰ তত্ত্বাৱধানত কৰা হব। পৃথক পৃথক ব্যবস্থাত ভাগ হৈ থকা অসম আৰক্ষীক এক সংহত ব্যবস্থাত গঢ় দিয়াৰ প্রচেষ্টা চলোৱা বুলি জানিব দিয়া হৈছে। কামৰূপ জিলাত বৰ্তমান থকা ৪খন আৰক্ষী জিলাৰ সংখ্যা ৫ খনলৈ বৃদ্ধি হ'ব।

No comments