Breaking News

যুগান্তকাৰী ইতিহাস সৃষ্টিৰে জোনবাইৰ বুকুত অৱতৰণ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ

উৎকণ্ঠাৰ অৱসান ঘটনাই যুগান্তকাৰী ইতিহাস সৃষ্টিৰে জোনবাইৰ বুকুত অৱতৰণ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ



ডিজিটেল ডেস্কঃ চন্দ্ৰত ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ। ইয়াৰ লগে লগে চন্দ্ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হ’ল ভাৰত। ২০০৮ চনত ভাৰতে প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল, ২০১৯ চনত ভাৰতে দ্বিতীয়টো চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল চন্দ্ৰযান-২  তাৰপাছতে তৃতীয়টো অভিযান ২০২৩ ত আৰম্ভ কৰিছিল ভাৰতে। অতি কম টকা ব্যয়ৰে  ইছৰোই লাভ কৰা এই সফলতা ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে ই এক ডাঙৰ প্ৰাপ্তি । ই মহাকাশ শক্তি হিচাপে ভাৰতক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ ওপৰতো প্ৰভাৱ পেলাব। এইবাৰ চন্দ্ৰযান ৩য়ে নতুন নতুন তথ্য দিব ভাৰতক।

No comments