Breaking News

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই



ডিজিটেল ডেস্কঃ পুনৰ বিশ্ব দৰবাৰত ভাৰতীয় খেলুৱৈৰ চমক। নীৰজ চোপ্ৰাই চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাবে পৰিগণিত হৈছে। নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰাৰ খবৰ লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেশবাসী। বুডাপেষ্টত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই।  প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় কিংবদন্তী খেলুৱৈ গৰাকী ১২ নম্বৰত আছিল। কিন্তু চোপ্ৰাই ৮৮.১৭ মিটাৰ থ্ৰ'ৰে দ্বিতীয় ৰাউণ্ডত শীর্ষস্থান দখল কৰিবলৈ সক্ষম হয় । 



উল্লেখ্য ২০২২ চনতো বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল চোপ্ৰাই। ১৯ বছৰীয়া স্থৱিৰতাৰ অৱসান ঘটাই নিৰোজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল৷

No comments