Breaking News

বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ত গৱেষণা সন্দৰ্ভত বুজাবুজি চুক্তি, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী সন্মিলনৰ গৱেষকলৈ মাহেকীয়া জলপানী

 


ডিজিটেল সংবাদ, গোলাঘাটঃ  বৃহস্পতিবাৰে গোলাঘাটৰ পুলিবৰ বগৰীজেংস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী সন্মিলনৰ এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (memorandum of understanding বা MOU) উপাচাৰ্যৰ কাৰ্যালয়ত সম্পাদিত হয় ।  এই চুক্তি অনুযায়ী বিশ্ববিদ্যালয়খনৰ তিনিজন গৱেষক শিক্ষাৰ্থীলৈ প্ৰতিমাহে মেধাৰ ভিত্তিত দুবছৰৰ বাবে ৫০০০ টকাকৈ জলপানী আগবঢ়োৱা হ'ব। আনহাতে, অনাগত সময়ত এই সংখ্যা ক্ৰমাৎ বৃদ্ধি কৰা হ'ব বুলিও জানিবলৈ দিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত হোৱা দীঘলীয়া আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হয় যে দুজন গৱেষকক মাৰোৱাড়ী সংস্কৃতি আৰু পৰম্পৰাৰ দিশত গৱেষণা কৰিবলৈ জলপানী দিয়া হ'ব আৰু আন এজনক যিকোনো বিষয়তে গৱেষণাৰ বাবে জলপানী দিয়া হ'ব। এই জলপানী প্ৰদান প্ৰক্ৰিয়াত কোনোধৰণৰ সংৰক্ষণৰ নীতি নাথাকিব। সম্পূৰ্ণ ইউ জি চি নিয়মাৱলী তথা মেধাৰ ভিত্তিত এই জলপানী প্ৰদান কৰা হ'ব। আনহাতে কোনো গৱেষকে আধাতে গৱেষণা এৰিলে জলপানী বন্ধ কৰাৰ লগতে ওভতাই দিব লাগিব। আনহাতে কোনো অপৰাধজনিত ঘটনাত অভিযুক্ত হ'লে বা কোনো সাংবিধানিক নিয়ম ভংগ কৰিলেও জলপানী বন্ধ কৰা হ'ব।উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উদয় কুমাৰ খনিকৰ  আৰু পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ সভাপতি শ্ৰী কৈলাশ কাবৰাই চুক্তিপত্ৰত স্বাক্ষৰ প্ৰদান কৰে। সভাখনত বক্তৃতা আগবঢ়ায়  পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ ব্যৱস্থাপনা সম্পাদক ড° বাবুলাল ম'ৰেই তেওঁৰ বক্তব্যত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াক এনে পদক্ষেপৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনায়। তেওঁ কয় যে প্ৰখ্যাত ব্যৱসায়ী নৱৰংগলাল আগৰৱালাৰ আগমনৰ পৰা বৰ্তমানলৈকে সুদীৰ্ঘ সময়ত মাৰোৱাৰীসকলে সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক দিশত যি অৰিহণা যোগাই আহিছে সেই অনুপাতে গৱেষণা হোৱা নাই আৰু সেই দিশৰ পৰা এই জলপানী ব্যৱস্থাই বিশেষ তাৎপৰ্য বহন কৰিব। বিশ্ববিদ্যালয়ে সন্মিলনক এই মহান শৈক্ষিক যাত্ৰাৰ অংশীদাৰ কৰাৰ বাবে সম্পাদকগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জনায়। উল্লেখ্য যে উক্ত সভাতে বিশ্ববিদ্যালয়খনত ৰূপকোঁৱৰৰ জোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত এখন আসন প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰক সন্মিলনৰ তৰফৰ পৰা প্ৰস্তাৱ দিয়াৰ সংকল্প গ্ৰহণ কৰা হয়। আনহাতে এই পদক্ষেপৰ বাবে সঁহাৰি জনোৱাৰ বাবে সন্মিলনকো বিশ্ববিদ্যালয়খনৰ হৈ মাননীয় উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই কৃতজ্ঞতা প্ৰকাশ কৰে।

No comments