Breaking News

বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি




ডিজিটেল সংবাদ, গোলাঘাটঃ একো একোটা অঞ্চলৰ বৌদ্ধিক প্ৰগতিৰ বেৰোমিটাৰ হ’ল অঞ্চলটোত অৱস্থিত শিক্ষাপ্ৰতিষ্ঠান সমূহ৷ স্বাধীনোত্তৰ কালত অসমৰ গাঁৱেভূঞে শিক্ষা প্ৰসাৰৰ এক নীৰৱ আন্দোলন সংঘটিত হৈছিল৷ শিক্ষা বিস্তাৰৰ এই ঢৌ চলি থকাৰ কালতে ১৯৬১ চনত বর্তমানৰ গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত বনগাঁৱত কেইজনমান বিদ্যোৎসাহী ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টাত স্থাপন হৈছিল “বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়”ৰ৷ ১৯৬১ চনতে ৰোপন কৰা এই পুলিটিয়ে বর্তমান শাখা-প্ৰশাখা বিস্তাৰ কৰি ফলে-ফুলে জাতিস্কাৰ হৈছে৷  যোৱা ২৫, ২৬ আৰু ২৭ এপ্ৰিল তাৰিখে তিনি দিনীয়া কার্যসূচীৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে উলহমালহৰে ““বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়”ৰ প্ৰতিষ্ঠাৰ হীৰক জয়ন্তী বর্ষ অৰু প্ৰাক্তন ছাত্ৰছাত্ৰী সমাৰোহ উদযাপন কৰে৷ প্ৰথম দিনা বিদ্যালয়ৰ আৰু হীৰক জয়ন্তী বর্ষৰ পতাকা ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ ফুকন আৰু উদযাপন সমিতিৰ সভাপতি অতুল হাজৰিকাই উত্তোলন কৰাৰ পাচত সৰোজ চাৰিঙীয়া আৰু বিণু গগৈয়ে স্মৃতিতর্পন আৰু বিপুল বৰা, দিলীপ বৰা, সবেশ্বৰ দুৱৰা, ৰমেশ কুর্মী আৰু বাবুজান তুৰীয়ে গছপুলি ৰোপন কার্ষসূচীত অংশ লয়৷ এই অনুষ্ঠানৰ পাচত দাতা পৰিয়াল সমূহে ক্ৰমে  নৰেন বৰা-প্ৰণতি গগৈ স্মৃতি তোৰণ, জগত চন্দ্ৰ তালুকদাৰ-তৰুণী তালুকদাৰ স্মৃতিতোৰণ, কণ বৰা -চাৰ’ শইকীয়া স্মৃতি তোৰণ , চুৰেণ গগৈ স্মাৰক চিহ্ন  আৰু ধৰ্ম শইকীয়াই স্মৃতি গৃহ উন্মোচন কৰে।

শোভন চন্দ্ৰ শইকীয়াই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰাৰ পাচত ড০ জ্ঞানদীপ শইকীয়াই উদ্বোধন কৰা আৰু গোপিকাচন্দ্ৰ শইকীয়াই সঞ্চালনা কৰা শৈক্ষিক আলোচনাচক্ৰত আলোচক হিচাপে অংশ লয়   ড০ জ্যোতিৰেখা হাজৰিকাই ।সন্ধিয়া বিপুল চেতিয়াফুকনে উদ্বোধন কৰা ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক সন্ধিয়াত বন্তি প্ৰজ্বলন কৰে প্ৰদীপ শৰ্মাই।

২৬ জুন তাৰিখে দ্বিতীয় দিনাৰ কার্যসূচীত সামুহিক চাফাই আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ পাচত প্ৰমোদ দোৱনীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে৷ মধ্যাহ্নত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান সম্পন্ন হয়৷ সন্ধ্যা  ৰবীন শর্মাই বন্তি প্ৰজ্বলন কৰা আৰু  অমূল্য তামুলীয়ে ঘোষক হিচাপ পৰিচালনা কৰা সাংস্কৃতিক কাৰ্যসূচীত ১৫০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক লৈ গিৰিমল্লিকা শইকীয়াৰ সামগ্ৰিক পৰিকল্পনা, ৰচনাৰে  আৰু নিহাৰ বৰা প্ৰাৰ্থনা হাজৰিকা লুনা মজুমদাৰৰ নৃত্য পৰিচালনাত পৰিবেশিত “প্ৰকৃতিৰ সেউজ তুলিকাৰে বাৰমাহ” শীর্ষক সঙ্গীতালক্ষ্যই ৰাইজক মুগ্ধ কৰে৷



২৭ জুন তাৰিখৰ তৃতীয় দিনৰ কার্যসূচী আৰম্ভ হয় অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বিশিষ্ট ব্যক্তি সকলৰ সম্বৰ্ধনা অনুষ্ঠানেৰে৷ এই কার্যসূচীৰ পাচতে স্মৃতিগ্ৰন্থ প্ৰণয়ন সমিতিৰ সভাপতি গিৰিমল্লিকা শইকীয়াই পৰিচালনা কৰা সভাত সঙ্গীতা চাৰিঙ্গিয়া আৰু নিত্যপ্ৰকাশ বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ “হীৰকজ্যোতি” উন্মোচন কৰে ডঃ বিজুলী বৰচেতীয়াই৷ বিয়লি  হৰেণ বৰাই উদ্ধোধন কৰা মুকলি সভাত ডঃ অৰুণ বৰাৰ সভাপতিত্বত কৰে আৰু মহেশ্বৰ শইকীয়াকে মূখ্য  কৰি   অনুষ্ঠিত মুকলি সভাত মননশীল বক্তৃতা প্ৰদান কৰে৷ সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ সুবাসনা দত্তৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক সন্ধিয়া শুভাৰম্ভ কৰে হীৰকজয়ন্তী উদযাপন সমিতিৰ হুচৰি দলৰে । বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা  অনুষ্ঠানত আতঁ ধৰে সঞ্জীৱ বৰা আৰু দীপক শইকীয়াই ।তিনিদিনীয়া কার্যসূচীৰ সফলভাৱে ৰূপায়ন কৰাত আগবঢ়োৱাৰ বাবে বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কর্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ ৰাইজলৈ মূখ্য সম্পাদক বিকাশ বৰাই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে৷

No comments