Breaking News

গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা

গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা। ইন্দ্ৰপ্ৰসাদ দাসক জিলা সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা ১০ দিনৰ বাবে অব্যাহতি, জিলা সহকাৰী সম্পাদক পলাশ হাজৰিকাক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব।



ডিজিটেল সংবাদঃ সোমবাৰে গোলাঘাটত জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ কাৰ্যালয়ত জিলা সমিতিৰ এখনি কার্যনির্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত জিলা সমিতিৰ উপদেষ্টা মণ্ডলীক্রমে বিশ্বেশ্বৰ দাস, বাবুল দাস, চন্দনজ্যোতি দাস প্ৰমুখ্যে জিলা সমিতিৰ বিষয়ববীয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।



 জিলা সভাপতি প্ৰণৱ প্ৰতীম দাস আৰু ভাৰপ্ৰাপ্ত সম্পাদক পলাশ হাজৰিকাৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি অনুসূচিত জাতিৰ যি সকল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জলপানি নিয়মীয়া নোহোৱা আৰু কিছু বিসংগতি হৈছে তাৰ ওপৰত জিলা আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰৰ জৰিয়তে সমাধান দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। 



ইফালে জিলা সাধাৰণ সম্পাদক ইন্দ্ৰপ্ৰসাদ দাসৰ অব্যাহতিৰ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিলৈ যি পত্ৰ প্ৰেৰণ কৰিছিল সেই সন্দৰ্ভত বিবৃতিটোত উল্লেখ কৰা অনুসৰি ‘কেন্দ্রীয় সমিতিয়ে গোলাঘাট জিলা সাধাৰণ সম্পাদকক অব্যাহতি দি পত্ৰ প্ৰেৰণ কৰিছিল আৰু অব্যাহতি দিয়াৰ সিদ্ধান্ত জিলা সমিতিৰ কোনো বিষয়ববীয়াৰ লগত কোনো আলোচনা কৰা হোৱা নাছিল, লগতে গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰা হৈছে সেইয়া ভিত্তিহীন আখ্যা দি জিলা কার্যনির্বাহক সভাই নাকচ কৰিছে আৰু লগতে কেন্দ্ৰীয় সমিতিৰ যি বাকবিতণ্ডা আৰু খেলিমেলি হৈছে সেই খেলিমেলি সমূহ সমাধান কৰি এক হৈ কাম নকৰা পর্যন্ত গোলাঘাট জিলা অনুসূচিত জাতি ছাত্র সন্থাই স্বতন্ত্রভাৱে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। গোলাঘাট জিলাৰ সমগ্ৰ অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ কাৰণে গোলাঘাট জিলা অনুসূচিত জাতি ছাত্র সন্থাই মাত মাতি যোৱাৰ পোষকতাৰে বহু সিদ্ধান্ত গ্ৰহণ কৰা হয় ।



সভাই যোৱা ৯ মে' ২০২৪ তাৰিখে জিলা সভাপতি সহিতে জিলা বিষয়ববীয়াৰ সাংগঠনিক সিদ্ধান্তৰ ওপৰত জিলা সাধাৰণ সম্পাদক ইন্দ্ৰ প্রসাদ দাসে অমান্য কৰাৰ বাবে আজি (সোমবাৰা)ৰ পৰা ১০ দিনৰ বাবে জিলা সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি প্রদান কৰা হয়, এই সময়ছোৱাত জিলা সাধাৰণ সম্পাদক পদত সহকাৰী সাধাৰণ সম্পাদক পলাশ হাজৰিকাক ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। আৰু জিলা উপ-সভাপতি ৰাহুল দাসক সংবিধান বিৰোধী কার্যকলাপৰ লগতে অনৈতিক কার্যত লিপ্ত হোৱাৰ বাবে জিলা কার্যনির্বাহক সভাই ৩০ দিনৰ বাবে উপ-সভাপতি পদৰ পৰা অব্যাহতি দিয়া হয়। পুনৰ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া তথা সদস্য সকলক অৰাজনৈতিক ধাৰা অক্ষুণ্ণ ৰাখি ৰাইজৰ বিভিন্ন সমস্যাৰ লগত জড়িত হৈ ৰাইজৰ লগত থাকি কাম কৰি যাবলৈ প্রতিশ্রুতিবদ্ধ হয়।



No comments