Breaking News

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালৰ এক সক্ৰিয় আৰু সুদৃঢ় পদক্ষেপঃ সামুদ্ৰিক পথ নিৰ্দেশনাৰ বিল পাচ



কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালৰ এক সক্ৰিয় আৰু সুদৃঢ় পদক্ষেপঃ সামুদ্ৰিক পথ নিৰ্দেশনাৰ বিল পাচ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহৰ এখন গুৰুত্ব পূৰ্ণ বিল পাচ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 

সামুদ্ৰিক পথ নিৰ্দেশনাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বাধকতা মানি চলাকৈ আৰু আৰু সৰ্বত্ৰে চলিত অত্যাধুনিক আৰু উত্তম প্ৰযুক্তিক সাঙুৰি ল’ব পৰাকৈ লাইট হাউচ এক্ট ১৯২৭ ৰ সলনি নেভিগেছন বিল ২০২১ ক মঙ্গলবাৰে অৰ্থাৎ  ২৭ জুলাইত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে। 

এই বিলখনৰ জৰিয়তে  ব্যৱসায় সহজসাধ্য কৰাত উদ্গনি দিব বুলি আশা কৰা হৈছে। 

এই বিল খন ভাৰতৰ সামুদ্ৰিক দিশটোৰ সামগ্ৰিক উন্নয়নৰ বাবে মন্ত্ৰালয়ৰ ফালৰ পৰা এয়া এক সক্ৰিয় আৰু সুদৃঢ় পদক্ষেপ বুলি উল্লেখ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

No comments