Breaking News

যাত্রাৰ শেষত (১)


  

পৰিমিতা গোস্বামী 

 

 ” ৱাসাংসি  জীৰ্ণানি য়থা ৱিহায়

নৱানি গৃহ্ণাতি নৰোহ্পৰাণি।

তথা শৰীৰাণি ৱিহায় জীৰ্ণা-

ন্যন্যানি সংয়াতি নৱানি দেহী॥”


মৃত্যুওটো এটা শিল্প

জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ

ভাস্কৰ্য !

সদ্য পিতৃহাৰা – মাতৃহাৰা সন্তানৰ , পুত্রহাৰা – কন্যাহাৰা পিতৃ- মাতৃৰ , আজন্ম সুখ-দুখৰ সমভাগী হোৱা জীৱন লগৰী হেৰুওৱা স্বামী বা পত্নীৰ চিৰন্তন সত্যৰ বিশ্লেষণ আগবঢ়োৱা এই পংক্তিবোৰ আওৰাই মনৰ বিষাদ গুচাব পাৰিবনে ! পাৰিবনে আচ্ছন্ন  অন্ধকাৰ নাশিব ।

আত্মীয়তাৰে একাকাৰ হৈ পৰাজনৰ মুখাগ্নি কৰি , চিতাগ্নিৰ সন্মুখত কলেজীয়া জীৱনত হীৰুদাৰ কবিতাৰ প্ৰেমত পৰা ল’ৰাটোৱে আওৰাব পাৰিবনে !

“মৃত্যুওটো এটা শিল্প

জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ! ”

পাৰিবনে প্ৰিয় কবিৰ কবিতাৰ পংক্তিয়ে বিষাদে গধুৰ কৰা বুকুখনৰ ভৰ পাতলাব । আচলতে এইবোৰ বন্ধুমহলৰ আড্ডাৰ খোৰাক । আজৰি সময়ৰ মনৰ খাদ্য মাথোন ।

দপদপকৈ জ্বলি উঠা চিতাৰ জুই কুৰাৰ জুইৰ আঙনিৰ মাজত আত্মীয় জনে কি দেখা পাব ! দেখা নাপাবনে বুকুৰ আপোনজনৰ প্ৰফুল্লিত সময়ৰ প্ৰসন্নময় মুখখন। যিখন মুখে আপোনজনক বিষাদৰ গৰাহলৈ ঠেলি দিয়ে।

একেথৰে জুইকুৰালৈ চাই চাই ক’ব নোৱৰাকৈয়ে জুইকুৰাকে সাৱটি ধৰিবলৈ উদ্যত নহ’বনে ! হয়তো কাষতে থকা কোনোবা জনে থাপ মাৰি আঁতৰাই আনিব । ক’ব তুমি এনেকুৱা কৰিলে কেনেকৈ হ’ব । ধৰ্য ধৰিব লাগিব । পৃথিৱীত কেৱল তোমাৰ জীৱনতে এনেকুৱা ঘটনা ঘটিছেনে ? দুখ বেজাৰ কাৰ নাই । দুখ মানুহৰ চিৰ লগৰী । সংঘাত নহ’লে জীৱন বৃথা বুজিছা । পুৰিলেহে সোণ জিলিকে । এনেকৈ সহস্ৰজনে আপোন জনক হেৰুৱাই বিহ্বলহৈ পৰে । পুনৰ দুখ বেজাৰবোৰ হেঁচুকি থৈ মনৰ ঘৰটো ন’কৈ সজাই-পৰাই গতানুগতিক ভাৱে জীৱনটোক আগবঢ়াই নিয়ে ।

আনে যিমানেই নুবুজাওক , যিমানেই প্ৰবোধ নিদিয়ক ; সেই মুহূৰ্তত কোনেও কাৰো দুখ পাতলাব নোৱাৰে । বিষাদগ্ৰস্ত হৃদয়খনৰ জ্বলন্ত জুইকুৰা নিৰ্বাপিত কৰিব নোৱাৰে । হয়তো আনে প্ৰবোধ দিয়া বচনবোৰ ভুক্তভোগীজনে বেছি ভালকৈহে জানে তথাপি সেই জলন্ত জুইকুৰাৰ সন্মুখত প্ৰবোধ বচনসমূহ, কালজয়ী বাণীসমূহ নিৰৰ্থক , পানী মেটেকাৰ দৰে । সময় গতিশীল । বাগৰা সময়েহে মনৰ আন্ধাৰ আঁতৰাব পাৰে । মনে – মগজুৰে , হৃদয়ৰে একাকাৰ হৈ পৰা জনেহে বুজিব আত্মীয়জনক হেৰুওৱা বিষাদৰ জুইকুৰাৰ ৰং কিমান ৰক্তাভ ।

                                                                      ( আগলৈ )

No comments