Breaking News

নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ যুটীয়া বৈঠক


 

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা পাতৰ উচিত মূল্য নোপোৱাক কেন্দ্ৰ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ উদ্যোগপতি সকলৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে।  এনে প্ৰেক্ষাপটত মঙলবাৰে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটা আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ গোলাঘাট জিলা সমিতিৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত  হয় য'ত শেহতীয়াকৈ ভাৰতীয় চাহ ব'ৰ্ডে কেঁচা পাতৰ গুণাগুণ আৰু ন্যূনতম মূল্য সম্পৰ্কীয় গাইডলাইন বাস্তৱ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু লগতে গ্ৰহণযোগ্য নহয় বুলি বৈঠকত দুয়োটা পক্ষই মত পোষণ কৰে।  কেঁচা পাতৰ গুণাগুণ ৰাজ্যৰ চাহ উদ্যোগৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়। এই কেঁচা পাতৰ গুণাগুণৰ ওপৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ বজাৰ চলি আছে। ভাৰতীয় চাহ ব'ৰ্ডে জাৰি কৰা গাইডলাইনত ফাইন লিফ অৰ্থাৎ কেঁচা পাতৰ গুণাগুণ ৬৫ শতাংশ গণনা কৰাৰ নিৰ্দেশ দিয়া হৈছে যিটো বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰা সম্ভৱ নহয়। 

সেয়েহে নেটা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই যুটীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰে যে টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বেল'মেট্ৰিক পদ্ধতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰি দিয়া নীতি অনুসৰি অহা ১ আগষ্টলৈকে ৪০ শতাংশ ফাইন লিফ অৰ্থাৎ কেঁচা পাতৰ গুণাগুণ মানি চলা হ'ব আৰু ৪০ শতাংশতকৈ কম মানৰ কেঁচা পাত গ্ৰহণ কৰা নহ'ব আৰু প্ৰতি কিলোগ্ৰাম কেঁচা পাতৰ মূল্য ২০ টকা ধাৰ্য্য কৰা হ'ব।  আনহাতে অহা ২ আগষ্টৰ পৰা এই বেল'মেট্ৰিক পদ্ধতি অনুসৰি ৫০ শতাংশ ফাইন লিফ গণনা কৰি প্ৰতি কিলোগ্ৰামৰ মূল্য ২৩ টকা কৰা হ'ব।  যদি এই ৫০ শতাংশ ফাইন লিফ অৰ্থাৎ কেঁচা পাতৰ গুণাগুণ আহৰণ কৰিব পৰা যায় তেন্তে চাহৰ বজাৰত চাহিদা বৃদ্ধি পাব।  মঙ্গলবাৰৰ যুটীয়া বৈঠকত ৰাজ্যৰ চাহ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত সকলো পক্ষকে একতাৰে লগ হৈ কাম কৰিবলৈ আহ্বান জনায় নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ অধ্যক্ষ সুনীল জালান আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক অচ্যুত বৰুৱা আৰু বিত্ত সম্পাদক ৰাজীৱ গোঁহায়ে।

No comments