Breaking News

কামৰূপ জিলাত ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন



স্বাধীনতা দিৱসে একতা আৰু ত্যাগৰ মহত্বৰ কথা সোঁৱৰাই দিয়ে আৰু এই দিৱস উদযাপনে দেশৰ হকে আন্তৰিকতা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই প্ৰগতিৰ বাবে কাম কৰিবলৈ আমাৰ দায়িত্বৰ প্ৰতি সজাগ কৰে’’–কৈলাশ কাৰ্তিক এন   


কামৰূপ, আমিনগাঁও ১৫আগষ্টঃ ‘‘স্বাধীনতা দিৱসে একতা আৰু ত্যাগৰ মহত্বৰ কথা সোঁৱৰাই দিয়ে আৰু এই দিৱস উদযাপনে দেশৰ হকে আন্তৰিকতা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই প্ৰগতিৰ বাবে কাম কৰিবলৈ আমাৰ দায়িত্বৰ প্ৰতি সজাগ কৰে৷’’–আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্ৰত আয়োজিত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইদৰে কয়৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে স্বাধীন দেশ ভাৰতবৰ্ষৰ পৰিচালনাৰ বাবে আমাৰ সংবিধান প্ৰণেতাসকলে প্ৰতিষ্ঠা কৰা মহান আদৰ্শসমূহে আমাৰ দৃষ্টিত ইন্ধন যোগাইছে, আমাৰ চিন্তা-চেতনা পৰিচালিত কৰিছে আৰু কাৰ্যলৈ ৰূপান্তৰ কৰিছে৷ ভাষণ প্ৰসঙ্গত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এই আন্দোলনত অসমৰ ভূমিকা  সম্পৰ্কে ব্যাখ্যা কৰি শ্ৰীকাৰ্তিকে কয় যে বহুজনৰ চৰম ত্যাগ আৰু অশেষ কষ্টৰ ফলত আমি আজি স্বাধীন দেশৰ নাগৰিক ৰূপে গৌৰৱ কৰিবলৈ পাইছো৷ 

চৰকাৰ, প্ৰশাসন আৰু নগাৰিক তথা বিভিন্ন সংস্থা, সংবাদ মাধ্যম আদি সকলোৰে সমূহীয়া প্ৰচেষ্টাত কামৰূপ জিলাখনক সকলো দিশতে এখন আদৰ্শ জিলা হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলিও তেওঁ আজিৰ অনুষ্ঠানত আশা প্ৰকাশ কৰে আৰু সকলোৰে পৰা এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা কামনা কৰে৷ কামৰূপ জিলাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে সুঁৱৰি এই গৌৰৱৰ ধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত সকলোকে পুনৰ এবাৰ অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনাই কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতাৰে তেওঁৰ ভাষণৰ সমৰণি মাৰে৷ 

অনুষ্ঠানৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰা হয়৷ স্বাধীনতা দিৱসৰ আজিৰ অনুষ্ঠানত ৬টা দলে কুছকাৱাজত অংশ গ্ৰহণ কৰে৷ পেৰেড কামাণ্ডাৰ ইন্সপেক্টৰ এ বি নজৰুল ইছলাম হাজৰিকাই পৰিচালনা কৰা এই কুছকাৱাজত আই টি বি পি দলে শ্ৰেষ্ঠতাৰ সন্মান লাভ কৰে৷ আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰতৰ সামাজিক ন্যায় আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা মৰ্মে নিচা মুক্ত ভাৰতৰ বাবে শপত গ্ৰহণ কৰা হয়৷ 

এই কাৰ্যসূচীত উপস্থিত থকা জিলাখনৰ মুক্তি যুজাৰু ভাৰত চন্দ্ৰ বৈশ্যক সম্বদ্ধৰ্না জনোৱা হয়৷ আনহাতে দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলাভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰাৰ লগতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, সামূহিক স্বাস্থ্য বিষয়া, আশাকৰ্মী, অংগনবাড়ী কৰ্মী, জীৱিকা সখি, বেংক সখি, পশু সখি, কৃষি সখি, আত্মসহায়ক গোটৰ উপৰি আয়ুষ্মান ভাৰতৰ অধীনৰ প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে জি এন আৰ চি ইনষ্টিটিউট অৱ মেডিকেল চাইন্স আৰু তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ক শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান হয়৷ আনহাতে চলিত বৰ্ষত ৰাজ্যিক ভিত্তি গুৱাহাটীত আয়োজিত কিক বক্সিং প্ৰতিযোগিতাত ৩৭ কেজি আৰু ২২ কেজি শাখাত সোণৰ পদক অৰ্জনেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা বাগটা বি এছ হাইস্কুলৰ ছাত্ৰী নিশিতা দাস আৰু ৰিম্পী দাসকো সম্বদ্ধৰ্না জনোৱা হয়৷ 

আজিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত জিলা ন্যায়াধীশ, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ কিছুসংখ্যক জনসাধাৰণ উপস্থিত থাকে৷  

আনহাতে সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে৷ 

No comments