Breaking News

আশীৰ্বাদ যাত্ৰাৰ প্ৰস্তুতি সম্পৰ্কীয় সভা সম্পন্ন



গুৱাহাটী: ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাযাৰ্লয়ত আজি আগন্তুক আশীৰ্বাদবা যাত্ৰাৰ প্ৰস্তুতিৰ সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হৈ যায়৷  এই সন্দৰ্ভত প্ৰেছ বিবৃতিৰ জৰিয়তে দলৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে বৈঠকত অহা ২১, ২২ আৰু ২৩ আগষ্টত ৰাজ্যৰ ১৮ টা স্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনটে মন্ত্ৰী সবাৰ্নন্দ সোণোৱাল ডাঙৰীয়াক আদৰণি জনাই অনুষ্ঠিত হ’বলগীয়া আশীৰ্বাদ যাত্ৰা,  ক’ভিড প্ৰ’ট’কল পালন কৰি কেনেদৰে আয়োজিত কৰিব পাৰি সেই সম্পৰ্কে আলোচ্য কৰা হয়৷ উক্ত কাৰ্যসূচী গুৱাহাটী, মৰিগাওঁ, কলিয়াবৰ, নগাওঁ, যোৰহাট আৰু শিৱসাগৰ সাংগঠনিক জিলাৰ ১৮ টা স্থানত সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল পালন কৰি ৰূপায়ণ কৰা হ’ব, এই সমগ্ৰ যাত্ৰাত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সবাৰ্নন্দ সোণোৱাল ডাঙৰীয়াই ৩০০ কিলোমিটাৰো অধিক অতিক্ৰম কৰিব৷ এইক্ষেত্ৰত সোণোৱালদেৱক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মন্ত্ৰী, সাংসদ, বিধায়কৰ তথা ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে সংগ প্ৰদান কৰিব বুলি ৰূপম গোস্বামীয়ে প্ৰকাশ কৰিছে ৷ আজিৰ বৈঠকত উপ সভাপতি পুলক গোহাঁই, স্বপ্ননীল বৰুৱা, জয়ন্ত দাস, সম্পাদকদ্বয় দ্বিপ্লুৰঞ্জন শৰ্মা আৰু বেণুধৰ নাথ, সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ লগতে আশীৰ্বাদ যাত্ৰাৰ লগত জড়িত সকলো কাৰ্যকৰ্তা উপস্থিত আছিল। 

No comments