Breaking News

শাস্ত্রীয় সঙ্গীতত বিশাৰদ ডিগ্রী লাভ অখিলেশ কাশ্যপ বৰঠাকুৰৰ



গোলাঘাটৰ অখিলেশ কাশ্যপ বৰঠাকুৰে ভাতখাণ্ডে সঙ্গীত বিদ্যাপীঠৰ অন্তর্গত মুনিন বৰুৱা মেমৰিয়েল মিউজিক কলেজৰ পৰা কলেজখনৰ ভিচৰত শাস্ত্রীয় সঙ্গীতত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে প্রথম বিভাগত বিশাৰদ ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে ৷ অখিলেশে গুৱাহাটীৰ নিবাসী বিখ্যাত শাস্ত্রীয় সঙ্গীতজ্ঞ পণ্ডিত প্রদ্যুৎ মিশ্ৰৰ তত্বাবধানত শাস্ত্রীয় সঙ্গীতৰ শিক্ষা গ্রহণ কৰি আছে।  

অখিলেশ কাশ্যপ বৰঠাকুৰে ফাইন আর্ট বিষয়তো এই বছৰতে ডিষ্টিংচনসহ প্রথম শ্ৰেণী পাই বিশাৰদ ডিগ্রী লাভ কৰিছে ৷ গোলাঘাটৰ বিশিষ্ট চিত্র শিল্পী বেণু শইকীয়াৰ ওচৰত ফাইন আৰ্টৰ শিক্ষা গ্রহণ কৰি আছে।



অখিলেশ গোলাঘাট নতুন আমোলাপট্টি সেউজপুৰ নিবাসী, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্রবক্তা ড০ প্রদীপ বৰঠাকুৰ আৰ গ্রীন ল'ন স্কুলৰ প্রধান শিক্ষয়িত্রী ইমামণি বৰঠাকুৰৰ পুত্র ৷

No comments